--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ট্ৰেফিক চালান দিয়াটো এতিয়া অতি সহজ হ’ব। এতিয়া আপুনি হোৱাটছএপৰ জৰিয়তে আপোনাৰ ফোনত চালান সম্পৰ্কে প্ৰতিটো তথ্য লাভ কৰিব পাৰিব। কেৱল এয়াই নহয়, হোৱাটছএপৰ জৰিয়তেও ধন পৰিশোধ কৰিব পাৰিব। 

Delhi Transport Department Plans To Introduce Whatsapp For Sending And  Paying Traffic Challans - Amar Ujala Hindi News Live - Traffic Challan On  Whatsapp:आसानी से भर पाएंगे ट्रैफिक चालान, जल्द ही इस

শীঘ্ৰে হোৱাটছএপৰ জৰিয়তে ট্ৰেফিক চালান প্ৰেৰণৰ প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে। শেহতীয়াকৈ দিল্লী চৰকাৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত কোৱা হৈছে যে এতিয়া ট্ৰেফিক নিয়ম উলংঘা কৰাসকলক হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ ই-চালান প্ৰেৰণ কৰা হ’ব। তাত দিয়া লিংকৰ পৰাও ধন পৰিশোধ কৰিব পাৰিব। এই সেৱা সম্পূৰ্ণ বিনামূলীয়া।

এই ব্যতিক্ৰম পদক্ষেপ লোৱাৰ কাৰণ হৈছে বহু সময়ত মানুহে চালানৰ সৈতে জড়িত বাৰ্তা লাভ নকৰে, যাৰ বাবে তেওঁলোকে চালান পৰিশোধ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া হোৱাটছএপ চিষ্টেম সক্ৰিয় হোৱাৰ পিছত তৎক্ষণাত চালান দিয়াটো সহজ হ’ব। ইয়াৰ দ্বাৰা যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগো যথেষ্ট সকাহ পাব। হোৱাটছএপৰ ট্ৰেফিক চালান চিষ্টেম সক্ৰিয় হোৱাৰ পিছত আপোনাৰ ফোনত চালান সম্পৰ্কীয় তথ্য, সোঁৱৰাই দিয়া আদিৰ সৈতে জড়িত আপডেট পাব। ইয়াৰ উপৰিও চালান জমা কৰাৰ পিছত হোৱাটছএপৰ জৰিয়তেও ল’ব পাৰিব ইয়াৰ ৰচিদ।
ट्रैफिक चालान भरने की नहीं होगी टेंशन, अब WhatsApp पर होगा हर काम - India  TV Hindi
এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ পিছত মানুহে চালানৰ বিষয়ে তথ্য লাভ কৰাটো অতি সহজ হৈ পৰিব। এই ব্যৱস্থা অতি সোনকালে পৰিবহণ বিভাগে ৰূপায়ণ কৰিব, যাতে মানুহে ইয়াৰ সম্পূৰ্ণ সুবিধা ল’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ