--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় কংগ্ৰেছে হিণ্ডেনবাৰ্গৰ অভিযোগক লৈ অহা ২২ আগষ্টত সমগ্ৰ দেশতে ব্যাপক ৰাষ্ট্ৰীয় আন্দোলনৰ আহ্বান জনাইছে, ছেবিৰ মুৰব্বী মাধবী পুৰি বুচৰ পদত্যাগ আৰু আদানী বিষয়ত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী জনাইছে।

আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ প্ৰস্তুতিৰ মাজতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এআইচিচিৰ সকলো সাধাৰণ সম্পাদক, ৰাজ্যিক একক প্ৰধান আৰু ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত নিজৰ মত প্ৰকাশ কৰে, য’ত সাংগঠনিক বিষয় আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বাবে বিভিন্ন পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়।মঙলবাৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এই বৈঠকৰ অন্তত এই প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহন কৰে। এই বৈঠকত ৰাহুল গান্ধীয়েও উক্ত সিদ্ধান্তত সন্মতি জনায়।

বৈঠকৰ পিছত এক্সত দিয়া এটা পোষ্টত খাৰ্গে কয়, "ছেবি আৰু আদানীৰ মাজত থকা সম্পৰ্কৰ আচৰিত প্ৰকাশৰ বিষয়ে এক উচিত তদন্তৰ প্ৰয়োজন। শ্বেয়াৰ বজাৰত ক্ষুদ্ৰ বিনিয়োগকাৰীৰ ধন বিপদত পেলাব নোৱাৰি।"

কে চি ভেনুগোপালে এক সংবাদ মাধ্যমত জনায় যে "আমি সৰ্বসন্মতিক্ৰমে এই বিষয়ত দুটা কথাৰ দাবীত দেশজোৰা আন্দোলন কৰাৰ সিদ্ধান্ত লৈছো, প্ৰথমটো হৈছে আদানীৰ এই বৃহৎ কেলেংকাৰীৰ ওপৰত জেপিচিৰ তদন্ত য'ত প্ৰধানমন্ত্ৰী সম্পূৰ্ণৰূপে জড়িত হৈ আছে আৰু দ্বিতীয়টো য'ত বিত্তীয় বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়া গুৰুতৰভাৱে আপোচ কৰা দেখা গৈছে.."

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন