--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৰ্তমান চৰ্চাত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক্‌-বৈবাহিক অনুষ্ঠান। ৩ দিনীয়া এই অনুষ্ঠানে সমগ্ৰ দেশজুৰি নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। সমগ্ৰ বিশ্বৰ বহু তাৰকাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল। কেৱল শিল্পই নহয় ৰাজনীতি আৰু ক্ৰীড়া জগতৰ তাৰকাও এই কাৰ্যসূচীৰ অংশ হৈ পৰিল। এই অনুষ্ঠানৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ই বৰ্তমান চৰ্চা লাভ কৰিছে য’ত ছলমান খান আৰু মহেন্দ্ৰ সিং ধোনীক একেলগে দেখা গৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে ছলমান খান আৰু এম এছ ধোনীয়ে ইজনে সিজনৰ লগত বাৰ্তালাপ কৰিছে। ইয়াৰ বাহিৰেও ভিডিঅ’টোত সুস্পষ্ট যে ৰণবীৰ সিঙো বাৰ্তালাপটোৰ অংশ হৈ পৰিছে। ইয়াৰ পাছত ছলমান খান আৰু এম এছ ধোনীৰ সৈতে ৰণবীৰে আলাপ কৰিছে। অনুষ্ঠানত দেহৰক্ষী শ্বেৰাৰ সৈতে আহি উপস্থিত হয় ছলমান খান। এই ভিডিঅ'টো ভাল চালে দেখিব পৰা যে অৰ্জুন কাপুৰো ধোনীৰ কাষত থিয় হৈ আছে।কিন্তু অৰ্জুন কাপুৰৰ সৈতে ছলমান খানৰ  সম্পৰ্ক ঠিক নহয়। এনে পৰিস্থিতিত সম্ভৱ যে অৰ্জুন কাপুৰৰ বাবেই ছলমান ধোনীৰ বেছি ওচৰলৈ যোৱা নাছিল আৰু আওকাণ কৰিছিল। আনহাতে অৰ্জুন কাপুৰেও ছলমানক লগ কৰিবলৈ আগবাঢ়ি নাহিল। এই সময়ছোৱাত অৰ্জুনক ধোনীৰ পত্নী সাক্ষীৰ সৈতে কথা পাতি থকা দেখা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী