--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মঘটত অচল হৈ পৰিছে হলীউড। হলীউডৰ চিত্ৰনাট্যকাৰসকলেপ্ৰথমে হলীউডত ধৰ্মঘট আৰম্ভ কৰিছিল।  এইবাৰ, ডাঙৰ পৰ্দা আৰু সৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলেও চিত্ৰনাট্যকাৰসকলৰ সৈতে  ধৰ্মঘটত ভাগ লৈছে। ফলত বন্ধ হৈ পৰিছে কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিং।  বৃহস্পতিবাৰে মাজনিশাৰে পৰা  ধৰ্মঘট আৰম্ভ হৈছিল আৰু আজিও সেয়া চলি আছে। 

 'দ্য স্ক্ৰীণ এক্টৰ্ছ গিল্ড'ৰ আহ্বানত হলীউডৰ শিল্পী, চিত্ৰনাট্যকাৰ, কলা-কুশলীয়ে এই ধৰ্মঘটত ভাগ লৈছে। এয়া  ৪০ বছৰৰ পিছত  হলিউডৰ আটাইতকৈ ডাঙৰ ধৰ্মঘট বুলি  বুলি কোৱা হৈছে।সংগঠনটোৱে হলীউডৰ ডাঙৰ কোম্পানীবোৰক   দৰমহা বৃদ্ধি  আৰু উন্নত কামৰ পৰিবেশ সৃষ্টিৰ   দাবী জনাই আহিছে।   ইয়াৰ উপৰি এই মুহূৰ্তত হলীউডৰ সকলোৰে আটাইতকৈ ডাঙৰ চিন্তা হৈছে 'এআই' (কৃত্ৰিম বুদ্ধিমত্তা)। হলীউডত এআই অভিনেতা-অভিনেত্ৰীয়ে   ভুমুকি মাৰিব বুলি চৰ্চা চলি থকাৰ সময়তে বহুতে পেটৰ ভাত হেৰুওৱাৰ ভয়ত প্ৰতিবাদ কৰিছে।

হলীউডৰ আন  সংগঠনবোৰেও এনে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিৰুদ্ধে মত দিছে।   প্ৰায় ১৬০,০০০ অভিনেতা আৰু অভিনেত্ৰীয়ে এআই প্ৰযুক্তিৰে সৃষ্টি কৰা অভিনেতা-অভিনেত্ৰীৰ বিৰোধিতা কৰিছে। চিত্ৰনাট্যকাৰসকলেও একেই দাবী কৰিছে। তেওঁলোক তেওঁলোকে প্ৰথমে বিভিন্ন উৎপাদন প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁলোকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠকত বহিছিল।  কিন্তু বৈঠকৰ ফলাফল ইতিবাচক নোহোৱাত  অৱশেষত ধৰ্মঘটৰ ঘোষণা কৰা হয়। 

ধৰ্মঘট ঘোষণা কৰাৰ সময়ত  লণ্ডনত 'অপেনহাইমাৰ' ছবিৰৰ প্ৰচাৰ চলি আছিল। কিলিয়ান মাৰ্ফি আৰু এমিলি ব্লাণ্টৰ দৰে চেলিব্ৰিটিসকলেও ধৰ্মঘটৰ সমৰ্থনত ছবিখনৰ প্ৰচাৰ বন্ধ কৰি দিছিল আৰু সভাকক্ষৰ পৰা ওলাই গৈছিল। কেৱল ডাঙৰ পৰ্দাৰ তাৰকাসকলেই নহয়, সৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলেও এই ধৰ্মঘট সমৰ্থন কৰিছে। যদিও শেহতীয়াকৈ ষ্ট্ৰীমিং প্ৰযুক্তিৰ সম্প্ৰসাৰণে চলচ্চিত্ৰ ব্যৱসায়ক লাভান্বিত কৰিছে, ই চিত্ৰনাট্যকাৰ, অভিনেতা আৰু অন্যান্য শিল্পীসকলৰ স্বাৰ্থত বাধা সৃষ্টি কৰিছে। চিত্ৰনাট্যকাৰ সংস্থাই অভিযোগ কৰিছে  এআই-এ তেওঁলোকৰ উপাৰ্জনত বিভিন্ন ধৰণে বাধা প্ৰদান কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে