--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্যই কেতিয়া কাক ক'লৈ লৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। ৰজা-ৰাণীৰ দৰে জীৱন কটোৱা কোনো লোকেও এটা সময়ত ভিক্ষাৰীৰ দৰে জীৱন কটাব লগা হ'ব পাৰে। সকলোবোৰ ভাগ্যৰে খেল। 

বলীউড তাৰকাৰো কিছুমান বেদনাদায়ক কাহিনী থাকে। এই তালিকাত অভিনেত্ৰী বিমীৰ নামো আছে, বিমী তেওঁৰ যুগৰ বিখ্যাত অভিনেত্ৰী আছিল আৰু ডাঙৰ তাৰকাৰ সৈতে কাম কৰিছিল। বিমীয়ে ৩৩ বছৰতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল। তেওঁৰ জীৱনৰ বিষয়ে জানিলে আপুনিও স্তম্ভিত হৈ পৰিব। 
Pin by retro bolly on vimi | Bollywood actress, Actresses, Fashion
৬০-৭০ৰ দশকৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা কওঁতে নিশ্চিতভাৱে মনলৈ আহে বিমীৰ নাম। যিয়ে সুনীল দত্তকে ধৰি শশী কাপুৰলৈকে পৰ্দা শ্বেয়াৰ কৰিছিল আৰু বহুত সফলতা লাভ কৰিছিল। সেই সময়তে তেওঁ এখন চিনেমাৰ বাবে ৩ লাখ টকা লৈছিল যিটো যথেষ্ট বেছি আছিল। কেৱল এয়াই নহয়, তেওঁৰ বস্ত্ৰ ব্যৱসায় আছিল যিয়ে কোটি কোটি টকা উপাৰ্জন কৰিছিল। গতিকে বিমীয়ে কটাইছিল বিলাসী জীৱন। তেওঁৰ আছিল বহু বিলাসী বাহন আৰু বিলাসী ঘৰত বাস কৰিছিল। কিন্তু তেওঁৰ জীৱনটো এনেদৰে সলনি হৈ পৰিল যে সেই কথা শুনিলে আপুনি আৱেগিক হৈ পৰিব।
Vimi - Upperstall.com
চলচ্চিত্ৰ জগতত ভৰি থোৱাৰ আগতেই বিমী বিবাহপাশত আবদ্ধ হৈছিল। পৰিয়ালৰ বিৰুদ্ধে তেওঁ বিয়া পাতিছিল। যেতিয়া তেওঁ চিনেমাত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ শহুৰেকৰ ঘৰখনে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছিল। কিছুদিনৰ পাছতে বিমীৰ বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পাছতে প্ৰযোজক জলীৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়িছিল। জলীৰ সংগলৈ আহি মদৰ প্ৰতি আসক্ত হৈ পৰিছিল বিমী। পৰিস্থিতি ইমানে বেয়ালৈ আহিল যে লাহে লাহে তেওঁৰ ব্যৱসায়টোও ডুব যাবলৈ ধৰিলে। তেওঁ দুখীয়া হৈ পৰিল। এটা সময় আহিল যেতিয়া বিমীৰ নাম দেহ ব্যৱসায়তো সাঙুৰ খাই পৰিছিল। বিমীয়ে অত্যধিক মদ্যপান কৰিবলৈ ধৰিলে যাৰ বাবে তেওঁৰ লিভাৰৰ বহু ক্ষতি হ’ল।
vimi tragic life story of humraaz film actress | जिस से की शादी उसी ने कर  दिया कंगाल, अंतिम समय में ठेले में ले जाना पड़ा था एक्ट्रेस का शव | Patrika  News
স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু তেওঁৰ ইমানেই ধাৰ আছিল যে তেওঁৰ নিজৰ চিকিৎসাৰ বাবেও টকা নাছিল। ১৯৭৭ চনৰ ২২ আগষ্টত বিমীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে। কিন্তু সেই সময়ত হাস্পতালত তেওঁৰ কাষত নিজৰ কোনো আপোন মানুহ নাছিল যিয়ে তেওঁক শেষযাত্ৰাত বিদায় জনাব পাৰিব। সেই সময়ত জলীয়ে এগৰাকী চৰ্বত বেপাৰীৰ পৰা এখন ঠেলা লৈ, সেই ঠেলাখনত বিমীৰ মৃতদেহ উঠাই শ্মশানলৈ লৈ গৈছিল। ইমান টকা-পইচাৰ গৰাকী হোৱা স্বত্বেও ভাগ্যৰ পৰিহাসত বিমীৰ জীৱন কি হৈ পৰিল দেখিলেনে...

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু