--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য কৰাৰ এদিন পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতক মাতি পঠিয়াইছিল। মঙলবাৰে, আমেৰিকাই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়ত মুখ খুলি ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ পৰোক্ষ ৰণনীতি গ্ৰহণ কৰিছিল। তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ কাৰ্যকৰী মুৰব্বীক বুধবাৰে মাতি পঠোৱা হয়। সূত্ৰ অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে নৰ্থ ব্লকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতক প্ৰায় ৪০ মিনিটৰ বাবে আলোচনা কৰে।

  অৱশ্যে বৈঠকত কি আলোচনা কৰা হৈছিল সেই সন্দৰ্ভত দুয়োপক্ষৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই । ধাৰণা কৰা হৈছে  যে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৱাশ্বিংটনৰ মন্তব্য নতুন দিল্লীয়ে ভালভাবে গ্ৰহণ কৰা  নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক সেইবাবেই  মাতি পঠিওৱা হৈছিল। 
জাৰ্মানীৰ ৰাষ্ট্ৰদূতকো ভাৰতে একেই কাৰণতে মতাই নিছিল। কৰি আমেৰিকাই মঙলবাৰে কৈছিল  যে তেওঁলোকে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়টো  নিৰীক্ষণ কৰি আছে। একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে পৰোক্ষভাৱে নতুন দিল্লীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিঠিল। কেজৰিৱালৰ  বিচাৰ নিৰপেক্ষ, স্বচ্ছ আৰু সময়োপযোগী হ’ব লাগে বুলি আমেৰিকাই কৈছিল। 

 আমেৰিকাই কৈছিল"আমি মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাবে এক নিৰপেক্ষ, স্বচ্ছ আৰু সময়োপযোগী ন্যায়িক প্ৰক্ৰিয়াৰ বাবে অপেক্ষা কৰি আছো’’। জাৰ্মানীয়েও আগতে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত একে ধৰণৰ বিবৃতি জাৰি কৰিছিল। জাৰ্মানীৰ দূতাসৰ পৰা কোৱা হৈছিল  " আমাৰ আশা যে কেজৰিৱাল, যিকোনো অভিযুক্তৰ দৰে এক নিৰপেক্ষ বিচাৰৰ অধিকাৰী হ’ব। তেওঁ কোনো প্ৰতিবন্ধকতা অবিহনে সকলো ধৰণৰ আইনী পথৰ মাজেৰে যাবলৈ সক্ষম হ'ব লাগে। "নতুন দিল্লীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰত জাৰ্মান হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতৰ তৰফৰ পৰা কোৱা হৈছিল "আমি এনে মন্তব্যক আমাৰ ন্যায়িক ব্যৱস্থাত হস্তক্ষেপ আৰু ন্যায়পালিকাৰ স্বাধীনতা হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে অনুভৱ কৰিছো। এয়া  ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এক নিৰ্লজ্জ হস্তক্ষেপ"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ