--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনে ভাৰতত সৃষ্টি কৰা প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই৷ বিষয়টোৱে সংসদৰ বাজেট অধিৱেশনতো লাভ কৰিছে আশানুৰূপ চৰ্চা৷ আজি সংসদত হিণ্ডেনবাৰ্গ ৰিপোৰ্ট সম্পৰ্কত নিজৰ অভিমত ব্যক্ত কৰে লোকসভাৰ সাংসদ তথা আইমিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে৷ 

‘এআইএমআইএম’ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে আদানি বিতৰ্কক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ ওপৰত আক্ৰমণ চলাই কয়, যদি হিণ্ডেনবাৰ্গ ভাৰতত থাকিলহেঁতেন, তেন্তে UA(P)Aৰ সন্মুখীন হ’লহেঁতেন।

আদানি-হিণ্ডেনবাৰ্গ বিষয়টোৱে বিগত কেইদিনমানধৰি সংসদৰ বাজেট অধিৱেশনক জোকাৰি গৈছে, যাৰ ফলত ব্যাহত হৈছে সংসদৰ কাৰ্যক্ৰম৷ সংসদত অব্যাহত থকা বাদানুবাদৰ মাজতে ওৱেইছিয়ে কয়, যদি হিণ্ডেনবাৰ্গ ভাৰতত থাকিলহেঁতেন, তেন্তে আদানি গোটৰ বিষয়ে প্ৰতিবেদন জাৰি কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ'লহেঁতেন।

তেওঁ গৌতম আদানিৰ সৈতে থকা সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰি কয়, ‘এ’ বৰ্ণটো আপোনাৰ বাবে অতি আনলাকী৷ সমগ্ৰ বজাৰখন পঞ্চম স্থানলৈ নামি আহিছে।

নিউয়ৰ্কস্থিত বিনিয়োগকাৰী গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে উদ্যোগপতি গৌতম আদানিৰ নেতৃত্বৰ এক গোটক দশকজুৰি ষ্টক মেনিপুলেচন আৰু একাউণ্টিং জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবেদনটোৰ পাছত আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ খহনীয়া আৰম্ভ হৈছে৷ 

বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ওৱেইছিয়ে কয়, কংগ্ৰেছ আৰু বিজেপিয়ে ভাৰতত ‘অলিগাৰ্চ’ৰ জন্ম দিছে। যিসকল লোকে বিশাল সম্পদ লৈ দেশৰ পৰা পলাই গৈছে, সেই তালিকাতো মোগলৰ নাম অন্তৰ্ভুক্ত আছে নেকি বুলি ওৱেইছিয়ে প্ৰশ্ন কৰে৷
 
সংসদত ভাষণ দি হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয়, মোদী চৰকাৰে ত্ৰিৰংগাৰ পৰা সেউজীয়া ৰং আঁতৰাব নেকি? সেউজীয়া ৰংটোৰ সৈতে চৰকাৰৰ কিয় ইমান সমস্যা? প্ৰধানমন্ত্ৰী মোদীয়ে চীনা অনুপ্ৰৱেশৰ বিষয়ে ক’ব নেকি? বিলকিছ বানোৱে ন্যায় পাব নেকি বুলিও সংসদত তেওঁ প্ৰশ্ন কৰে৷

আছাদুদ্দিন ওৱেইছিয়ে ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত সংখ্যালঘু আঁচনিৰ বাবে পুঁজি হ্ৰাস কৰাৰ বাবেও বিজেপি চৰকাৰক সমালোচনা কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে বাজেট আৱণ্টন ৩৮ শতাংশ হ্ৰাস কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক