--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ব্ৰডকাষ্ট বিলৰ নতুন খচৰাক লৈ সৰৱ হৈ পৰিছে স্বতন্ত্ৰ কনটেণ্ট ক্ৰিয়েটৰসহ ডাঙৰ টেক কোম্পানীসমূহ।  প্ৰতিষ্ঠানিক সংবাদ গোষ্ঠীৰ পিছত কেন্দ্ৰৰ বিজেপি চৰকাৰে নাকী লগাব বিচাৰিছে স্বতন্ত্ৰ অনলাইল প্লেটফৰ্মবোৰ। 

প্ৰকাশিত তথ্য অনুসৰি কনটেণ্ট ক্ৰিয়েটৰ আৰু অনলাইল প্লেটফৰ্মবিলাকে নাম পঞ্জীয়ন কৰা লগতে অনুমতি লোৱা বাধ্যতামূলক কৰা হৈছে। ১৯৯৫ চনৰ টেলিভিছন নেটৱৰ্ক আইন সলনি কৰাৰ লগতে অ'টিটি প্লেটফৰ্ম, ডিজিটেল সংবাদ, আৰু ছ'চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰি সম্প্ৰচাৰ সেৱাৰ নিয়ন্ত্ৰণ কাঠামো সম্প্ৰসাৰিত কৰই সংশোধিত খচৰাৰ মূল লক্ষ্য আছিল। 

যোৱা মাহত মন্ত্ৰালয়ে নতুন খচৰা বিধেয়কখন মুষ্টিমেয় অংশীদাৰলৈ খচৰা বিধেয়কখৰ ওপৰত মতামত প্ৰদান কৰিবলৈ পেৰণ কৰিছিল। বিধেয়কখনৰ খচৰাৰ প্ৰতিলিপি ঘূৰাই দিবলৈ মন্ত্ৰালয়ৰ স্টেকহ’ল্ডাৰ সকলক আহ্বান জনোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত সংবাদাতাৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে মন্ত্ৰালয়। কিন্তু নিশা মন্ত্ৰালয়ে এক্সত প্ৰকাশ কৰা এক বিবৃতিত ‘যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাজহুৱা ডমেইনত প্ৰকাশ কৰা পূৰ্বৰ খচৰা বিধেয়কৰ কথা উল্লেখ কৰি কয় যে স্টেকহ’ল্ডাৰ সকলৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা চলি আছে আৰু মন্তব্য প্ৰকাশৰ সময় সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে।’ বিশদ আলোচনাৰ অন্তত নতুন খচৰা প্ৰকাশ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

অৱশ্যে মন্ত্ৰালয়ে এক্সত প্ৰকাশ কৰা বিবৃতিটোত মন্ত্ৰালয়ে নতুন খচৰা বিধেয়কখন স্টেকহ’ল্ডাৰলৈ মতামত প্ৰদান কৰিবলৈ পেৰণ কৰাৰ তথ্য প্ৰকাশ কৰা নাই যদিও বিধেয়কখনৰ খচৰাৰ প্ৰতিলিপি ঘূৰাই দিবলৈ মন্ত্ৰালয়ৰ স্টেকহ’ল্ডাৰ সকলক জনোৱা আহ্বান মিচা নহয় বুলি জানিব পৰা গৈছে।  

এই বিবৃতিয়ে স্টেকহ’ল্ডাৰ সকলক বিভ্ৰান্ত কৰি তুলিছে।‘এতিয়া প্ৰত্যাহাৰ কৰা খচৰাৰ, নৱেম্বৰ ২০২৩ চনৰ সংস্কৰণটোৰ ওপৰত আমি আমাৰ মন্তব্য প্ৰেৰণ কৰিব লাগেনে, কাৰণ ইয়াৰ কপি আমাৰ সৈতে কেতিয়াও আনুষ্ঠানিকভাৱে বিতৰন কৰা হোৱা নাছিল।’বুলি নাম প্ৰকাশত অনিচ্ছুক স্টেকহ’ল্ডাৰ এহৰাকীয়ে জানিবলৈ দিয়ে৷ 

বিশেষ সূত্ৰ অনুসৰি  জানিব পৰা গৈছে যে ‘প্ৰভাৱশালী’ ইউটিউবাৰ, ইনষ্টাগ্ৰামৰ ব্যৱহাৰ কাৰি সকলক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে মোডী চৰকাৰে।যাতে চৰকাৰ বিৰোধী আলোচনা চচিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ নাপায়। বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। সম্প্ৰতি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে, আলোচনা আৰু বহু বাক্ বিতণ্ডাৰ অন্তত, সম্প্ৰচাৰ সেৱা (নিয়ন্ত্ৰণ) বিধেয়ক ২০২৪ ৰ নতুন খচৰা প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে৷

দেশৰ চতুৰ্থ স্তম্ভৰ স্বতন্ত্ৰতা তথা জনসাধাৰণৰ বাক্ স্বাধীনতা আৰু মতপ্ৰকাশৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰচেষ্টা নজিৰবিহীন ঘটনা নহয়৷ কা আন্দোলনৰ সময়চোৱাত চৰকাৰবিৰোধী সাহিত্য সৃষ্টিৰ বাবে জেল হাজোতত দিয়াৰ ঘটনাও পৰিলক্ষিত হৈছে এই দেশত। এনে ঘটনা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে অতি দুখজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন