--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযোৱা কেইবছৰমানৰ পৰা  ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰঅভাৱনীয়ভাবে বৃদ্ধি পোৱা দেখা গৈছে৷  ইয়াৰ মাজতে চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰিছে। মোদীৰ চৰকাৰে দেশৰ ১১ খন ৰাজ্যৰ ৮৪ টা পেট্ৰ'ল পাম্পত ইথানল-মিশ্ৰিত ইন্ধন বিক্ৰী কৰাৰ অনুমতি দিছে৷ 

চৰকাৰৰ মতে ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ আগতে দেশৰ পেট্ৰ'লত মাত্ৰ ১.৫ শতাংশ ইথানল মিহলি কৰা  হৈছিল। যোৱা বছৰত সেই স্তৰ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে পেট্ৰ'লত ১০ শতাংশ ইথানল মিহলি কৰা হৈছে। আৰু ২০৩০ চনৰ ভিতৰত চৰকাৰে পেট্ৰ'লত ২০ শতাংশ ইথানল মিহলি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ইয়াৰ আগতেই  এই লক্ষ্য পূৰণ কৰিবলৈ ১১ খন ৰাজ্যত আঁচনিখন আৰম্ভ কৰা হৈছে।   
এই পদক্ষেপে কুঁহিয়াৰ খেতিয়কসকলক লাভান্বিত কৰিব। ইয়াৰ লগতে আমদানি কৃত খাৰুৱা তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস হ'ব। ই বৈদেশিক মুদ্ৰা জমা কৰাত সহায় কৰিব। চৰকাৰী আকলন অনুসৰি, কেন্দ্ৰই ইতিমধ্যে ১০ শতাংশ ইথানলৰ সৈতে মিশ্ৰিত পেট্ৰ'ল বিক্ৰী কৰি হাজাৰ হাজাৰ কোটি ডলাৰ ৰাহি কৰিছে।   

পেট্ৰ'লিয়াম মন্ত্ৰীয়ে  আগতে কৈছিল যে ২০২৫ চনৰ ভিতৰত দেশত মাত্ৰ ২০ শতাংশ ইথানল-মিশ্ৰিত পেট্ৰ'ল বিক্ৰী কৰা হ'ব। ইয়াৰ ফলস্বৰূপে খাৰুৱা তেল আমদানিত বছৰি চাৰি বিলিয়ন ডলাৰ ৰাহি কৰা সম্ভৱ হ'ব। আৰু ই দেশত খুচুৰা পেট্ৰ'লৰ মূল্যও হ্ৰাস কৰিব। শক্তি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে পেট্ৰ'লত ১০ শতাংশ ইথানল মিহলি কৰি বৈদেশিক মুদ্ৰাৰ ৪১,৫০০ কোটি টকাৰ অধিক সঞ্চয় কৰা হৈছে। একে সময়তে সেউজগৃহ গেছ নিৰ্গমন ২.৭  নিযুত টন হ্ৰাস পাইছে।   

কৃষকসকলেও ইয়াৰ পৰা লাভান্বিত হৈছে। কৃষকসকলক ইথানলৰ বাবে ৪০,৬০০ কোটি টকা দিয়া হৈছে। কুঁহিয়াৰৰ পৰা ইথানল তৈয়াৰ কৰা হয়। সেইবোৰ চেনী কলৰ পৰা  সংগ্ৰহ কৰা হয়। ফলস্বৰূপে, ইথানলৰ চাহিদা বৃদ্ধি হোৱাৰ সৈতে কুঁহিয়াৰ / চেনীৰ মূল্য বৃদ্ধি হ'ব পাৰে । কুঁহিয়াৰৰ উপৰি ভঙা চাউল আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ পৰাও ইথানল আহৰণ কৰিব পাৰি। 

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছত ভাৰত হৈছে খাৰুৱা তেলৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ক্ৰেতা। ভাৰতে সংসাধিত খাৰুৱা তেলৰ ৮৫ শতাংশ  আমদানি কৰিব লাগিব।  ইথানলৰ মিশ্ৰিত পেট্ৰলে গাড়ীৰ ক্ষতি কৰিব নেকি? দৰাচতলে ক্ষতি  প্ৰতিহত কৰিবলৈ বৰ্তমানৰ ইঞ্জিনত সামান্য পৰিৱৰ্তন কৰিব লাগিব। ইফালে, চ'চাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰছে (ছিয়াম) কৈছে যে ১ এপ্ৰিল, ২০২৫ৰ পৰা উৎপাদিত সকলো পেট্ৰ'ল চালিত বাহনৰ ইঞ্জিনত পৰিৱৰ্তন কৰা হ’ব৷ ইঞ্জিনবোৰ ২০ শতাংশ ইথানলৰ সৈতে মিশ্ৰিত পেট্ৰ'লৰ সৈতে খাপ খুৱাই তৈয়াৰ কৰা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক