--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনে ভাৰতত সৃষ্টি কৰা প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই৷ বিষয়টোৱে সংসদৰ বাজেট অধিৱেশনতো লাভ কৰিছে আশানুৰূপ চৰ্চা৷ আজি সংসদত হিণ্ডেনবাৰ্গ ৰিপোৰ্ট সম্পৰ্কত নিজৰ অভিমত ব্যক্ত কৰে লোকসভাৰ সাংসদ তথা আইমিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে৷ 

‘এআইএমআইএম’ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে আদানি বিতৰ্কক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ ওপৰত আক্ৰমণ চলাই কয়, যদি হিণ্ডেনবাৰ্গ ভাৰতত থাকিলহেঁতেন, তেন্তে UA(P)Aৰ সন্মুখীন হ’লহেঁতেন।

আদানি-হিণ্ডেনবাৰ্গ বিষয়টোৱে বিগত কেইদিনমানধৰি সংসদৰ বাজেট অধিৱেশনক জোকাৰি গৈছে, যাৰ ফলত ব্যাহত হৈছে সংসদৰ কাৰ্যক্ৰম৷ সংসদত অব্যাহত থকা বাদানুবাদৰ মাজতে ওৱেইছিয়ে কয়, যদি হিণ্ডেনবাৰ্গ ভাৰতত থাকিলহেঁতেন, তেন্তে আদানি গোটৰ বিষয়ে প্ৰতিবেদন জাৰি কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ'লহেঁতেন।

তেওঁ গৌতম আদানিৰ সৈতে থকা সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰি কয়, ‘এ’ বৰ্ণটো আপোনাৰ বাবে অতি আনলাকী৷ সমগ্ৰ বজাৰখন পঞ্চম স্থানলৈ নামি আহিছে।

নিউয়ৰ্কস্থিত বিনিয়োগকাৰী গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে উদ্যোগপতি গৌতম আদানিৰ নেতৃত্বৰ এক গোটক দশকজুৰি ষ্টক মেনিপুলেচন আৰু একাউণ্টিং জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবেদনটোৰ পাছত আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ খহনীয়া আৰম্ভ হৈছে৷ 

বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ওৱেইছিয়ে কয়, কংগ্ৰেছ আৰু বিজেপিয়ে ভাৰতত ‘অলিগাৰ্চ’ৰ জন্ম দিছে। যিসকল লোকে বিশাল সম্পদ লৈ দেশৰ পৰা পলাই গৈছে, সেই তালিকাতো মোগলৰ নাম অন্তৰ্ভুক্ত আছে নেকি বুলি ওৱেইছিয়ে প্ৰশ্ন কৰে৷
 
সংসদত ভাষণ দি হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয়, মোদী চৰকাৰে ত্ৰিৰংগাৰ পৰা সেউজীয়া ৰং আঁতৰাব নেকি? সেউজীয়া ৰংটোৰ সৈতে চৰকাৰৰ কিয় ইমান সমস্যা? প্ৰধানমন্ত্ৰী মোদীয়ে চীনা অনুপ্ৰৱেশৰ বিষয়ে ক’ব নেকি? বিলকিছ বানোৱে ন্যায় পাব নেকি বুলিও সংসদত তেওঁ প্ৰশ্ন কৰে৷

আছাদুদ্দিন ওৱেইছিয়ে ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত সংখ্যালঘু আঁচনিৰ বাবে পুঁজি হ্ৰাস কৰাৰ বাবেও বিজেপি চৰকাৰক সমালোচনা কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে বাজেট আৱণ্টন ৩৮ শতাংশ হ্ৰাস কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক