--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি পাঠানে। শ্বাহৰুখ খানৰ ছবি পাঠানে কঁপাইছে ছবিগৃহ। এই ছবিখনৰ বাবে পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰিছে অনুৰাগীয়ে। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰা ছবিখনৰ বাবে চিনেমা হলৰ বাহিৰত আৰু ভিতৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই ছবিখনৰ বিৰুদ্ধে ঠায়ে ঠায়ে যথেষ্ট প্ৰতিবাদ হৈছিল। এই কাৰণেই দেশৰ ভিন্ন চিনেমা হলৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

পাঠানক লৈ অনুৰাগীৰ মাজত বিপুল উৎসাহ অব্যাহত আছে। অৱশ্যে মধ্যপ্ৰদেশৰ ইন্দোৰৰ 'স্বপ্না সংগীতা মাল্টিপ্লেক্স'ৰ সন্মুখত হিন্দু সংগঠন আৰু বজৰং দলে ছবিখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ পিছতে পুৱা ৯ বজাৰ শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লয় হলৰ কৰ্তৃপক্ষই।

ইন্দোৰৰ ছবিগৃহত আৰম্ভ হৈছে হিন্দু সংগঠনৰ বিক্ষোভ। বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে চিনেমা হলৰ বাহিৰত আবৃত্তি কৰি আছে হনুমান চলিছা। শ্ব’ বন্ধ কৰিবলৈ হাতত লাঠি লৈ আহিছে হিন্দু সংগঠনৰ কৰ্মীসকলে।

আনহাতে পাঠানৰ মুক্তিৰ দিনটো শ্বাহৰুখৰ অনুৰাগীসকলে হৰ্ষ-উল্লাসেৰে উদযাপন কৰিছে। অসমৰ ছবিগৃহতো পুৱাৰে পৰা ভিৰ কৰিছে চিনেমাপ্ৰেমীয়ে। অসমত পাঠান চলিব..কাৰো হুমকি নচলিব বুলি সকীয়ালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। দক্ষিণ ভাৰততো পাঠানক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। চিনেমাখনৰ ৩০ কোটি টকাৰ আগতীয়া বুকিং হয় দক্ষিণ ভাৰতত। 

উল্লেখ্য যে কওঁ  এই ছবিখনৰ এটা গীতক লৈ বিতৰ্কৰ সৃষ্টি হয়। 'বেচৰম ৰং' শীৰ্ষক গীতত  দীপিকাই গেৰুৱা ৰঙৰ বিকিনি পিন্ধি নাচিছিল। ইয়াৰ পাছতেই  হিন্দু সংগঠন আৰু বিজেপি দলৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু