--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰাজনীতিত এতিয়া ভাষাজ্ঞানক লৈ চলিছে ব্যাপক চৰ্চা৷ কালি উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক সমালোচনা কৰি বক্তব্য প্ৰদান কৰে৷ হিন্দী ভাষাত দিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যক আজি উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰায়ো মুখ্যমন্ত্ৰীৰ হিন্দী ভাষণৰ প্ৰত্যুত্তৰ দিলে হিন্দী ভাষাতে৷ ইপিনে, ভূপেন বৰাৰ মন্তব্যৰ পাছতে শাসকীয় দলৰ মন্ত্ৰী, বিধায়কে তুচ্চ-তাচ্ছিল্য কৰি সমালোচনা কৰিছে ভূপেন বৰাক৷ বিজেপিৰ নেতা-মন্ত্ৰীয়ে ভূপেন বৰাই হিন্দী ভাষা ক’বলৈ নাজানে বুলি কৈ তাচ্চিল্য কৰা দেখা গৈছে৷ এতিয়া প্ৰশ্ন হৈছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হিন্দী ভাষা জনা অথবা নজনাতো ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিক বিষয় হয়নে? শেহতীয়াকৈ দেখা গৈছে, অসম ৰাজ্যিক বিজেপিৰ একাংশ নেতা, মন্ত্ৰীয়ে ভূপেন বৰাৰ কবিতা, গানক লৈ ব্যস্ত হৈ পৰিছে৷ মাথোঁ ভূপেন বৰাক উপলুঙা কৰি তাচ্ছিল্য কৰাতে ব্যস্ত আছে একাংশ বিজেপি নেতা৷ দেখা গৈছে যে, শাসনাধিষ্ঠিত অসম চৰকাৰৰ ভুল নীতি আৰু জনবিৰোধী কাৰ্যৰ প্ৰতিবাদত ভূপেন বৰাই কবিতা অথবা গানৰ মাধ্যম ব্যৱহাৰ কৰিছে৷ শাসকক সমালোচনা কৰা ভূপেন বৰাৰ সেই কাৰ্যক যেন সহ্য কৰিব পৰা নাই বিজেপিয়ে৷ তাৰ বাবেই অহৰ্নিশে ভূপেন বৰাক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিবলৈ চেষ্টা চলাই গৈছে শাসকীয় দলটোৱে৷ আজি সকলো সীমা চেৰাই ন-বিজেপি বিধায়ক তথা একালৰ ভূপেন বৰাৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীয়ে ভূপেন বৰাক ‘ননচেন্স’ বুলি অভিহিত কৰিছে৷ কোনোবা এগৰাকী নেতাই এটা ভাষা জনা অথবা নজনাতো নেতাগৰাকীৰ ৰাজনৈতিক দক্ষতাৰ পৰিচায়ক নহয়৷ ভূপেন বৰাই ভঙা ভঙা হিন্দীত কথা ক’লেই অসমৰ সমাজ জীৱনত কোনো প্ৰভাৱ নপৰে৷ সেইধৰণে চাবলৈ গ’লে দেখা যায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েও সম্পূৰ্ণ শুদ্ধকৈ ইংৰাজী ভাষাত কথা ক’ব নোৱাৰে৷ কেন্দ্ৰৰ কেইবাগৰাকীও নেতাৰ ইংৰাজী, হিন্দী উভয় ভাষাত সমানে পাৰদৰ্শী নহয়৷ তাৰ অৰ্থ এয়া নহয় যে তেওঁলোক ৰাজনৈতিকভাৱেও অদক্ষ৷ অসমৰ প্ৰেক্ষাপটতো অষ্টম শ্ৰেণী, হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ নেতাই বিধানসভা শুৱনি কৰি আছে৷ তাৰ বিপৰীতে অসমৰ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ জেএনইউত অধ্যয়ন কৰিছিল৷ বিপৰীতে, এতিয়াৰ একাংশ কেবিনেট মন্ত্ৰীয়ে অসমৰে স্থানীয় মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল৷ ভাষাজ্ঞানৰ চৰ্চাৰ সময়ত তেন্তে এনে বিষয়বোৰো চৰ্চা হ’ব পাৰে৷ আনকি, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হিন্দী ভাষাৰ বক্তব্য শুনিও অসমৰ নতুন প্ৰজন্মই হাঁহিৰ খোৰাক পায়৷ কিন্তু, ৰাজ্যখনৰ মৌলিক, প্ৰাসংগিক বিষয়বোৰক এৰাই চলি, জনতাৰ দৃষ্টি অইনফালে মনোযোগী কৰি ৰাখিবলৈ শাসকীয় দলৰ নেতা, মন্ত্ৰীয়ে এইধৰণৰ তুলুঙা বিষয়ত ব্যস্ত হৈ পৰে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শেষৰ তিনিখন ৰাজ্যৰ ভিতৰতহে স্থান পাইছে অসমে৷ দিনে দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্বয়ং মুখ্যমন্ত্ৰীয়েই স্বীকাৰ কৰিছিল৷ এনে গুৰুতৰ প্ৰাসংগিক আৰু জনজীৱনক প্ৰভাৱিত কৰি ৰখা বিষয়বোৰৰ চৰ্চা নহ’বলৈকে শাসকীয় দলৰ নেতা, মন্ত্ৰীয়ে তুলুঙা বিষয়বোৰৰ অৱতাৰণা কৰে বুলি অভিযোগ উত্থাপিত হৈছে৷ সততে বিজেপি নেতাৰ মুখত সভ্যতা, সংস্কৃতিৰ কথা শুনা যায়৷ সভ্যতা, সংস্কৃতিৰ দৰ্শনক সমুখত ৰাখিয়েই ৰাজনীতি কৰা এই দলটোৰ সভ্যতা, সংস্কৃতিৰ দৰ্শনক ভূলুণ্ঠিত কৰি আহিছে দলটোৰে একাংশ নেতা-মন্ত্ৰীয়ে৷ বিৰোধী দলৰ নেতাক ‘ননচেন্স’ বুলি অভিহিত কৰা, ক’মেডী শ্ব পাতিবলৈ কৈ উপলুঙা কৰা আদি বিষয়বোৰে বিজেপিৰ দৰ্শনৰ স্ববিৰোধী স্থিতিকে উদঙাই দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ