--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতৰ বহু ঠাইৰ নাম সলনি কৰাৰ বাবে এখন সুকীয়া নাম সলনি আয়োগ গঠনৰ  বাবে অনুমতি বিচাৰি অলপতে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছিল৷ কিন্তু আজি উচ্চতম ন্যায়ালয়ে সেই আবেদন খন নাকচ কৰে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোচেফে কয় , "হিন্দুত্ব এটা ধৰ্ম নহয়,  ই জীৱনৰ এটা উপায়... হিন্দু ধৰ্ম হৈছে জীৱনৰ নিয়ম আৰু হিন্দু ধৰ্মত কোনো গোড়ামি নাই... অতীতৰ কথা নক'ব , তেনে কথাই  কেৱল বৈষম্যৰ সৃষ্টি কৰে... আপুনি দেশখন এনেদৰে উত্তাল কৰি তুলিব নোৱাৰে।'

উল্লেখ্য অধিবক্তা আৰু বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে পুৰণি ঐতিহাসিক ধৰ্মীয় স্থানৰ প্ৰকৃত নাম বিচাৰি এখন আয়োগ গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। উচ্চতম ন্যায়ালয়ে আজি আবেদনখন খাৰিজ কৰে। ন্যায়াধীশ কে এম যোচেফ আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে অশ্বিনী উপাধ্যায়ৰ দ্বাৰা দাখিল কৰা পিআইএলৰ উদ্দেশ্যৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰে। 

উচ্চতম ন্যায়ালয়ত প্ৰাচীন ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় স্থানসমূহৰ "মূল" নাম পুনৰুদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰক 'পুনৰ নামকৰণ আয়োগ' গঠন কৰাৰ নিৰ্দেশ বিচাৰি এই  পিআইএলখন  দাখিল কৰা হৈছে ৷ আবেদন খনত কোৱা হৈছে যে  বিদেশী আক্ৰমণকাৰীসকলে যিবোৰ ঠাইৰ নাম সলনি কৰি "পুনৰ নামকৰণ" কৰিছিল তেনে ঠাইসমূহৰ পূৰ্বৰ নাম পুনৰ বাহাল ৰাখিব লাগে৷  শেহতীয়াকৈ মোগল গাৰ্ডেনৰ নাম  অমৃত উদ্যান  কৰা হৈছে ৷  চৰকাৰে বিদেশী আক্ৰমণকাৰীৰ নামেৰে নামকৰণ কৰা পথসমূহৰ নামো সলনি কৰিবলৈ বহু সময়ত পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খনত কোৱা হৈছে৷  আবেদন খনত লগতে কোৱা হৈছে যে বিদেশী আক্ৰমণকাৰীয়ে দিয়া নামবোৰ অব্যাহত ৰখাটো সংবিধান, সাৰ্বভৌমত্ব আৰু অন্যান্য নাগৰিক অধিকাৰৰ বিৰোধী। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা এই পিআইএলত কোৱা হৈছিল যে বৈকল্পিকভাৱে আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক প্ৰাচীন ধৰ্মীয় স্থানসমূহৰ গৱেষণা আৰু প্ৰাৰম্ভিক ধৰ্মীয় স্থানসমূহৰ নাম প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিব পাৰে।  

 পিআইএলত কোৱা হৈছে, "আমি দেশৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰি আছো। কিন্তু স্বাধীনতা ভাৰতত নিষ্ঠুৰ বিদেশী আক্ৰমণকাৰী, তেওঁলোকৰ সেৱক আৰু পৰিয়ালৰ সদস্যসকলৰ নামত বহুতো প্ৰাচীন ঐতিহাসিক সাংস্কৃতিক, ধৰ্মীয় স্থান আছে"। উপাধ্যায়ে তেওঁৰ আবেদনত কৈছে যে আক্ৰমণকাৰীসকলে কেৱল সাধাৰণ ঠাইসমূহৰ নাম সলনি কৰাই নহয়, লগতে ইচ্ছাকৃতভাৱে প্ৰাচীন ঐতিহাসিক সাংস্কৃতিক, ধৰ্মীয় স্থানসমূহৰ নামো সলনি কৰিছিল আৰু স্বাধীনতাৰ ৭৫ বছৰৰ পিছত সেইবোৰ অব্যাহত ৰখাটো সাৰ্বভৌমত্ব, মৰ্যাদাৰ অধিকাৰ, ধৰ্মৰ অধিকাৰ আৰু অনুচ্ছেদ ২১, ২৫ আৰু ২৯ ৰ অধীনত নিশ্চিত সংস্কৃতিৰ অধিকাৰৰ বিৰুদ্ধ কথা। তেওঁ কয় যে ক্ৰমান্বয়ে চৰকাৰে আক্ৰমণকাৰীসকলৰ এনে কাৰ্য সংশোধন কৰিবলৈ পদক্ষেপ ল’ব লাগে। পিআইএলখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বৰ্বৰ বিদেশী আক্ৰমণকাৰীৰ নামেৰে নামাকৰণ কৰা এনে ঠাইবোৰৰ মূল নাম বিচাৰিবলৈ পুনৰ নামকৰণ আয়োগ গঠন কৰিবলৈও নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল।

 চৰকাৰ বাবৰ ৰোড, হুমায়ুন ৰোড, আকবৰ ৰোড, জাহাংগীৰ ৰোড, শ্বাহজাহান ৰোড, বাহাদুৰ শ্বাহ ৰোড, শ্বেৰ শ্বাহ ৰোড, ঔৰঙ্গজেব ৰোড, তুঘলক ৰোড, চফদৰজং ৰোড, নাজাফ খান ৰোড, জৌহাৰ ৰোড, লোধি ৰোড, চেমচফৰ্ড ৰোড আৰু হেইলি ৰোড আদি আক্ৰমণকাৰীৰ নামেৰে নামাকৰণ কৰা পথৰ নাম সলনি কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি পিআইএল খনত উল্লেখ কৰা হৈছে৷  ইয়াত লগতে কোৱা হৈছে যে  ভগৱান কৃষ্ণ আৰু 'বলৰাম'ৰ আশীৰ্বাদত 'পাণ্ডৱ', 'খাণ্ডৱপ্ৰস্থ' (নিৰ্জন ভূমি) ইন্দ্ৰপ্ৰস্থ (দিল্লী)লৈ ৰূপান্তৰিত কৰা হৈছিল৷  কিন্তু ভগৱান কৃষ্ণ, বলৰাম, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, কুন্তী, দ্ৰুপদী আৰু অভিমন্যুৰ নামত এটা পথো দিল্লীত নাই, পৌৰ নিগমৰ ৱাৰ্ড, গাওঁ বা বিধানসভা সমষ্টিও ইয়াত তেনে মহান পুৰুষৰ নামত নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই