--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা । দেশজুৰি উদযাপন কৰা হ’ব হোলী। কিন্তু ৰঙৰ উৎসৱৰ সময়তে দুগৰাকী যুৱতীয়ে দিল্লী মেট্ৰ’ত খেলা হোলীয়ে বহুতকে হতবাক কৰি তুলিছে। হোলী এনেকৈয়ো খেলেনে! ইতিমধ্যে দুই যুৱতীৰ হোলী খেলাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰি চোৱা নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোত যুৱতীদুগৰাকীয়ে বহি লৈ, বাগৰি, গালে গালে ঘঁহি হোলী খেলা দেখা গৈছে। কেতিয়াবা আকৌ ইজনীয়ে সিজনীৰ ওপৰত  ওপৰত শুই পৰাও দেখা গৈছে। 



ভিডিঅ'টো চাই নেটিজেনসকলে দাবী কৰিছে যে এয়া দিল্লী মেট্ৰ'ৰ  দৃশ্য । অৱশ্যে, দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যনে (ডিএমআৰচি) ভিডিঅ'টোৰ সত্যতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে।  মেট্ৰ' কৰ্তৃপক্ষই কৈছে যে ভিডিঅ'টো পৰীক্ষা কৰা হৈছে। মেট্ৰ' কৰ্তৃপক্ষই অনুসন্ধান কৰি আছে যে ভিডিঅ'টো সঁচা নে ইয়াক  প্ৰযুক্তি ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। এক বিবৃতিত মেট্ৰ' কৰ্তৃপক্ষই কয়, "ভিডিঅ'টো মুখ্যতঃ মেট্ৰ'ৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই সেয়াও সন্দেহজনক। 
 


মেট্ৰ' কৰ্তৃপক্ষৰ মতে মেট্ৰ'ৰ ভিতৰত  ৰিল বনোৱা বন্ধ কৰিবলৈ নিৰন্তৰ অভিযান চলি আছে। কাৰণ ৰীল বনালে আন যাত্ৰীসকলৰ সমস্যা হ'ব পাৰে। এই সন্দৰ্ভত সজাগতা অভিযানো নিৰন্তৰভাৱে চলোৱা হৈছে।


 ভাইৰেল ভিডিঅ'টোত যুৱতী দুগৰাকীৰ কাণ্ড দেখি একাংশ  যাত্ৰীয়ে  হাঁহি থকা দেখা গৈছে। নেটিজেনসকলৰ বহুতেই  ভিডিঅ'টোত চাই বৰ ৰস পাইছে।একাংশই আকৌ অতিষ্ঠ হৈ যুৱতী দুগৰাকীৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ  দাবী জনাইছে। দিল্লী মেট্ৰ' ৰেল কৰ্তৃপক্ষই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি আছে আৰু প্ৰয়োজনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ