--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সীমান্তৰ সিপাৰৰ পৰা ভাৰতবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে পাকিস্তানে। দেশখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ তথা ড্ৰোনকে ধৰি বিভিন্ন ধৰণে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ চেষ্টা চলাই থকাৰ সমান্তৰালভাৱে পাক সেনায়ো ভাৰতত অনুপ্ৰৱেশ কৰি সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাই থকাটো প্ৰমাণিত হৈ আহিছে। কেইমাহমানৰ পূৰ্বে কাশ্মীৰত সেনাৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী দলটোৰ সৈতে পাক কমাণ্ডো আছিল বুলি সন্দেহ কৰা হৈছিল। এই প্ৰচেষ্টা অব্যাহত থকাটো এতিয়া স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ সেনাৰ গুলীত নিহত হৈছে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী। অস্ত্ৰ আৰু বিস্ফোৰকৰ সৈতে নিহত হোৱা লোকজনৰ পৰিচয়ক লৈ সৃষ্টি হৈছে সন্দেহৰ।

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল পাক সেনাই। জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কাৰেন ছেক্টৰেৰে নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হ’ল পাক সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চৰ এজন জোৱান। শনিবাৰে এই ঘটনা সংঘটিত হয়। দেওবাৰে ভাৰতীয় সেনাই পাকিস্তানী সেনাক মৃতদেহটো ওভতাই নিবলৈ আহ্বান জনায়। এই সম্পৰ্কত প্ৰকাশ কৰি মেজৰ জেনেৰেল এএছ পেন্ধাৰকাৰে কয়, ‘পাক সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চ’ (বিএটি)ৰ ফালৰ পৰা কাৰেন ছেক্টৰত অনুপ্ৰৱেশৰ এটা চেষ্টা চলা দেখা গৈছিল। ভাৰতীয় সেনাই ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি এই অনুপ্ৰৱেশকাৰীজনক ধৰাশায়ী কৰে।’

এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই প্ৰকাশ কৰে যে, লোকজনক ছাবিৰ মালিক বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ পাকিস্তানী সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চৰ সদস্য হ’ব পাৰে। ইফালে, মেজৰ জেনেৰেল পেনডেকাৰে কয় যে, ঘটনা সংঘটিত হোৱা স্থানটো পাকিস্তানৰ ফালে আছিল আৰু আমাৰ অনুপ্ৰৱেশ প্ৰতিৰোধী ব্যৱস্থাত এই কাৰ্য ধৰা পৰে। অনুপ্ৰৱেশৰ চেষ্টা চলাৰ লগে লগে এই প্ৰচেষ্টা ধৰা পেলোৱা হয় আৰু এই প্ৰচেষ্টা প্ৰতিৰোধ কৰা হয়। সেনাৰ গুলীত নিহত অনুপ্ৰৱেশকাৰীজনৰ পৰা এটা এ কে ছিৰিজৰ ৰাইফল আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়। তেওঁৰ পৰা সাতটা গ্ৰেনেডো উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত নিৰীক্ষণ কাৰ্য বৃদ্ধি কৰি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম