--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ ডিচেম্বৰ দেওবাৰে সদ্য অনুষ্ঠিত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। যদিও প্ৰাৰম্ভিক ধাৰাসমূহে কংগ্ৰেছৰ জয়ৰ ইংগিত দিছিল, তথাপিও অৱশেষত বিজেপিয়ে ৯০খন আসনৰ ভিতৰত ৫৪খন আসন লাভ কৰে।কিন্তু এই নিৰ্বাচনী ফলাফলে কিছু নতুন দিশ উন্মোচন কৰিছে৷কাৰণ ৰাজনীতিত চলি থকা টিকটপ্ৰত্যাশীৰ পৰম্পৰাগত দিশসমূহক ছত্তীশগড়ৰ নিৰ্বাচনে সুদুত্তৰ প্ৰদান কৰিছে৷

সাজা বিধানসভাৰ আসনৰ দৌৰত মব লিঞ্চিঙত পুত্ৰক হেৰুৱাই পেলোৱা যুৱকজনৰ পিতৃ ঈশ্বৰ ছাহুৱে সাতবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰবীন্দ্ৰ চৌবেক পৰাস্ত কৰে।সাজা বিধানসভাৰ আসনত ৭ বাৰৰ বিজয়ী কংগ্ৰেছ বিধায়ক ৰবীন্দ্ৰ চৌবেক প্ৰত্যাহ্বান জনাবলৈ বিজেপিয়ে ঈশ্বৰ ছাহুক প্ৰক্ষেপ কৰে। ছাহুৰ হাতত মুঠ ৫১৯৬টা ভোটত চৌবে পৰাস্ত হয়। মব লিঞ্চিঙত পুত্ৰৰ মৃত্যুৰ পাছতে বিজেপিয়ে ঈশ্বৰ ছাহুক টিকট প্ৰদান কৰে৷ বিজেপিৰ মতে, মুছলমান গোট এটাই ছাহুৰ পুত্ৰক হত্যা কৰিছিল, আৰু কংগ্ৰেছে তেওঁলোকক বাধা দিবলৈ একোৱেই নকৰিলে।

নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ কৰি বিজেপিৰ আই টি চেলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অমিত মালৱ্যই কয় যে, "এওঁ ঈশ্বৰ ছাহু, এজন শ্ৰমিক,তেওঁ এতিয়া ছত্তীশগড়ত বিজেপিৰ বিধায়ক। আমি তেওঁৰ পক্ষ ল’লোঁ আৰু কংগ্ৰেছে হত্যাকাৰীৰ পক্ষ ল'বলৈ বাছি লৈছিল। আজি সেইজন ঈশ্বৰ ছাহুৱে ৭ বাৰৰ কংগ্ৰেছৰ বিধায়ক ৰবীন্দ্ৰ চৌবেক পৰাস্ত কৰে৷"

উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী ঈশ্বৰ ছাহুৱে কংগ্ৰেছী বিধায়ক ৰবীন্দ্ৰ চৌবেক ৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মুঠ ভোটৰ ভিতৰত ১,০৭১,৮৯ ভোট লাভ কৰে ঈশ্বৰ ছাহুৱে আৰু  ৰবীন্দ্ৰ চৌবেই ৯৬,৫৯৩ ভোট লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক