--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিদৰে সংঘটিত হৈছিল জেনেৰেল বিপিন ৰাৱটৰ দুৰ্ঘটনা? পত্নী মধুলিকাসহ ৰাৱট আৰু আন ১২জন বিষয়া-জোৱানৰ প্ৰাণ কাঢ়ি নিয়া এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল ৮ ডিচেম্বৰত। সমগ্ৰ দেশকে স্তব্ধ কৰি তুলিছিল এই দুৰ্ঘটনাৰ খবৰে। দেশৰ তিনিওটা সেনাবাহিনীৰ মুৰব্বীগৰাকীৰ এনে আকস্মিক আৰু অবাঞ্চিত বিদায় দেশৰ কাৰণে সাধাৰণ কথা নাছিল। শেহতীয়াকৈ এই শোকাৱহ ঘটনাৰ তদন্ত প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু তদন্তৰ প্ৰক্ৰিয়াত এই প্ৰাণঘাতী দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে সম্ভেদ লাভ কৰা গৈছে। কেনেকৈ আৰু কিহৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল?

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে তিনিওটা বাহিনীৰ সন্মিলিত তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। এই তদন্ত প্ৰক্ৰিয়া এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই তদন্তৰ প্ৰতিবেদন সোনকালেই দাখিল কৰা হ’ব। দেওবাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰে এটা সূত্ৰই। অৱশ্যে, চৰকাৰী পক্ষ বা বায়ুসেনাৰ ফালৰপৰা এই তদন্ত অথবা ইয়াৰ প্ৰতিবেদন সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

কিন্তু সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, বেয়া বতৰ আৰু ভিজিবিলিটী কম হোৱা বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি তদন্তৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। এই দুৰ্ঘটনাৰ আঁৰত পাইলটৰ কোনো ভুল আছিল নেকি এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। দেশৰ এগৰাকী শীৰ্ষস্থানীয় হেলিকপ্টাৰ পাইলট, এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিঙে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, বতৰৰ বিজুতিৰ বাবেই পাইলটে নিয়ন্ত্ৰণ হেৰুওৱাই পেলোৱাৰ আশংকা আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি