--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জীৱনত কিবা কৰাৰ হেঁপাহ আৰু মনৰ উদ্যমেৰে লিউকোমিয়া ৰোগৰ সৈতে যুঁজি যুঁজি অধ্যয়নত ব্যস্ত আছিল দিন হাজিৰা কৰা পিতৃৰ কন্যাগৰাকীয়ে৷

ডিজিটেল ডেস্ক: কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগেও হাৰ মানিলে হাচিফা খানম নামৰ এই গৰাকী শিক্ষাৰ্থীৰ ওচৰত৷ হোজাই জিলাৰ যোগীজানৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা হাচিফা খানমে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৯.৫০ শতাংশ নম্বৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ 


আজিৰ পৰা প্ৰায় ৭ বছৰ পূৰ্বে লিউকোমিয়া ৰোগত আক্ৰান্ত হৈছিল শিক্ষাৰ্থীগৰাকী৷ মৌলানা বদৰুদ্দিন আজমলে আজমলৰ কেন্সাৰ কেয়াৰ আঁচনিৰ জৰিয়তে প্ৰায় ৭-৮ লাখ টকা খৰছ কৰি কিশোৰীগৰাকীক চিকিৎসা কৰি সুস্থ কৰিছিল যদিও বৰ্তমানেও চিকিৎসা চলি আছে কিশোৰীগৰাকীৰ৷


জীৱনত কিবা কৰাৰ হেঁপাহ আৰু মনৰ উদ্যমেৰে লিউকোমিয়া ৰোগৰ সৈতে যুঁজি যুঁজি অধ্যয়নত ব্যস্ত আছিল দিন হাজিৰা কৰা পিতৃৰ কন্যাগৰাকীয়ে৷


এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰায় ৬৯.৫০ শতাংশ নম্বৰেৰে উজলি উঠিল হাচিফা খানম৷ 


আজি মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ্থীগৰাকীক কাষত পাই হুকহুকাই কান্দি উঠিল৷ আজমলৰ সহায়ৰ কথা মনত পেলাই লগতে হুকহুকাই কান্দিলে শিক্ষাৰ্থীগৰাকীৰ লগতে তাইৰ দৰিদ্ৰ পিতৃয়েও৷ 


আৰ্থিক অভাৱৰ বাবে শিক্ষাৰ্থীগৰাকীয়ে কোনো কলেজত নামভৰ্তি কৰিব নোৱাৰাৰ কথা জানিব পাৰি শিক্ষাৰ্থীগৰাকীক নিজৰ কন্যা হিচাপে স্বীকৃতি দি শিক্ষাৰ্থী গৰাকীৰ আজীৱন শিক্ষাৰ দায়িত্ব ল’লে আজমলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক