--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ ডিচেম্বৰ দেওবাৰে সদ্য অনুষ্ঠিত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। যদিও প্ৰাৰম্ভিক ধাৰাসমূহে কংগ্ৰেছৰ জয়ৰ ইংগিত দিছিল, তথাপিও অৱশেষত বিজেপিয়ে ৯০খন আসনৰ ভিতৰত ৫৪খন আসন লাভ কৰে।কিন্তু এই নিৰ্বাচনী ফলাফলে কিছু নতুন দিশ উন্মোচন কৰিছে৷কাৰণ ৰাজনীতিত চলি থকা টিকটপ্ৰত্যাশীৰ পৰম্পৰাগত দিশসমূহক ছত্তীশগড়ৰ নিৰ্বাচনে সুদুত্তৰ প্ৰদান কৰিছে৷

সাজা বিধানসভাৰ আসনৰ দৌৰত মব লিঞ্চিঙত পুত্ৰক হেৰুৱাই পেলোৱা যুৱকজনৰ পিতৃ ঈশ্বৰ ছাহুৱে সাতবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰবীন্দ্ৰ চৌবেক পৰাস্ত কৰে।সাজা বিধানসভাৰ আসনত ৭ বাৰৰ বিজয়ী কংগ্ৰেছ বিধায়ক ৰবীন্দ্ৰ চৌবেক প্ৰত্যাহ্বান জনাবলৈ বিজেপিয়ে ঈশ্বৰ ছাহুক প্ৰক্ষেপ কৰে। ছাহুৰ হাতত মুঠ ৫১৯৬টা ভোটত চৌবে পৰাস্ত হয়। মব লিঞ্চিঙত পুত্ৰৰ মৃত্যুৰ পাছতে বিজেপিয়ে ঈশ্বৰ ছাহুক টিকট প্ৰদান কৰে৷ বিজেপিৰ মতে, মুছলমান গোট এটাই ছাহুৰ পুত্ৰক হত্যা কৰিছিল, আৰু কংগ্ৰেছে তেওঁলোকক বাধা দিবলৈ একোৱেই নকৰিলে।

নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ কৰি বিজেপিৰ আই টি চেলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অমিত মালৱ্যই কয় যে, "এওঁ ঈশ্বৰ ছাহু, এজন শ্ৰমিক,তেওঁ এতিয়া ছত্তীশগড়ত বিজেপিৰ বিধায়ক। আমি তেওঁৰ পক্ষ ল’লোঁ আৰু কংগ্ৰেছে হত্যাকাৰীৰ পক্ষ ল'বলৈ বাছি লৈছিল। আজি সেইজন ঈশ্বৰ ছাহুৱে ৭ বাৰৰ কংগ্ৰেছৰ বিধায়ক ৰবীন্দ্ৰ চৌবেক পৰাস্ত কৰে৷"

উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী ঈশ্বৰ ছাহুৱে কংগ্ৰেছী বিধায়ক ৰবীন্দ্ৰ চৌবেক ৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মুঠ ভোটৰ ভিতৰত ১,০৭১,৮৯ ভোট লাভ কৰে ঈশ্বৰ ছাহুৱে আৰু  ৰবীন্দ্ৰ চৌবেই ৯৬,৫৯৩ ভোট লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু