--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভাৰতৰ নানা প্ৰান্তত ভিন্ন ৰীতি-নীতি তথা সংস্কৃতি পালন কৰা হয়। বিগত দুটা দিন সমগ্ৰ দেশতে হোলী উদযাপন কৰা হয়। ৰঙৰ আনন্দত মতলীয়া হৈ উঠে সমগ্ৰ দেশ।

হোলীৰ নিয়মো ঠাই ভেদে বেলেগ। কিন্তু এখন গাঁৱত হোলীৰ নীতি-নিয়ম শুনিলে আপুনি আচৰিত হৈ পৰিব। সেই গাঁওখনত হোলীৰ দিনা পুৰুষসকলে শাৰী, আ-অলংকাৰ পিন্ধি মহিলাৰ ৰূপ ধাৰণ কৰে।

অন্ধ্ৰ প্ৰদেশৰ কুৰনুল জিলাৰ আদোনি মণ্ডলৰ সান্থেকুডলুৰ নামৰ এখন গাঁৱত এই বিশেষ পৰম্পৰা পালন কৰি অহা হৈছে। গাঁৱৰ পুৰুষসকলে হোলীৰ দিনটোত অতীজৰে পৰা মহিলাৰ সাজ-পোছাক পৰিধান কৰে। আ-অলংকাৰ পিন্ধে আৰু মূৰত লগায় নানাৰঙী ফুল।

এইদৰে তেওঁলোকে ৰতি মন্মথক আৰাধনা কৰে। ৰতি মন্মথ হৈছে ৰতি আৰু কামদেৱ। ভাৰতীয় সংস্কৃতিত প্ৰেম আৰু কামনাৰ দেৱ-দেৱী হিচাপে ৰতি কামদেৱক আৰাধনা কৰা হয়। কামদেৱৰ আন এটা নাম মন্মথ আৰু ৰতি হৈছে কামদেৱৰ পত্নী।

স্থানীয় লোকৰ মতে, হোলীৰ দিনা ৰতি আৰু কামদেৱক মহিলাৰ সাজ-পোছাক পৰিধান কৰি পুৰুষে পূজা কৰিলে পৰিয়ালসমূহত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। পতি-পত্নীৰ মাজত বাঢ়ে মৰম-চেনেহ ফলত সংসাৰখন সুখৰ হৈ উঠে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি