--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্যই কেতিয়া কাক ক'লৈ লৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। ৰজা-ৰাণীৰ দৰে জীৱন কটোৱা কোনো লোকেও এটা সময়ত ভিক্ষাৰীৰ দৰে জীৱন কটাব লগা হ'ব পাৰে। সকলোবোৰ ভাগ্যৰে খেল। 

বলীউড তাৰকাৰো কিছুমান বেদনাদায়ক কাহিনী থাকে। এই তালিকাত অভিনেত্ৰী বিমীৰ নামো আছে, বিমী তেওঁৰ যুগৰ বিখ্যাত অভিনেত্ৰী আছিল আৰু ডাঙৰ তাৰকাৰ সৈতে কাম কৰিছিল। বিমীয়ে ৩৩ বছৰতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল। তেওঁৰ জীৱনৰ বিষয়ে জানিলে আপুনিও স্তম্ভিত হৈ পৰিব। 
Pin by retro bolly on vimi | Bollywood actress, Actresses, Fashion
৬০-৭০ৰ দশকৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা কওঁতে নিশ্চিতভাৱে মনলৈ আহে বিমীৰ নাম। যিয়ে সুনীল দত্তকে ধৰি শশী কাপুৰলৈকে পৰ্দা শ্বেয়াৰ কৰিছিল আৰু বহুত সফলতা লাভ কৰিছিল। সেই সময়তে তেওঁ এখন চিনেমাৰ বাবে ৩ লাখ টকা লৈছিল যিটো যথেষ্ট বেছি আছিল। কেৱল এয়াই নহয়, তেওঁৰ বস্ত্ৰ ব্যৱসায় আছিল যিয়ে কোটি কোটি টকা উপাৰ্জন কৰিছিল। গতিকে বিমীয়ে কটাইছিল বিলাসী জীৱন। তেওঁৰ আছিল বহু বিলাসী বাহন আৰু বিলাসী ঘৰত বাস কৰিছিল। কিন্তু তেওঁৰ জীৱনটো এনেদৰে সলনি হৈ পৰিল যে সেই কথা শুনিলে আপুনি আৱেগিক হৈ পৰিব।
Vimi - Upperstall.com
চলচ্চিত্ৰ জগতত ভৰি থোৱাৰ আগতেই বিমী বিবাহপাশত আবদ্ধ হৈছিল। পৰিয়ালৰ বিৰুদ্ধে তেওঁ বিয়া পাতিছিল। যেতিয়া তেওঁ চিনেমাত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ শহুৰেকৰ ঘৰখনে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছিল। কিছুদিনৰ পাছতে বিমীৰ বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পাছতে প্ৰযোজক জলীৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়িছিল। জলীৰ সংগলৈ আহি মদৰ প্ৰতি আসক্ত হৈ পৰিছিল বিমী। পৰিস্থিতি ইমানে বেয়ালৈ আহিল যে লাহে লাহে তেওঁৰ ব্যৱসায়টোও ডুব যাবলৈ ধৰিলে। তেওঁ দুখীয়া হৈ পৰিল। এটা সময় আহিল যেতিয়া বিমীৰ নাম দেহ ব্যৱসায়তো সাঙুৰ খাই পৰিছিল। বিমীয়ে অত্যধিক মদ্যপান কৰিবলৈ ধৰিলে যাৰ বাবে তেওঁৰ লিভাৰৰ বহু ক্ষতি হ’ল।
vimi tragic life story of humraaz film actress | जिस से की शादी उसी ने कर  दिया कंगाल, अंतिम समय में ठेले में ले जाना पड़ा था एक्ट्रेस का शव | Patrika  News
স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু তেওঁৰ ইমানেই ধাৰ আছিল যে তেওঁৰ নিজৰ চিকিৎসাৰ বাবেও টকা নাছিল। ১৯৭৭ চনৰ ২২ আগষ্টত বিমীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে। কিন্তু সেই সময়ত হাস্পতালত তেওঁৰ কাষত নিজৰ কোনো আপোন মানুহ নাছিল যিয়ে তেওঁক শেষযাত্ৰাত বিদায় জনাব পাৰিব। সেই সময়ত জলীয়ে এগৰাকী চৰ্বত বেপাৰীৰ পৰা এখন ঠেলা লৈ, সেই ঠেলাখনত বিমীৰ মৃতদেহ উঠাই শ্মশানলৈ লৈ গৈছিল। ইমান টকা-পইচাৰ গৰাকী হোৱা স্বত্বেও ভাগ্যৰ পৰিহাসত বিমীৰ জীৱন কি হৈ পৰিল দেখিলেনে...

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক