--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সীমান্তৰ সিপাৰৰ পৰা ভাৰতবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে পাকিস্তানে। দেশখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ তথা ড্ৰোনকে ধৰি বিভিন্ন ধৰণে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ চেষ্টা চলাই থকাৰ সমান্তৰালভাৱে পাক সেনায়ো ভাৰতত অনুপ্ৰৱেশ কৰি সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাই থকাটো প্ৰমাণিত হৈ আহিছে। কেইমাহমানৰ পূৰ্বে কাশ্মীৰত সেনাৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী দলটোৰ সৈতে পাক কমাণ্ডো আছিল বুলি সন্দেহ কৰা হৈছিল। এই প্ৰচেষ্টা অব্যাহত থকাটো এতিয়া স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ সেনাৰ গুলীত নিহত হৈছে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী। অস্ত্ৰ আৰু বিস্ফোৰকৰ সৈতে নিহত হোৱা লোকজনৰ পৰিচয়ক লৈ সৃষ্টি হৈছে সন্দেহৰ।

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল পাক সেনাই। জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কাৰেন ছেক্টৰেৰে নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হ’ল পাক সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চৰ এজন জোৱান। শনিবাৰে এই ঘটনা সংঘটিত হয়। দেওবাৰে ভাৰতীয় সেনাই পাকিস্তানী সেনাক মৃতদেহটো ওভতাই নিবলৈ আহ্বান জনায়। এই সম্পৰ্কত প্ৰকাশ কৰি মেজৰ জেনেৰেল এএছ পেন্ধাৰকাৰে কয়, ‘পাক সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চ’ (বিএটি)ৰ ফালৰ পৰা কাৰেন ছেক্টৰত অনুপ্ৰৱেশৰ এটা চেষ্টা চলা দেখা গৈছিল। ভাৰতীয় সেনাই ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি এই অনুপ্ৰৱেশকাৰীজনক ধৰাশায়ী কৰে।’

এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই প্ৰকাশ কৰে যে, লোকজনক ছাবিৰ মালিক বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ পাকিস্তানী সেনাৰ ব’ৰ্ডাৰ একচন ফ’ৰ্চৰ সদস্য হ’ব পাৰে। ইফালে, মেজৰ জেনেৰেল পেনডেকাৰে কয় যে, ঘটনা সংঘটিত হোৱা স্থানটো পাকিস্তানৰ ফালে আছিল আৰু আমাৰ অনুপ্ৰৱেশ প্ৰতিৰোধী ব্যৱস্থাত এই কাৰ্য ধৰা পৰে। অনুপ্ৰৱেশৰ চেষ্টা চলাৰ লগে লগে এই প্ৰচেষ্টা ধৰা পেলোৱা হয় আৰু এই প্ৰচেষ্টা প্ৰতিৰোধ কৰা হয়। সেনাৰ গুলীত নিহত অনুপ্ৰৱেশকাৰীজনৰ পৰা এটা এ কে ছিৰিজৰ ৰাইফল আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়। তেওঁৰ পৰা সাতটা গ্ৰেনেডো উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত নিৰীক্ষণ কাৰ্য বৃদ্ধি কৰি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক