--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক পাঁচ দিন চিবিআইৰ জিম্মাত প্ৰেৰণ কৰা হৈছে। দিল্লীৰ আদালতে কয় যে তেওঁ অহা ৪ মাৰ্চলৈকে চিবিআইৰ জিম্মাত থাকিব। ৮ ঘণ্টাৰ জেৰাৰ অন্তত দেওবাৰে আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ছিছ’ডিয়াক। সোমবাৰে তেওঁক দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়।

সোমবাৰে আদালতত চিবিআইয়ে দাবী কৰে যে ছিছ’দিয়াই তেওঁলোকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। আবকাৰী নীতিৰ প্ৰথম খচৰাত কমেও ৬টাকৈ বিষয়ৰ উত্তৰ দিব পৰা নাছিল। চিবিআইয়ে দাবী কৰে যে আবকাৰী নীতিৰ পৰিৱৰ্তন পানীয় বিক্ৰী কৰা কোম্পানীসমূহৰ স্বাৰ্থত কৰা হৈছে। বিনিময়ত ১০০ কোটি টকা লোৱা হৈছে।

চিছ’দিয়াৰ কম্পিউটাৰৰ পৰা আবকাৰী নীতিৰ খচৰা সন্দৰ্ভত এখন টোকা উদ্ধাৰ কৰা বুলিও দাবী কৰে চিবিআইয়ে। তদন্তকাৰীৰ মতে, ছিছ’দিয়াই আবকাৰী আয়ুক্তক এই নোটখন দিছিল। অৱশ্যে তেওঁৰ আইনী উপদেষ্টাসকলৰ লগত দিয়া পৰামৰ্শৰ সেই অংশটো তেওঁ এৰি দিলে।

চিবিআইৰ এই সকলো অভিযোগ মানি লোৱা নাই ছিছ’দিয়াৰ অধিবক্তাই। তেওঁ ক’লে, “মোৰ ক্লায়েণ্টে তেওঁলোকৰ অভিযোগ মানি লোৱা নাই। সেইটোৱেই তেওঁলোকৰ সমস্যা। তেওঁক জিম্মালৈ পঠিয়াব নোৱাৰি কাৰণ কোনেও অপৰাধ স্বীকাৰ কৰা নাই।’’

ইফালে, দেশৰ বিভিন্ন প্ৰান্তত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ কৰিছে আম আদমী পাৰ্টিয়ে। দিল্লী, বাংগালুৰু, মুম্বাই ইত্যাদি বৃহৎ চহৰসমূহত প্ৰতিবাদৰ জোৱাৰ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু