--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা সম্প্ৰতি বহু চলচ্চিত্ৰৰ শ্বুটিঙত ব্যস্ত।শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আন এখন নতুন হলীউড ছবি। প্ৰিয়ংকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আগন্তুক ছবি নাম- ‘দ্য ব্লাফ’। যদিও, কিছুদিনৰ পৰা খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীয়ে এই ছবিখনত চুক্তিবদ্ধ হৈছে৷ কিন্তু এতিয়া প্ৰিয়ংকাই পোষ্টটো শ্বেয়াৰ কৰি আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰিছে। ছবিখনত হলীউডৰ অভিনেতা কাৰ্ল আৰবানৰ সৈতে অভিনয় কৰিব প্ৰিয়ংকাই।

প্ৰিয়ংকাৰ এই ছবিখন মুক্তি পাব OTT প্লেটফৰ্ম নেটফ্লিক্সত। ‘দ্য ব্লাফ’ পৰিচালনা কৰিব ফ্ৰেংক ই ফ্লাৱাৰ্ছে। বিশ্বজুৰি ১২ কোটি ডলাৰৰ ওপৰত উপাৰ্জন কৰা হিট ছবি ‘বব মাৰ্লি: ৱান লাভ’ৰ সহ-লেখক হিচাপে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ‘দ্য ব্লাফ’ৰ কাহিনীৰ কথা ক’বলৈ গ’লে ১৯ শতিকাৰ কেৰিবিয়ানৰ আধাৰত নিৰ্মিত আৰু এগৰাকী প্ৰাক্তন মহিলা জলদস্যুৰ কাহিনী। জলদস্যুৰ চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই। অষ্ট্ৰেলিয়াত ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ প্ৰযোজক হ’ব এজিবিঅ’ৰ এণ্টনি ৰুছ’, জো ৰুছ’, এঞ্জেলা ৰুছ’-অটষ্টট আৰু মাইকেল ডিস্কো।

প্ৰিয়ংকা চোপ্ৰাৰ আগন্তুক ছবি ‘দ্য ব্লাফ’ৰ উপৰিও অভিনেত্ৰীগৰাকীৰ হলীউডৰ কিছুমান অন্য প্ৰকল্প আছে, য’ত জন চিনাৰ সৈতে ‘হেড অৱ ষ্টেট’ আৰু ‘চিটাডেল ২’। তদুপৰি প্ৰিয়ংকাই অভিনেত্ৰী আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰ সৈতে বহু প্ৰত্যাশিত ছবি ‘জী লে জাৰা’ৰ জৰিয়তেও বলীউডত পুনৰ প্ৰত্যাবৰ্তন ঘটাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী