--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সংবিধান আৰু আইনক উপেক্ষা কৰি দেশত এতিয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা আৰম্ভ হৈছে। ৰাজহুৱা মঞ্চত মুকলিকৈ সাম্প্ৰদায়িক বিদ্বেষপূৰ্ণ ভাষণ আগবঢ়ৱো হৈছে। ধৰ্মীয় মঞ্চৰ পৰা এটা বিশেষ ধৰ্ম-সম্প্ৰদায়ৰ লোকক হত্যা কৰাৰ আহ্বান জনোৱা হৈছে। দিল্লী, চত্তিছগড় আৰু হৰিদ্বাৰত এনে অবাঞ্চিত ঘটনা সংঘটিত হৈছে। এনে অবাঞ্চিত ঘটনাসমূহক লৈ দেশৰ শাসকপক্ষ প্ৰায় নিষ্পৃহ হৈ থকাৰ বিপৰীতে দেশৰ নাগৰিক সমাজ তথা সচেতন লোকসকলে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কংগ্ৰেছশাসিত চত্তিছগড়ত এনে প্ৰৰোচনামূলক ভাষণ দিয়াৰ পাছতে কালিচৰণ মহাৰাজ নামৰ এজন ধৰ্মগুৰুক গ্ৰেপ্তাৰো কৰা হৈছে।

কিন্তু সঘনে সংঘটিত হৈ থকা এনে অবাঞ্চিত ঘটনাবোৰ সমাজৰ বাবে অশনি সংকেত বিবেচিত হৈছে। এনে পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰি দেশৰ পাঁচগৰাকী প্ৰাক্তন সেনা বিষয়া, আমোলা আৰু আন ভালেমান বিশিষ্ট ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ পত্ৰ প্ৰেৰণ কৰি উদ্বেগ আৰু আপত্তি ব্যক্ত কৰিছে। তেওঁলোকে ভাৰতীয় মুছলমানক হত্যা কৰাৰ আহ্বান জনোৱাৰ দৰে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু হিংসাক উচতনি দিয়া ঘটনা সম্পৰ্কতো উদ্বেগ ব্যক্ত কৰা হয়। পত্ৰখনত লিখা হৈছে যে, যদিহে দেশৰ অভ্যন্তৰত এনে ধৰণৰ মন্তব্যৰ জৰিয়তে অশান্তি বিয়পোৱা হয় তেন্তে সীমান্তত সুৰক্ষাত নিয়োজিত হৈ থকা জোৱানসকলৰ ওপৰত বোজা আৰু বৃদ্ধি পাব। পূৰ্বৰে পৰাই সীমা বিবাদে সীমান্ত অঞ্চলৰ পৰিস্থিতি স্পৰ্শকাতৰ কৰি ৰাখিছে বুলি তেওঁলোকে সোঁৱৰাই দিয়ে আৰু এনে ঘটনাৰ ওপৰত তৎকালীন ন্যায়িক হস্তক্ষেপৰ দাবী জনায়।


কেৱল এয়াই নহয়, উচ্চতম ন্যায়ালয়ৰ ৭৬গৰাকী অধিবক্তায়ো এই প্ৰসংগত দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল। য’ত হিংসাক উচতনি দিয়া আহ্বানৰ প্ৰতি নিজস্ব গোচৰ ৰুজু কৰাৰ আহ্বান জনোৱা হৈছিল। এখন তথাকথিত ধৰ্ম সংসদৰ এটা ভিডিঅ’ অলপতে ভাইৰেল হৈ পৰিছিল আৰু তাত ভালেমান লোকে হাতত হাত ধৰি এইবুলি সংকল্প লৈছিল যে, ‘আমি সকলোৱে শপত লৈছোঁ, প্ৰতিশ্ৰুতি দিছোঁ, সংকল্প লৈছোঁ যে আমি নিজৰ অন্তিম প্ৰাণক্ষণলৈ এই দেশক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ, হিন্দু ৰাষ্ট্ৰ কৰি ৰাখিবলৈ, আগুৱাই নিবলৈ যুঁজ কৰি যাম… মৰিম… প্ৰয়োজন হ’লে মাৰিম। কোনো বলিদানৰ বাবে কোনো সময়তে এটা ক্ষণো পিছ নুহহকো।’ এনে উচতনিমূলক মন্তব্য আৰু মানুহক হত্যা কৰাৰ প্ৰৰোচনা এতিয়া দেশত সুলভ হৈ পৰিছে। চত্তিছগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কালিচৰণ মহাৰাজৰ দৰে ধৰ্মগুৰুৱে মহাত্মা গান্ধীক ‘দেশ ধ্বংসকাৰী’ আখ্যা দিয়াৰ লগতে গান্ধী হত্যাকাৰী নাথুৰামক প্ৰশংসাও কৰিছিল। দেশৰ এই অতি অশুভ পৰম্পৰা এতিয়া সমগ্ৰ দেশৰ বাবেই উদ্বেগ আৰু আশংকাৰ কাৰণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি