--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক পাঁচ দিন চিবিআইৰ জিম্মাত প্ৰেৰণ কৰা হৈছে। দিল্লীৰ আদালতে কয় যে তেওঁ অহা ৪ মাৰ্চলৈকে চিবিআইৰ জিম্মাত থাকিব। ৮ ঘণ্টাৰ জেৰাৰ অন্তত দেওবাৰে আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ছিছ’ডিয়াক। সোমবাৰে তেওঁক দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়।

সোমবাৰে আদালতত চিবিআইয়ে দাবী কৰে যে ছিছ’দিয়াই তেওঁলোকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। আবকাৰী নীতিৰ প্ৰথম খচৰাত কমেও ৬টাকৈ বিষয়ৰ উত্তৰ দিব পৰা নাছিল। চিবিআইয়ে দাবী কৰে যে আবকাৰী নীতিৰ পৰিৱৰ্তন পানীয় বিক্ৰী কৰা কোম্পানীসমূহৰ স্বাৰ্থত কৰা হৈছে। বিনিময়ত ১০০ কোটি টকা লোৱা হৈছে।

চিছ’দিয়াৰ কম্পিউটাৰৰ পৰা আবকাৰী নীতিৰ খচৰা সন্দৰ্ভত এখন টোকা উদ্ধাৰ কৰা বুলিও দাবী কৰে চিবিআইয়ে। তদন্তকাৰীৰ মতে, ছিছ’দিয়াই আবকাৰী আয়ুক্তক এই নোটখন দিছিল। অৱশ্যে তেওঁৰ আইনী উপদেষ্টাসকলৰ লগত দিয়া পৰামৰ্শৰ সেই অংশটো তেওঁ এৰি দিলে।

চিবিআইৰ এই সকলো অভিযোগ মানি লোৱা নাই ছিছ’দিয়াৰ অধিবক্তাই। তেওঁ ক’লে, “মোৰ ক্লায়েণ্টে তেওঁলোকৰ অভিযোগ মানি লোৱা নাই। সেইটোৱেই তেওঁলোকৰ সমস্যা। তেওঁক জিম্মালৈ পঠিয়াব নোৱাৰি কাৰণ কোনেও অপৰাধ স্বীকাৰ কৰা নাই।’’

ইফালে, দেশৰ বিভিন্ন প্ৰান্তত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ কৰিছে আম আদমী পাৰ্টিয়ে। দিল্লী, বাংগালুৰু, মুম্বাই ইত্যাদি বৃহৎ চহৰসমূহত প্ৰতিবাদৰ জোৱাৰ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ