--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ অনুৰাগীসকলে এতিয়া অপেক্ষা কৰি আছে 'জৱান’ৰ বাবে। এটলীৰ সৈতে ছুপাৰষ্টাৰগৰাকীৰ প্ৰথমখন ছবি ৭ ছেপ্টেম্বৰত মুক্তি পাব আৰু ইয়াৰ প্ৰিভিউ ১০ জুলাইত মুক্তি পাব। টুইটাৰত ছবিখনৰ ট্ৰেণ্ড অব্যাহত থকাৰ সময়তে অভিনেতাগৰাকীয়ে ‘আস্ক এছ আৰ কে’ অনুষ্ঠান আয়োজন কৰে।

১৩ জুলাইৰ ‘আস্ক এছ আৰ কে’ অধিবেশনত ছুপাৰষ্টাৰগৰাকীয়ে এজন অনুৰাগীক প্ৰতিশ্ৰুতি দিছিল যে অধিবেশনৰ ঠিক পিছতেই তেওঁ ‘জৱান’ৰ নতুন পোষ্টাৰ ড্ৰপ কৰিব। কথামতেই কাম!

পোষ্টাৰখনত দেখা গৈছে যে শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে টকলা হৈছে। এটলী ছবিখনত দুটা চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে নিজৰ খলনায়ক অৱতাৰৰ বাবে টকলা হোৱা দেখা যাব। পোষ্টাৰখন দেখি অনুৰাগীমহলৰ মাজত ব্যাপক হৈ চৈৰ সৃষ্টি হৈছে।

তেওঁ পোষ্টাৰখনৰ স’তে লিখিছে, "এতিয়া কামলৈ উভতি যাব লাগিব। জৱানে মুক্তিৰ সাজু হৈছে। #AskSRK ৰ বাবে সময় দিয়াৰ বাবে ধন্যবাদ। প্ৰতিশ্ৰুতি অনুসৰি ছবিখনৰ পোষ্টাৰখন মুকলি কৰিলো।’’

উল্লেখ্য যে ‘জোৱান’ত অভিনয় কৰিছে নয়ন্তৰা, বিজয় সেঠুপতি, সন্যা মালহোত্ৰা, ইত্যাদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু