--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগৰমে দহিব দেশক। তীব্ৰ গৰমৰ মাজত এগৰাকী টিভি এংকৰে হিটৱেভৰ বাতৰি  লাইভ অন এয়াৰ পঢ়ি থাকোতে মূৰ্ছা গল। বাতৰি পঢ়ি থকাৰ সময়তে তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল। দূৰদৰ্শনৰ কলকাতা শাখাৰ এগৰাকী এংকৰ লোপামুদ্ৰা সিনহাই গৰমৰ খবৰ পঢ়ি থকা  সময়তে এনে ঘটনা ঘটে। তেওঁ তেওঁৰ চকীত  বাগৰি পৰিছিল।


 সিনহাই পিছত কয় যে তেওঁ তীব্ৰ গৰমৰ বাবে আৰু তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু তেওঁ  মূৰ্চ্ছা গৈছিল। এংকৰগৰাকীয়ে  লগতে কৈছিল যে কুলিং চিষ্টেমত কিছু বাধাৰ বাবে ষ্টুডিঅ'ৰ ভিতৰত অত্যধিক গৰম আছিল।

তেওঁ কয় "মই কেতিয়াও মোৰ লগত পানীৰ বটল নাৰাখো। পোন্ধৰ মিনিট বা আধা ঘণ্টাৰ সম্প্ৰচাৰ হওঁক, মই মোৰ কেৰিয়াৰৰ ২১  বছৰত সম্প্ৰচাৰৰ সময়ত পানী খোৱাৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাই। কিন্তু, সম্প্ৰচাৰ টো শেষ হ'বলৈ ১৫  মিনিট বাকী থকাৰ সময়তে  মই অসুস্থ  অনুভৱ কৰিছিলো।"

 সিনহাইকয় যে তেওঁ অলপ পানী খোৱাৰ সুযোগ পোৱা নাছিল কাৰণ তেতিয়া বাতৰি চলি  আছিল।  গৰমৰ দিনত সদায় পানী প্ৰচুৰ খাব লাগে বুলিও তেওঁ কয়। 
এংকৰ সিনহাই এই  দুৰ্ঘটনাটোৰ বাবে তেওঁৰ চেনেলৰ ওচৰত ক্ষমা বিচাৰিছে  আৰু তেওঁ মূৰ্ছা যোৱাৰ পিছতো বাতৰিৰ  সম্প্ৰচাৰ চলাই থকাৰ বাবে  প্ৰযোজকসকলক ধন্যবাদ জনাইছে। তেওঁ কয় "মই কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা কিবা ঘটিব,"। 

 এইবেলি গৰমে দেশক দহিব বুলি কৈ অহা হৈছে।দেওবাৰে বংগৰ কিছুমান ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাতৰ পৰা আঠ ডিগ্ৰী অধিক নথিভুক্ত কৰা হৈছিল। পশ্চিম বংগৰ মিদনাপুৰ আৰু বাংকুৰাত ক্ৰমান্বয়ে ৪৪.৫ ডিগ্ৰী চেলচিয়াছ আৰু ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ