--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিদৰে সংঘটিত হৈছিল জেনেৰেল বিপিন ৰাৱটৰ দুৰ্ঘটনা? পত্নী মধুলিকাসহ ৰাৱট আৰু আন ১২জন বিষয়া-জোৱানৰ প্ৰাণ কাঢ়ি নিয়া এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল ৮ ডিচেম্বৰত। সমগ্ৰ দেশকে স্তব্ধ কৰি তুলিছিল এই দুৰ্ঘটনাৰ খবৰে। দেশৰ তিনিওটা সেনাবাহিনীৰ মুৰব্বীগৰাকীৰ এনে আকস্মিক আৰু অবাঞ্চিত বিদায় দেশৰ কাৰণে সাধাৰণ কথা নাছিল। শেহতীয়াকৈ এই শোকাৱহ ঘটনাৰ তদন্ত প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু তদন্তৰ প্ৰক্ৰিয়াত এই প্ৰাণঘাতী দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে সম্ভেদ লাভ কৰা গৈছে। কেনেকৈ আৰু কিহৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল?

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে তিনিওটা বাহিনীৰ সন্মিলিত তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। এই তদন্ত প্ৰক্ৰিয়া এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই তদন্তৰ প্ৰতিবেদন সোনকালেই দাখিল কৰা হ’ব। দেওবাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰে এটা সূত্ৰই। অৱশ্যে, চৰকাৰী পক্ষ বা বায়ুসেনাৰ ফালৰপৰা এই তদন্ত অথবা ইয়াৰ প্ৰতিবেদন সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

কিন্তু সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, বেয়া বতৰ আৰু ভিজিবিলিটী কম হোৱা বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি তদন্তৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। এই দুৰ্ঘটনাৰ আঁৰত পাইলটৰ কোনো ভুল আছিল নেকি এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। দেশৰ এগৰাকী শীৰ্ষস্থানীয় হেলিকপ্টাৰ পাইলট, এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিঙে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, বতৰৰ বিজুতিৰ বাবেই পাইলটে নিয়ন্ত্ৰণ হেৰুওৱাই পেলোৱাৰ আশংকা আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক