--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মক সুৰক্ষিত কৰিব লাগিব। তাৰ লগতে সকলোৰে মাজত ধৰ্মীয় আদৰ্শ বিয়পিব লাগে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই দুটা উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ৩০০০টা মন্দিৰ স্থাপন কৰিবলৈ ওলাইছে। এই পৰিকল্পনা ৰাজ্যৰ প্ৰতিখন জিলাতে অন্ততঃ এটাকৈ মন্দিৰ থাকিব লাগে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ক'ট্টু সত্যনাৰায়ণে চৰকাৰৰ এই পৰিকল্পনা ঘোষণা কৰিছে। ইতিমধ্যে প্ৰায় ১০০০ টা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

মঙলবাৰে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে হিন্দু ধৰ্মক সুৰক্ষিত কৰি সকলোৰে মাজত বিয়পাই দিব লাগিব। তাৰ বাবে ডাঙৰ ডাঙৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন। তুলনামূলকভাৱে পিছপৰা অঞ্চলত ইতিমধ্যে হিন্দু মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।”

জানিব পৰা মতে প্ৰথম পৰ্যায়ত ১৩৩০ টা মন্দিৰ নিৰ্মাণ কৰা হ’ব। পিছত ১৪৬৫ টা মন্দিৰৰ নাম এই তালিকাত যোগ হ’ব। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনপ্ৰতিনিধিয়ে আৰু ২০০টা মন্দিৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে। চৰকাৰী পুঁজিৰ উপৰিও আন সংগঠনৰ অনুদানৰে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। তিৰুমালা মন্দিৰ ট্ৰাষ্টে প্ৰতিটো মন্দিৰৰ বাবে ১০ লাখ টকাৰ অনুদানৰ কথা ঘোষণা কৰিছে।

বিবৃতিটোত সত্যনাৰায়ণে কয় যে চৰকাৰৰ তত্বাৱধানত ইতিমধ্যে ৯৭৮টা মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। এই কামৰ বাবে ইতিমধ্যে ২৭০ কোটি টকা আবণ্টন দিয়া হৈছে। অনাগত দিনত আৰু ২৩৮ কোটি টকা আবণ্টন দিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিটো মন্দিৰক ৰীতি-নীতি অনুসৰি পূজাৰ বাবে চৰকাৰে ৫০০০ টকাৰ অনুদান প্ৰদান কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে