--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মৃত্যুৰ ভাবুকি লাভ কৰিছে। সোমবাৰে নিশা তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লগে লগে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে কেজৰিৱালক হত্যাৰ ভাবুকি দিয়া অভিযুক্তজনক চিনাক্ত কৰা হৈছে। অৱশ্যে বিশেষ কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে৷ 

জানিব পৰা মতে সোমবাৰে নিশা কেজৰিৱালৰ  বাসগৃহৰ কাষৰ আৰক্ষী বুথ এটালৈ   ফোনকল এটা আহিছিল। ফোনত অচিনাক্ত কোনো লোকে কৈছিল যে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰা হ'ব। ভাবুকি দিয়া লোক জনে  ফোনত নিজৰ পৰিচয় দিয়া নাছিল৷   কিন্তু নম্বৰটো অনুসন্ধান কৰাৰ পিছত দিল্লী আৰক্ষীয়ে কেইমিনিটমানৰ ভিতৰতে অভিযুক্তজনক চিনাক্ত কৰে। জানিব পৰা মতে ৩৮ বছৰীয়া ব্যক্তিজন মানসিকভাৱে অসুস্থ৷  তেওঁ দিল্লীৰ এখন মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

সেইবাবেই আৰক্ষীয়ে এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অৱশ্যে তেওঁক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা হৈছে।কেইদিনমান আগতে এনচিপিৰ মুৰব্বী আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শাৰদ পাৱাৰেও একেধৰণৰ মৃত্যুৰ ভাবুকি পাইছিল। পাৱাৰক ভাবুকি দিয়া লোক জনক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে কেইবাবছৰৰ আগতেলোক জনে কিছুমান ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে শাৰদ পাৱাৰৰ  ওচৰলৈ গৈছিল। কিন্তু  পাৱাৰে তেওঁক যিমান প্ৰয়োজন সিমান সহায় নকৰাত  খঙতে  লোক জনে এনচিপিৰ মুৰব্বীজনক ফোন কৰি হত্যাৰ ভাবুকি দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক