--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভাৰতৰ নানা প্ৰান্তত ভিন্ন ৰীতি-নীতি তথা সংস্কৃতি পালন কৰা হয়। বিগত দুটা দিন সমগ্ৰ দেশতে হোলী উদযাপন কৰা হয়। ৰঙৰ আনন্দত মতলীয়া হৈ উঠে সমগ্ৰ দেশ।

হোলীৰ নিয়মো ঠাই ভেদে বেলেগ। কিন্তু এখন গাঁৱত হোলীৰ নীতি-নিয়ম শুনিলে আপুনি আচৰিত হৈ পৰিব। সেই গাঁওখনত হোলীৰ দিনা পুৰুষসকলে শাৰী, আ-অলংকাৰ পিন্ধি মহিলাৰ ৰূপ ধাৰণ কৰে।

অন্ধ্ৰ প্ৰদেশৰ কুৰনুল জিলাৰ আদোনি মণ্ডলৰ সান্থেকুডলুৰ নামৰ এখন গাঁৱত এই বিশেষ পৰম্পৰা পালন কৰি অহা হৈছে। গাঁৱৰ পুৰুষসকলে হোলীৰ দিনটোত অতীজৰে পৰা মহিলাৰ সাজ-পোছাক পৰিধান কৰে। আ-অলংকাৰ পিন্ধে আৰু মূৰত লগায় নানাৰঙী ফুল।

এইদৰে তেওঁলোকে ৰতি মন্মথক আৰাধনা কৰে। ৰতি মন্মথ হৈছে ৰতি আৰু কামদেৱ। ভাৰতীয় সংস্কৃতিত প্ৰেম আৰু কামনাৰ দেৱ-দেৱী হিচাপে ৰতি কামদেৱক আৰাধনা কৰা হয়। কামদেৱৰ আন এটা নাম মন্মথ আৰু ৰতি হৈছে কামদেৱৰ পত্নী।

স্থানীয় লোকৰ মতে, হোলীৰ দিনা ৰতি আৰু কামদেৱক মহিলাৰ সাজ-পোছাক পৰিধান কৰি পুৰুষে পূজা কৰিলে পৰিয়ালসমূহত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। পতি-পত্নীৰ মাজত বাঢ়ে মৰম-চেনেহ ফলত সংসাৰখন সুখৰ হৈ উঠে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ