--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযোৱা কেইবছৰমানৰ পৰা  ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰঅভাৱনীয়ভাবে বৃদ্ধি পোৱা দেখা গৈছে৷  ইয়াৰ মাজতে চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰিছে। মোদীৰ চৰকাৰে দেশৰ ১১ খন ৰাজ্যৰ ৮৪ টা পেট্ৰ'ল পাম্পত ইথানল-মিশ্ৰিত ইন্ধন বিক্ৰী কৰাৰ অনুমতি দিছে৷ 

চৰকাৰৰ মতে ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ আগতে দেশৰ পেট্ৰ'লত মাত্ৰ ১.৫ শতাংশ ইথানল মিহলি কৰা  হৈছিল। যোৱা বছৰত সেই স্তৰ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে পেট্ৰ'লত ১০ শতাংশ ইথানল মিহলি কৰা হৈছে। আৰু ২০৩০ চনৰ ভিতৰত চৰকাৰে পেট্ৰ'লত ২০ শতাংশ ইথানল মিহলি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ইয়াৰ আগতেই  এই লক্ষ্য পূৰণ কৰিবলৈ ১১ খন ৰাজ্যত আঁচনিখন আৰম্ভ কৰা হৈছে।   
এই পদক্ষেপে কুঁহিয়াৰ খেতিয়কসকলক লাভান্বিত কৰিব। ইয়াৰ লগতে আমদানি কৃত খাৰুৱা তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস হ'ব। ই বৈদেশিক মুদ্ৰা জমা কৰাত সহায় কৰিব। চৰকাৰী আকলন অনুসৰি, কেন্দ্ৰই ইতিমধ্যে ১০ শতাংশ ইথানলৰ সৈতে মিশ্ৰিত পেট্ৰ'ল বিক্ৰী কৰি হাজাৰ হাজাৰ কোটি ডলাৰ ৰাহি কৰিছে।   

পেট্ৰ'লিয়াম মন্ত্ৰীয়ে  আগতে কৈছিল যে ২০২৫ চনৰ ভিতৰত দেশত মাত্ৰ ২০ শতাংশ ইথানল-মিশ্ৰিত পেট্ৰ'ল বিক্ৰী কৰা হ'ব। ইয়াৰ ফলস্বৰূপে খাৰুৱা তেল আমদানিত বছৰি চাৰি বিলিয়ন ডলাৰ ৰাহি কৰা সম্ভৱ হ'ব। আৰু ই দেশত খুচুৰা পেট্ৰ'লৰ মূল্যও হ্ৰাস কৰিব। শক্তি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে পেট্ৰ'লত ১০ শতাংশ ইথানল মিহলি কৰি বৈদেশিক মুদ্ৰাৰ ৪১,৫০০ কোটি টকাৰ অধিক সঞ্চয় কৰা হৈছে। একে সময়তে সেউজগৃহ গেছ নিৰ্গমন ২.৭  নিযুত টন হ্ৰাস পাইছে।   

কৃষকসকলেও ইয়াৰ পৰা লাভান্বিত হৈছে। কৃষকসকলক ইথানলৰ বাবে ৪০,৬০০ কোটি টকা দিয়া হৈছে। কুঁহিয়াৰৰ পৰা ইথানল তৈয়াৰ কৰা হয়। সেইবোৰ চেনী কলৰ পৰা  সংগ্ৰহ কৰা হয়। ফলস্বৰূপে, ইথানলৰ চাহিদা বৃদ্ধি হোৱাৰ সৈতে কুঁহিয়াৰ / চেনীৰ মূল্য বৃদ্ধি হ'ব পাৰে । কুঁহিয়াৰৰ উপৰি ভঙা চাউল আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ পৰাও ইথানল আহৰণ কৰিব পাৰি। 

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছত ভাৰত হৈছে খাৰুৱা তেলৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ক্ৰেতা। ভাৰতে সংসাধিত খাৰুৱা তেলৰ ৮৫ শতাংশ  আমদানি কৰিব লাগিব।  ইথানলৰ মিশ্ৰিত পেট্ৰলে গাড়ীৰ ক্ষতি কৰিব নেকি? দৰাচতলে ক্ষতি  প্ৰতিহত কৰিবলৈ বৰ্তমানৰ ইঞ্জিনত সামান্য পৰিৱৰ্তন কৰিব লাগিব। ইফালে, চ'চাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰছে (ছিয়াম) কৈছে যে ১ এপ্ৰিল, ২০২৫ৰ পৰা উৎপাদিত সকলো পেট্ৰ'ল চালিত বাহনৰ ইঞ্জিনত পৰিৱৰ্তন কৰা হ’ব৷ ইঞ্জিনবোৰ ২০ শতাংশ ইথানলৰ সৈতে মিশ্ৰিত পেট্ৰ'লৰ সৈতে খাপ খুৱাই তৈয়াৰ কৰা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ