--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী হিন্দু যুৱতীলৈ তেওঁৰে এজন মুছলমান বন্ধুৱে মোবাইল ফোনত মেছেজ পঠিওৱাৰ পিছতে মুছলমান যুৱক জনক হিন্দুত্ববাদী সংগঠনৰ একাংশ সদস্যই নিৰ্মমভাবে প্ৰহাৰ কৰাৰৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে মধ্য প্ৰদেশত।  


চলিত বৰ্ষৰ ১৮ জানুৱাৰীত মধ্যপ্ৰদেশৰ খাণ্ডৱাত এজন মহাবিদ্যালয়ৰ ছাত্ৰক এটা সংগঠনৰ একাংশ সদস্যই  নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ কেইঘণ্টামানপিছত আৰক্ষীয়েঘটনা সন্দৰ্ভত কেইবাজনো লোকক  গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে।

প্ৰকৃততে এই ভিডিঅ'টো ১৫ দিন পুৰণি আৰু আৰক্ষীক এই বিষয়ে আগতীয়াকৈ অৱগতও কৰা হৈছিল।  তথাপিও আৰক্ষীয়ে  ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিষয়টো ভাইৰেল নোহোৱালৈকে মুছলমান যুৱক জনক আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ভাইৰেল ভিডিঅ'টোত ৩ জানুৱাৰীত খাণ্ডৱাৰ এটা শ্বপিং কমপ্লেক্সৰ পাৰ্কিঙত  একাংশ লোকে  শ্বাহবাজ খান নামৰ মুছলমান যুৱক জনক প্ৰহাৰ কৰি থকা দেখা গৈছে।  আক্ৰমণকাৰীসকলক হিন্দু জাগৰণ মঞ্চ আৰু হিন্দু ছাত্ৰ সেনাৰসদস্য বুলি  চিনাক্ত কৰা হৈছে।

তেওঁলোকে শ্বাহবাজৰ বিৰুদ্ধে "লাভ জিহাদ"ৰ  অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি মুছলমান যুৱকজনে তেওঁৰ এগৰাকী হিন্দু বান্ধীলৈ মোবাইল ফোনত মেছেজ প্ৰেৰণ কৰিছিল। বান্ধৱীলৈ মেছেজ পঠিওৱাই কাল হ’ল শ্বাহবাজৰ বাবে। ইয়াৰ পিছতে  তেওঁৰ ওপৰত আক্ৰমণৰ চলিল। ৩ জানুৱাৰীৰ আবেলি তেওঁ তেওঁৰ ভনীয়েকক এছ.এন. কলেজৰ পৰা নিবলৈ আহিছিল।  তেতিয়াই তেওঁক একাংশ লোকে ধৰি লৈ যায় আৰু মাৰধৰ কৰে। 

যুৱকজনে কয় "মোক মাৰধৰ কৰাৰ সময়ত মানুহে শান্তভাৱে চাই আছিল। মই সহায় বিচাৰিছিলো, কিন্তু কোনেও আগবাঢ়ি অহা নাছিল। তেওঁলোকে মোক মহাবিদ্যালয়ৰ ওচৰৰ বিশাল মেগামাৰ্টৰ পাৰ্কিং লটলৈ লৈ গৈছিল আৰু মোক বহুত মাৰিছিল’’। শ্বাহবাজে কয় যে  যে তেওঁ মেছেজ পঠিওৱা যুৱতীগৰাকী  তেওঁৰ  স্কুলীয়া দিনৰে বান্ধৱী।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক