--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মঘটত অচল হৈ পৰিছে হলীউড। হলীউডৰ চিত্ৰনাট্যকাৰসকলেপ্ৰথমে হলীউডত ধৰ্মঘট আৰম্ভ কৰিছিল।  এইবাৰ, ডাঙৰ পৰ্দা আৰু সৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলেও চিত্ৰনাট্যকাৰসকলৰ সৈতে  ধৰ্মঘটত ভাগ লৈছে। ফলত বন্ধ হৈ পৰিছে কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিং।  বৃহস্পতিবাৰে মাজনিশাৰে পৰা  ধৰ্মঘট আৰম্ভ হৈছিল আৰু আজিও সেয়া চলি আছে। 

 'দ্য স্ক্ৰীণ এক্টৰ্ছ গিল্ড'ৰ আহ্বানত হলীউডৰ শিল্পী, চিত্ৰনাট্যকাৰ, কলা-কুশলীয়ে এই ধৰ্মঘটত ভাগ লৈছে। এয়া  ৪০ বছৰৰ পিছত  হলিউডৰ আটাইতকৈ ডাঙৰ ধৰ্মঘট বুলি  বুলি কোৱা হৈছে।সংগঠনটোৱে হলীউডৰ ডাঙৰ কোম্পানীবোৰক   দৰমহা বৃদ্ধি  আৰু উন্নত কামৰ পৰিবেশ সৃষ্টিৰ   দাবী জনাই আহিছে।   ইয়াৰ উপৰি এই মুহূৰ্তত হলীউডৰ সকলোৰে আটাইতকৈ ডাঙৰ চিন্তা হৈছে 'এআই' (কৃত্ৰিম বুদ্ধিমত্তা)। হলীউডত এআই অভিনেতা-অভিনেত্ৰীয়ে   ভুমুকি মাৰিব বুলি চৰ্চা চলি থকাৰ সময়তে বহুতে পেটৰ ভাত হেৰুওৱাৰ ভয়ত প্ৰতিবাদ কৰিছে।

হলীউডৰ আন  সংগঠনবোৰেও এনে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিৰুদ্ধে মত দিছে।   প্ৰায় ১৬০,০০০ অভিনেতা আৰু অভিনেত্ৰীয়ে এআই প্ৰযুক্তিৰে সৃষ্টি কৰা অভিনেতা-অভিনেত্ৰীৰ বিৰোধিতা কৰিছে। চিত্ৰনাট্যকাৰসকলেও একেই দাবী কৰিছে। তেওঁলোক তেওঁলোকে প্ৰথমে বিভিন্ন উৎপাদন প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁলোকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠকত বহিছিল।  কিন্তু বৈঠকৰ ফলাফল ইতিবাচক নোহোৱাত  অৱশেষত ধৰ্মঘটৰ ঘোষণা কৰা হয়। 

ধৰ্মঘট ঘোষণা কৰাৰ সময়ত  লণ্ডনত 'অপেনহাইমাৰ' ছবিৰৰ প্ৰচাৰ চলি আছিল। কিলিয়ান মাৰ্ফি আৰু এমিলি ব্লাণ্টৰ দৰে চেলিব্ৰিটিসকলেও ধৰ্মঘটৰ সমৰ্থনত ছবিখনৰ প্ৰচাৰ বন্ধ কৰি দিছিল আৰু সভাকক্ষৰ পৰা ওলাই গৈছিল। কেৱল ডাঙৰ পৰ্দাৰ তাৰকাসকলেই নহয়, সৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলেও এই ধৰ্মঘট সমৰ্থন কৰিছে। যদিও শেহতীয়াকৈ ষ্ট্ৰীমিং প্ৰযুক্তিৰ সম্প্ৰসাৰণে চলচ্চিত্ৰ ব্যৱসায়ক লাভান্বিত কৰিছে, ই চিত্ৰনাট্যকাৰ, অভিনেতা আৰু অন্যান্য শিল্পীসকলৰ স্বাৰ্থত বাধা সৃষ্টি কৰিছে। চিত্ৰনাট্যকাৰ সংস্থাই অভিযোগ কৰিছে  এআই-এ তেওঁলোকৰ উপাৰ্জনত বিভিন্ন ধৰণে বাধা প্ৰদান কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু