--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জীৱনত কিবা কৰাৰ হেঁপাহ আৰু মনৰ উদ্যমেৰে লিউকোমিয়া ৰোগৰ সৈতে যুঁজি যুঁজি অধ্যয়নত ব্যস্ত আছিল দিন হাজিৰা কৰা পিতৃৰ কন্যাগৰাকীয়ে৷

ডিজিটেল ডেস্ক: কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগেও হাৰ মানিলে হাচিফা খানম নামৰ এই গৰাকী শিক্ষাৰ্থীৰ ওচৰত৷ হোজাই জিলাৰ যোগীজানৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা হাচিফা খানমে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৯.৫০ শতাংশ নম্বৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ 


আজিৰ পৰা প্ৰায় ৭ বছৰ পূৰ্বে লিউকোমিয়া ৰোগত আক্ৰান্ত হৈছিল শিক্ষাৰ্থীগৰাকী৷ মৌলানা বদৰুদ্দিন আজমলে আজমলৰ কেন্সাৰ কেয়াৰ আঁচনিৰ জৰিয়তে প্ৰায় ৭-৮ লাখ টকা খৰছ কৰি কিশোৰীগৰাকীক চিকিৎসা কৰি সুস্থ কৰিছিল যদিও বৰ্তমানেও চিকিৎসা চলি আছে কিশোৰীগৰাকীৰ৷


জীৱনত কিবা কৰাৰ হেঁপাহ আৰু মনৰ উদ্যমেৰে লিউকোমিয়া ৰোগৰ সৈতে যুঁজি যুঁজি অধ্যয়নত ব্যস্ত আছিল দিন হাজিৰা কৰা পিতৃৰ কন্যাগৰাকীয়ে৷


এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰায় ৬৯.৫০ শতাংশ নম্বৰেৰে উজলি উঠিল হাচিফা খানম৷ 


আজি মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ্থীগৰাকীক কাষত পাই হুকহুকাই কান্দি উঠিল৷ আজমলৰ সহায়ৰ কথা মনত পেলাই লগতে হুকহুকাই কান্দিলে শিক্ষাৰ্থীগৰাকীৰ লগতে তাইৰ দৰিদ্ৰ পিতৃয়েও৷ 


আৰ্থিক অভাৱৰ বাবে শিক্ষাৰ্থীগৰাকীয়ে কোনো কলেজত নামভৰ্তি কৰিব নোৱাৰাৰ কথা জানিব পাৰি শিক্ষাৰ্থীগৰাকীক নিজৰ কন্যা হিচাপে স্বীকৃতি দি শিক্ষাৰ্থী গৰাকীৰ আজীৱন শিক্ষাৰ দায়িত্ব ল’লে আজমলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে