--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি পাঠানে। শ্বাহৰুখ খানৰ ছবি পাঠানে কঁপাইছে ছবিগৃহ। এই ছবিখনৰ বাবে পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰিছে অনুৰাগীয়ে। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰা ছবিখনৰ বাবে চিনেমা হলৰ বাহিৰত আৰু ভিতৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই ছবিখনৰ বিৰুদ্ধে ঠায়ে ঠায়ে যথেষ্ট প্ৰতিবাদ হৈছিল। এই কাৰণেই দেশৰ ভিন্ন চিনেমা হলৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

পাঠানক লৈ অনুৰাগীৰ মাজত বিপুল উৎসাহ অব্যাহত আছে। অৱশ্যে মধ্যপ্ৰদেশৰ ইন্দোৰৰ 'স্বপ্না সংগীতা মাল্টিপ্লেক্স'ৰ সন্মুখত হিন্দু সংগঠন আৰু বজৰং দলে ছবিখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ পিছতে পুৱা ৯ বজাৰ শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লয় হলৰ কৰ্তৃপক্ষই।

ইন্দোৰৰ ছবিগৃহত আৰম্ভ হৈছে হিন্দু সংগঠনৰ বিক্ষোভ। বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে চিনেমা হলৰ বাহিৰত আবৃত্তি কৰি আছে হনুমান চলিছা। শ্ব’ বন্ধ কৰিবলৈ হাতত লাঠি লৈ আহিছে হিন্দু সংগঠনৰ কৰ্মীসকলে।

আনহাতে পাঠানৰ মুক্তিৰ দিনটো শ্বাহৰুখৰ অনুৰাগীসকলে হৰ্ষ-উল্লাসেৰে উদযাপন কৰিছে। অসমৰ ছবিগৃহতো পুৱাৰে পৰা ভিৰ কৰিছে চিনেমাপ্ৰেমীয়ে। অসমত পাঠান চলিব..কাৰো হুমকি নচলিব বুলি সকীয়ালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। দক্ষিণ ভাৰততো পাঠানক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। চিনেমাখনৰ ৩০ কোটি টকাৰ আগতীয়া বুকিং হয় দক্ষিণ ভাৰতত। 

উল্লেখ্য যে কওঁ  এই ছবিখনৰ এটা গীতক লৈ বিতৰ্কৰ সৃষ্টি হয়। 'বেচৰম ৰং' শীৰ্ষক গীতত  দীপিকাই গেৰুৱা ৰঙৰ বিকিনি পিন্ধি নাচিছিল। ইয়াৰ পাছতেই  হিন্দু সংগঠন আৰু বিজেপি দলৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক