--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব  হিমাচল প্ৰদেশত৷ সম্প্ৰতি ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা নেতাগৰাকীয়ে শীঘ্ৰেই হিমাচলত প্ৰচাৰ অভিযানত নামি পৰিব৷ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মঙলবাৰে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব। 

গান্ধীয়ে পাহাৰীয়া ৰাজ্যখনত প্ৰচাৰ চলাবলৈ এদিনৰ বাবে কংগ্ৰেছৰ ভাৰত জোড়ো  যাত্ৰাৰ কাৰ্যসূচী এৰিব বুলি জানিব পৰা গৈছে৷ ৰাহুল গান্ধী শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈছে যে তেওঁ গুজৰাটতো দলটোৰ হৈ প্ৰচাৰ চলোৱা নাই, য’ত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

কালি তেলেংগানাত থকা আৰু কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত যোড়ো যাত্ৰাই আজি মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিব আৰু ৬১সংখ্যক দিনটোত নিশা ৯ বজাৰ ভিতৰত নান্দেদ জিলাত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পাহাৰীয়া ৰাজ্যখনত বিজেপিৰ হৈ প্ৰচাৰ চলাইছে। ৰাজ্যিক নিৰ্বাচন আৰু উপ-নিৰ্বাচনত সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰদৰ্শনৰ কথা বিবেচনা কৰি গান্ধীৰ দলে এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

অৱশ্যে বিজেপি আৰু কংগ্ৰেছ দুয়োটাই ইজনে সিজনক হিমাচলত অন্তৰ্দ্বন্দ্ব লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে হিমাচলত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। দলটোৰ ৰাজ্যিক পৰ্যবেক্ষক ভূপেশ বাঘেলে কৈছিল যে তেওঁলোকে সামূহিক নেতৃত্বৰ অধীনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি হিমাচলত এক ৰেলীত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে এইটো এনে এক দল যি অন্তৰ্দ্বন্দ্ব আৰু দলীয়কৰণত আবদ্ধ হৈ আছে আৰু পাহাৰীয়া ৰাজ্যখনত কেতিয়াও স্থিৰতা আৰু উন্নয়ন প্ৰদান কৰিব নোৱাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু