--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মক সুৰক্ষিত কৰিব লাগিব। তাৰ লগতে সকলোৰে মাজত ধৰ্মীয় আদৰ্শ বিয়পিব লাগে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই দুটা উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ৩০০০টা মন্দিৰ স্থাপন কৰিবলৈ ওলাইছে। এই পৰিকল্পনা ৰাজ্যৰ প্ৰতিখন জিলাতে অন্ততঃ এটাকৈ মন্দিৰ থাকিব লাগে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ক'ট্টু সত্যনাৰায়ণে চৰকাৰৰ এই পৰিকল্পনা ঘোষণা কৰিছে। ইতিমধ্যে প্ৰায় ১০০০ টা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

মঙলবাৰে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে হিন্দু ধৰ্মক সুৰক্ষিত কৰি সকলোৰে মাজত বিয়পাই দিব লাগিব। তাৰ বাবে ডাঙৰ ডাঙৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন। তুলনামূলকভাৱে পিছপৰা অঞ্চলত ইতিমধ্যে হিন্দু মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।”

জানিব পৰা মতে প্ৰথম পৰ্যায়ত ১৩৩০ টা মন্দিৰ নিৰ্মাণ কৰা হ’ব। পিছত ১৪৬৫ টা মন্দিৰৰ নাম এই তালিকাত যোগ হ’ব। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনপ্ৰতিনিধিয়ে আৰু ২০০টা মন্দিৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে। চৰকাৰী পুঁজিৰ উপৰিও আন সংগঠনৰ অনুদানৰে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। তিৰুমালা মন্দিৰ ট্ৰাষ্টে প্ৰতিটো মন্দিৰৰ বাবে ১০ লাখ টকাৰ অনুদানৰ কথা ঘোষণা কৰিছে।

বিবৃতিটোত সত্যনাৰায়ণে কয় যে চৰকাৰৰ তত্বাৱধানত ইতিমধ্যে ৯৭৮টা মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। এই কামৰ বাবে ইতিমধ্যে ২৭০ কোটি টকা আবণ্টন দিয়া হৈছে। অনাগত দিনত আৰু ২৩৮ কোটি টকা আবণ্টন দিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিটো মন্দিৰক ৰীতি-নীতি অনুসৰি পূজাৰ বাবে চৰকাৰে ৫০০০ টকাৰ অনুদান প্ৰদান কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু