--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মৃত্যুৰ ভাবুকি লাভ কৰিছে। সোমবাৰে নিশা তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লগে লগে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে কেজৰিৱালক হত্যাৰ ভাবুকি দিয়া অভিযুক্তজনক চিনাক্ত কৰা হৈছে। অৱশ্যে বিশেষ কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে৷ 

জানিব পৰা মতে সোমবাৰে নিশা কেজৰিৱালৰ  বাসগৃহৰ কাষৰ আৰক্ষী বুথ এটালৈ   ফোনকল এটা আহিছিল। ফোনত অচিনাক্ত কোনো লোকে কৈছিল যে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰা হ'ব। ভাবুকি দিয়া লোক জনে  ফোনত নিজৰ পৰিচয় দিয়া নাছিল৷   কিন্তু নম্বৰটো অনুসন্ধান কৰাৰ পিছত দিল্লী আৰক্ষীয়ে কেইমিনিটমানৰ ভিতৰতে অভিযুক্তজনক চিনাক্ত কৰে। জানিব পৰা মতে ৩৮ বছৰীয়া ব্যক্তিজন মানসিকভাৱে অসুস্থ৷  তেওঁ দিল্লীৰ এখন মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

সেইবাবেই আৰক্ষীয়ে এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অৱশ্যে তেওঁক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা হৈছে।কেইদিনমান আগতে এনচিপিৰ মুৰব্বী আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শাৰদ পাৱাৰেও একেধৰণৰ মৃত্যুৰ ভাবুকি পাইছিল। পাৱাৰক ভাবুকি দিয়া লোক জনক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে কেইবাবছৰৰ আগতেলোক জনে কিছুমান ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে শাৰদ পাৱাৰৰ  ওচৰলৈ গৈছিল। কিন্তু  পাৱাৰে তেওঁক যিমান প্ৰয়োজন সিমান সহায় নকৰাত  খঙতে  লোক জনে এনচিপিৰ মুৰব্বীজনক ফোন কৰি হত্যাৰ ভাবুকি দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু