--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ভাষাত ৰিমেক হ’ব মালয়ালম ছৱি 'দৃশ্যম’। মালয়ালম মহাতাৰকা মোহনলালে অভিনয় কৰা ছৱিখনেআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰিমেক কৰা হ’ব। মোহনলালে ছৱিখনত বিখ্যাত চৰিত্ৰ জৰ্জ কুটীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

এতিয়া ছবিখন হলিউডৰ ইংৰাজীকে ধৰি কেইবাটাও ভাষাত নিৰ্মাণ কৰা হ’ব। মালয়ালম ছৱি উদ্যোগত চুপাৰহিট হোৱা ছৱিখনে এতিয়ালৈকে বলীউডতো  দুবাৰকৈ ৰিমেক হৈছিল। যোৱা বছৰ মুক্তি পোৱা হিন্দী ভাষাৰ দৃশ্যম-২ ছবিখনে ভাৰতৰ বক্স অফিচত প্ৰায় ২৫০ কোটি টকা উপাৰ্জন কৰিছিল।

এক বিবৃতিত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে কয় যে, “দৃশ্যাম ২ (হিন্দীত)ৰ প্ৰচণ্ড সফলতাৰ পিছত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে যে তেওঁলোকে মালয়ালম ভাষাৰ ছবি “দৃশ্যাম আৰু দৃষ্টিম ২”ৰ পুনৰ্নিৰ্মাণৰ অধিকাৰ অৰ্জন কৰিছে।’’

বিবৃত্তটত আৰু কোৱা হয় যে ইংৰাজীকে ধৰি  সকলো অ-ভাৰতীয় ভাষাত ছৱিখন নিৰ্মাণ কৰাৰ অধিকাৰ লাভ কৰিছে। কিন্তু ফিলিপাইনছ, সিংহলী আৰু ইণ্ডোনেছিয়ান ভাষাত এই স্বত্ব লাভ কৰা নাই।’’

চীনা, কোৰিয়ান, জাপানীজ আৰু হলিউডতো ছৱিখন ৰিমেক কৰাক লৈ তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে বুলি বিবৃত্তিটোত জনায়।

২০১৩ চনত প্ৰথমবাৰৰ বাবে মালয়ালম ভাষাত মুক্তি লাভ কৰা এই ছবিৰ লেখক আৰু পৰিচালক জীথু জোচেফ আৰু মুখ্য চৰিত্ৰত আছিল মোহনলাল। ছবিখনত জৰ্জ কুটি আৰু তেওঁৰ পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। হিন্দী, তামিল, আৰু তেলেগু ভাষাতো দৃশ্যাম পুনৰ নিৰ্মাণ কৰা হৈছে। এইসমূহত ছৱিখনৰ নায়ক হৈছিল অজয় ​​দেৱগন, কমল হাছান, আৰু ভেংকটেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি