--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য কৰাৰ এদিন পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতক মাতি পঠিয়াইছিল। মঙলবাৰে, আমেৰিকাই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়ত মুখ খুলি ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ পৰোক্ষ ৰণনীতি গ্ৰহণ কৰিছিল। তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ কাৰ্যকৰী মুৰব্বীক বুধবাৰে মাতি পঠোৱা হয়। সূত্ৰ অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে নৰ্থ ব্লকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতক প্ৰায় ৪০ মিনিটৰ বাবে আলোচনা কৰে।

  অৱশ্যে বৈঠকত কি আলোচনা কৰা হৈছিল সেই সন্দৰ্ভত দুয়োপক্ষৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই । ধাৰণা কৰা হৈছে  যে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৱাশ্বিংটনৰ মন্তব্য নতুন দিল্লীয়ে ভালভাবে গ্ৰহণ কৰা  নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক সেইবাবেই  মাতি পঠিওৱা হৈছিল। 
জাৰ্মানীৰ ৰাষ্ট্ৰদূতকো ভাৰতে একেই কাৰণতে মতাই নিছিল। কৰি আমেৰিকাই মঙলবাৰে কৈছিল  যে তেওঁলোকে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়টো  নিৰীক্ষণ কৰি আছে। একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে পৰোক্ষভাৱে নতুন দিল্লীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিঠিল। কেজৰিৱালৰ  বিচাৰ নিৰপেক্ষ, স্বচ্ছ আৰু সময়োপযোগী হ’ব লাগে বুলি আমেৰিকাই কৈছিল। 

 আমেৰিকাই কৈছিল"আমি মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাবে এক নিৰপেক্ষ, স্বচ্ছ আৰু সময়োপযোগী ন্যায়িক প্ৰক্ৰিয়াৰ বাবে অপেক্ষা কৰি আছো’’। জাৰ্মানীয়েও আগতে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত একে ধৰণৰ বিবৃতি জাৰি কৰিছিল। জাৰ্মানীৰ দূতাসৰ পৰা কোৱা হৈছিল  " আমাৰ আশা যে কেজৰিৱাল, যিকোনো অভিযুক্তৰ দৰে এক নিৰপেক্ষ বিচাৰৰ অধিকাৰী হ’ব। তেওঁ কোনো প্ৰতিবন্ধকতা অবিহনে সকলো ধৰণৰ আইনী পথৰ মাজেৰে যাবলৈ সক্ষম হ'ব লাগে। "নতুন দিল্লীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰত জাৰ্মান হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতৰ তৰফৰ পৰা কোৱা হৈছিল "আমি এনে মন্তব্যক আমাৰ ন্যায়িক ব্যৱস্থাত হস্তক্ষেপ আৰু ন্যায়পালিকাৰ স্বাধীনতা হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে অনুভৱ কৰিছো। এয়া  ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এক নিৰ্লজ্জ হস্তক্ষেপ"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু