--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী হিন্দু যুৱতীলৈ তেওঁৰে এজন মুছলমান বন্ধুৱে মোবাইল ফোনত মেছেজ পঠিওৱাৰ পিছতে মুছলমান যুৱক জনক হিন্দুত্ববাদী সংগঠনৰ একাংশ সদস্যই নিৰ্মমভাবে প্ৰহাৰ কৰাৰৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে মধ্য প্ৰদেশত।  


চলিত বৰ্ষৰ ১৮ জানুৱাৰীত মধ্যপ্ৰদেশৰ খাণ্ডৱাত এজন মহাবিদ্যালয়ৰ ছাত্ৰক এটা সংগঠনৰ একাংশ সদস্যই  নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ কেইঘণ্টামানপিছত আৰক্ষীয়েঘটনা সন্দৰ্ভত কেইবাজনো লোকক  গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে।

প্ৰকৃততে এই ভিডিঅ'টো ১৫ দিন পুৰণি আৰু আৰক্ষীক এই বিষয়ে আগতীয়াকৈ অৱগতও কৰা হৈছিল।  তথাপিও আৰক্ষীয়ে  ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিষয়টো ভাইৰেল নোহোৱালৈকে মুছলমান যুৱক জনক আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ভাইৰেল ভিডিঅ'টোত ৩ জানুৱাৰীত খাণ্ডৱাৰ এটা শ্বপিং কমপ্লেক্সৰ পাৰ্কিঙত  একাংশ লোকে  শ্বাহবাজ খান নামৰ মুছলমান যুৱক জনক প্ৰহাৰ কৰি থকা দেখা গৈছে।  আক্ৰমণকাৰীসকলক হিন্দু জাগৰণ মঞ্চ আৰু হিন্দু ছাত্ৰ সেনাৰসদস্য বুলি  চিনাক্ত কৰা হৈছে।

তেওঁলোকে শ্বাহবাজৰ বিৰুদ্ধে "লাভ জিহাদ"ৰ  অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি মুছলমান যুৱকজনে তেওঁৰ এগৰাকী হিন্দু বান্ধীলৈ মোবাইল ফোনত মেছেজ প্ৰেৰণ কৰিছিল। বান্ধৱীলৈ মেছেজ পঠিওৱাই কাল হ’ল শ্বাহবাজৰ বাবে। ইয়াৰ পিছতে  তেওঁৰ ওপৰত আক্ৰমণৰ চলিল। ৩ জানুৱাৰীৰ আবেলি তেওঁ তেওঁৰ ভনীয়েকক এছ.এন. কলেজৰ পৰা নিবলৈ আহিছিল।  তেতিয়াই তেওঁক একাংশ লোকে ধৰি লৈ যায় আৰু মাৰধৰ কৰে। 

যুৱকজনে কয় "মোক মাৰধৰ কৰাৰ সময়ত মানুহে শান্তভাৱে চাই আছিল। মই সহায় বিচাৰিছিলো, কিন্তু কোনেও আগবাঢ়ি অহা নাছিল। তেওঁলোকে মোক মহাবিদ্যালয়ৰ ওচৰৰ বিশাল মেগামাৰ্টৰ পাৰ্কিং লটলৈ লৈ গৈছিল আৰু মোক বহুত মাৰিছিল’’। শ্বাহবাজে কয় যে  যে তেওঁ মেছেজ পঠিওৱা যুৱতীগৰাকী  তেওঁৰ  স্কুলীয়া দিনৰে বান্ধৱী।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু