--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ভাষাত ৰিমেক হ’ব মালয়ালম ছৱি 'দৃশ্যম’। মালয়ালম মহাতাৰকা মোহনলালে অভিনয় কৰা ছৱিখনেআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰিমেক কৰা হ’ব। মোহনলালে ছৱিখনত বিখ্যাত চৰিত্ৰ জৰ্জ কুটীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

এতিয়া ছবিখন হলিউডৰ ইংৰাজীকে ধৰি কেইবাটাও ভাষাত নিৰ্মাণ কৰা হ’ব। মালয়ালম ছৱি উদ্যোগত চুপাৰহিট হোৱা ছৱিখনে এতিয়ালৈকে বলীউডতো  দুবাৰকৈ ৰিমেক হৈছিল। যোৱা বছৰ মুক্তি পোৱা হিন্দী ভাষাৰ দৃশ্যম-২ ছবিখনে ভাৰতৰ বক্স অফিচত প্ৰায় ২৫০ কোটি টকা উপাৰ্জন কৰিছিল।

এক বিবৃতিত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে কয় যে, “দৃশ্যাম ২ (হিন্দীত)ৰ প্ৰচণ্ড সফলতাৰ পিছত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে যে তেওঁলোকে মালয়ালম ভাষাৰ ছবি “দৃশ্যাম আৰু দৃষ্টিম ২”ৰ পুনৰ্নিৰ্মাণৰ অধিকাৰ অৰ্জন কৰিছে।’’

বিবৃত্তটত আৰু কোৱা হয় যে ইংৰাজীকে ধৰি  সকলো অ-ভাৰতীয় ভাষাত ছৱিখন নিৰ্মাণ কৰাৰ অধিকাৰ লাভ কৰিছে। কিন্তু ফিলিপাইনছ, সিংহলী আৰু ইণ্ডোনেছিয়ান ভাষাত এই স্বত্ব লাভ কৰা নাই।’’

চীনা, কোৰিয়ান, জাপানীজ আৰু হলিউডতো ছৱিখন ৰিমেক কৰাক লৈ তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে বুলি বিবৃত্তিটোত জনায়।

২০১৩ চনত প্ৰথমবাৰৰ বাবে মালয়ালম ভাষাত মুক্তি লাভ কৰা এই ছবিৰ লেখক আৰু পৰিচালক জীথু জোচেফ আৰু মুখ্য চৰিত্ৰত আছিল মোহনলাল। ছবিখনত জৰ্জ কুটি আৰু তেওঁৰ পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। হিন্দী, তামিল, আৰু তেলেগু ভাষাতো দৃশ্যাম পুনৰ নিৰ্মাণ কৰা হৈছে। এইসমূহত ছৱিখনৰ নায়ক হৈছিল অজয় ​​দেৱগন, কমল হাছান, আৰু ভেংকটেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক