--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ বেদনা পাহৰি পুনৰ সংগঠিত হ’বলৈ আৰম্ভ কৰিছে কংগ্ৰেছ তথা ইণ্ডিয়া মৰ্চা। কংগ্ৰেছে নিজাববীয়াকৈ আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা৷

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সহযোগী দলসমূহক এৰি দিয়া নাছিল আসন। ইয়াকে লৈ ইণ্ডিয়া মৰ্চাত সৃষ্টি হৈছিল তীব্ৰ মতানৈক্য তথা বাদানুবাদ৷ ’২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ বৃহত্তৰ স্বাৰ্থত এনে মতানৈক্যকো একাষৰীয়া কৰিছে এতিয়া ইণ্ডিয়াই। ইয়াৰ বাবেই সকলো মতানৈক্য পাহৰি অহা ১৯ ডিচেম্বৰত ইণ্ডিয়াৰ দলসমূহ বৈঠকত মিলিত হ’ব। 

১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মৰ্চাৰ চতুৰ্থখন বৈঠক। বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, নীতিশ কুমাৰ, মমতা বেনাৰ্জী, অখিলেশ যাদৱ প্ৰমুখ্যে প্ৰতিগৰাকী শীৰ্ষ বিৰোধী নেতাই অংশ ল’ব। অংশ ল’ব তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও। এই বৈঠকৰ মুখ্য ইচ্ছুটোৱেই হ’ব ’২৪ত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ। ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত পৃথকে পৃথকে যুঁজিছিল ইণ্ডিয়া মৰ্চাৰ দলসমূহে। তাৰ বাবেই বিজেপিৰ বাবে সহজসাধ্য হৈ পৰিছিল নিৰ্বাচনী বিজয়। 

পুনৰাই ‘২৪ৰ নিৰ্বাচনত এনে ভুল কৰিব নিবিচাৰে কংগ্ৰেছকে ধৰি প্ৰতিটো দলে। গতিকে ’২৪ত সকলো মতবিৰোধ পাহৰি ঐক্যবদ্ধ যুঁজৰ ফৰ্মূলা তৈয়াৰ কৰিব ইণ্ডিয়াই। বিশেষকৈ দেশৰ ৪০০টা লোকসভা সমষ্টিত ঐক্যবদ্ধ প্ৰাৰ্থী দিয়াৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিব ইণ্ডিয়াই। গুৰুত্বপূৰ্ণ যে মমতা বেনাৰ্জীয়ে প্ৰস্তুত কৰা এই ফৰ্মূলা ইতিমধ্যে বিজেপি অথবা NDAৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে। এই ফৰ্মূলামতে সমস্ত বিৰোধী ভোট ঐক্যবদ্ধ হ’লে দেশৰ গৰিষ্ঠসংখ্যক সমষ্টিত বিজেপি অথবা NDA প্রাৰ্থী পৰাস্ত হোৱাৰ সম্ভাৱনা থাকিব। 

১৯ ডিচেম্বৰৰ বৈঠকতে সহযোগী দলসমূহৰ সন্মুখত কংগ্ৰেছ নমনীয় হৈ পৰাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব৷ বিগ-ব্ৰাডাৰসুলভ মনোভাৱ লৈ হিন্দী বলয়ৰ ৩ ৰাজ্যৰ নিৰ্বাচনত সহযোগী দলসমূহক আসন এৰি দিয়া নাছিল কংগ্ৰেছে৷ ইয়াৰ পৰিণতিত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত পূৰ্বৰ স্থিতি ত্যাগ কৰিব দলটোৱে৷ ’২৪ৰ লোকসভা নিৰ্বাচনত সহযোগী দলসমূহক সন্মানজনকভাৱে আসন এৰি দিয়াৰ বাবে সাজু হ’ব কংগ্ৰেছ৷ 

আনহাতে হিন্দী বলয়ৰ ৩ ৰাজ্যৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত ইণ্ডিয়া মৰ্চাত গুৰুত্ব হ্ৰাস পাইছে ৰাহুল গান্ধীৰ৷ সহযোগী দলসমূহ এতিয়া সন্মত নহয় ’২৪ৰ নিৰ্বাচনত ৰাহুলৰ নেতৃত্ব মানি ল’বলৈ৷ এনে পৰিৱৰ্তিত প্ৰেক্ষাপটত পুনৰ পাদপ্ৰদীপলৈ আহিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা JDU নেতা নীতিশ কুমাৰ৷ ইণ্ডিয়া মৰ্চাৰ প্ৰাৰম্ভিক ভেটি তৈয়াৰ কৰা নীতিশ কুমাৰৰ গুৰুত্ব ১৯ ডিচেম্বৰৰ বৈঠকত যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা৷ ৰাহুলৰ পৰিৱৰ্তে নীতিশ কুমাৰক এই বৈঠকতে ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব পাৰে একাংশ দলে৷ গতিকে ১৯ ডিচেম্বৰৰ বৈঠকত বিৰোধী ৰাষ্ট্রীয় ৰাজনীতিৰ প্ৰধান নেতা হিচাপে এখোজ আগবাঢ়িব পাৰে নীতিশ কুমাৰ৷ এনেদৰে বিভিন্ন দৃষ্টিকোণেৰে ইণ্ডিয়া মৰ্চাৰ আগন্তুক বৈঠক দেশৰ ৰাষ্ট্রীয় ৰাজনীতিত যথেষ্ট লক্ষণীয় হৈ পৰিছে৷ এই বৈঠকেই নিৰ্ধাৰণ কৰিব বিৰোধী ৰাজনীতিৰ পৰিৱৰ্তিত ৰূপৰেখা৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে