--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা সম্প্ৰতি বহু চলচ্চিত্ৰৰ শ্বুটিঙত ব্যস্ত।শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আন এখন নতুন হলীউড ছবি। প্ৰিয়ংকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আগন্তুক ছবি নাম- ‘দ্য ব্লাফ’। যদিও, কিছুদিনৰ পৰা খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীয়ে এই ছবিখনত চুক্তিবদ্ধ হৈছে৷ কিন্তু এতিয়া প্ৰিয়ংকাই পোষ্টটো শ্বেয়াৰ কৰি আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰিছে। ছবিখনত হলীউডৰ অভিনেতা কাৰ্ল আৰবানৰ সৈতে অভিনয় কৰিব প্ৰিয়ংকাই।

প্ৰিয়ংকাৰ এই ছবিখন মুক্তি পাব OTT প্লেটফৰ্ম নেটফ্লিক্সত। ‘দ্য ব্লাফ’ পৰিচালনা কৰিব ফ্ৰেংক ই ফ্লাৱাৰ্ছে। বিশ্বজুৰি ১২ কোটি ডলাৰৰ ওপৰত উপাৰ্জন কৰা হিট ছবি ‘বব মাৰ্লি: ৱান লাভ’ৰ সহ-লেখক হিচাপে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ‘দ্য ব্লাফ’ৰ কাহিনীৰ কথা ক’বলৈ গ’লে ১৯ শতিকাৰ কেৰিবিয়ানৰ আধাৰত নিৰ্মিত আৰু এগৰাকী প্ৰাক্তন মহিলা জলদস্যুৰ কাহিনী। জলদস্যুৰ চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই। অষ্ট্ৰেলিয়াত ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ প্ৰযোজক হ’ব এজিবিঅ’ৰ এণ্টনি ৰুছ’, জো ৰুছ’, এঞ্জেলা ৰুছ’-অটষ্টট আৰু মাইকেল ডিস্কো।

প্ৰিয়ংকা চোপ্ৰাৰ আগন্তুক ছবি ‘দ্য ব্লাফ’ৰ উপৰিও অভিনেত্ৰীগৰাকীৰ হলীউডৰ কিছুমান অন্য প্ৰকল্প আছে, য’ত জন চিনাৰ সৈতে ‘হেড অৱ ষ্টেট’ আৰু ‘চিটাডেল ২’। তদুপৰি প্ৰিয়ংকাই অভিনেত্ৰী আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰ সৈতে বহু প্ৰত্যাশিত ছবি ‘জী লে জাৰা’ৰ জৰিয়তেও বলীউডত পুনৰ প্ৰত্যাবৰ্তন ঘটাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু