--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকতাৰ আৰ.জি.কাৰ মেডিকেল কলেজ এণ্ড হাস্পতালত সংঘটিত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ৷ দেশজুৰি ক্ৰমাৎ বৰ্ধিত ক্ষোভৰ মাজতে মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্তভ চিবিআই তদন্তৰ নিৰ্দেশ দিছে। আৰু গোচৰ সম্পৰ্কীয় সকলো নথি-পত্ৰ চিবিআই হাতত গতাই দিবলৈ নিৰ্দেশ দিছে আৰক্ষীক৷ 
 
হাস্পতালখনৰ চেমিনাৰ হলৰ ভিতৰত উদ্ধাৰ হৈছিল স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী গৰাকীৰ মৃতদেহ৷ এই গোচৰৰ সৈতে জড়িত এজন ব্যক্তি শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ আগতে তদন্তৰ গোচৰৰ ডায়েৰীখন দুপৰীয়া ১ বজাত উচ্চ ন্যায়ালয়ে আদালতৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল পশ্চিম বংগ চৰকাৰক।শুনানিৰ সময়ত চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰশাসনিক দুৰ্বলতাক লৈ উদ্দেগ প্ৰকাশকৰে উচ্চ ন্যায়ালয়ে।
প্ৰশিক্ষাৰ্থীগৰাকীৰ পিতৃ-মাতৃয়ে তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু  ভুক্তভোগীৰ সমৰ্থনত, দেশজুৰি চৰকাৰী চিকিৎসালয়সমূহৰ আৱাসী চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।পশ্চিম বংগ আৰু দিল্লীৰ চিকিৎসকসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰি অ’পিডি সেৱা আৰু অজৰুৰীকালীন অস্ত্ৰোপচাৰ স্থগিত ৰাখিছে।
ভুক্তভোগীয়ে ন্যায় লাভ নকৰালৈকে প্ৰতিবাদী কাৰ্য অব্যাহত থকিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ