--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগৰমে দহিব দেশক। তীব্ৰ গৰমৰ মাজত এগৰাকী টিভি এংকৰে হিটৱেভৰ বাতৰি  লাইভ অন এয়াৰ পঢ়ি থাকোতে মূৰ্ছা গল। বাতৰি পঢ়ি থকাৰ সময়তে তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল। দূৰদৰ্শনৰ কলকাতা শাখাৰ এগৰাকী এংকৰ লোপামুদ্ৰা সিনহাই গৰমৰ খবৰ পঢ়ি থকা  সময়তে এনে ঘটনা ঘটে। তেওঁ তেওঁৰ চকীত  বাগৰি পৰিছিল।


 সিনহাই পিছত কয় যে তেওঁ তীব্ৰ গৰমৰ বাবে আৰু তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু তেওঁ  মূৰ্চ্ছা গৈছিল। এংকৰগৰাকীয়ে  লগতে কৈছিল যে কুলিং চিষ্টেমত কিছু বাধাৰ বাবে ষ্টুডিঅ'ৰ ভিতৰত অত্যধিক গৰম আছিল।

তেওঁ কয় "মই কেতিয়াও মোৰ লগত পানীৰ বটল নাৰাখো। পোন্ধৰ মিনিট বা আধা ঘণ্টাৰ সম্প্ৰচাৰ হওঁক, মই মোৰ কেৰিয়াৰৰ ২১  বছৰত সম্প্ৰচাৰৰ সময়ত পানী খোৱাৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাই। কিন্তু, সম্প্ৰচাৰ টো শেষ হ'বলৈ ১৫  মিনিট বাকী থকাৰ সময়তে  মই অসুস্থ  অনুভৱ কৰিছিলো।"

 সিনহাইকয় যে তেওঁ অলপ পানী খোৱাৰ সুযোগ পোৱা নাছিল কাৰণ তেতিয়া বাতৰি চলি  আছিল।  গৰমৰ দিনত সদায় পানী প্ৰচুৰ খাব লাগে বুলিও তেওঁ কয়। 
এংকৰ সিনহাই এই  দুৰ্ঘটনাটোৰ বাবে তেওঁৰ চেনেলৰ ওচৰত ক্ষমা বিচাৰিছে  আৰু তেওঁ মূৰ্ছা যোৱাৰ পিছতো বাতৰিৰ  সম্প্ৰচাৰ চলাই থকাৰ বাবে  প্ৰযোজকসকলক ধন্যবাদ জনাইছে। তেওঁ কয় "মই কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা কিবা ঘটিব,"। 

 এইবেলি গৰমে দেশক দহিব বুলি কৈ অহা হৈছে।দেওবাৰে বংগৰ কিছুমান ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাতৰ পৰা আঠ ডিগ্ৰী অধিক নথিভুক্ত কৰা হৈছিল। পশ্চিম বংগৰ মিদনাপুৰ আৰু বাংকুৰাত ক্ৰমান্বয়ে ৪৪.৫ ডিগ্ৰী চেলচিয়াছ আৰু ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু