--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা । দেশজুৰি উদযাপন কৰা হ’ব হোলী। কিন্তু ৰঙৰ উৎসৱৰ সময়তে দুগৰাকী যুৱতীয়ে দিল্লী মেট্ৰ’ত খেলা হোলীয়ে বহুতকে হতবাক কৰি তুলিছে। হোলী এনেকৈয়ো খেলেনে! ইতিমধ্যে দুই যুৱতীৰ হোলী খেলাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰি চোৱা নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোত যুৱতীদুগৰাকীয়ে বহি লৈ, বাগৰি, গালে গালে ঘঁহি হোলী খেলা দেখা গৈছে। কেতিয়াবা আকৌ ইজনীয়ে সিজনীৰ ওপৰত  ওপৰত শুই পৰাও দেখা গৈছে। 



ভিডিঅ'টো চাই নেটিজেনসকলে দাবী কৰিছে যে এয়া দিল্লী মেট্ৰ'ৰ  দৃশ্য । অৱশ্যে, দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যনে (ডিএমআৰচি) ভিডিঅ'টোৰ সত্যতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে।  মেট্ৰ' কৰ্তৃপক্ষই কৈছে যে ভিডিঅ'টো পৰীক্ষা কৰা হৈছে। মেট্ৰ' কৰ্তৃপক্ষই অনুসন্ধান কৰি আছে যে ভিডিঅ'টো সঁচা নে ইয়াক  প্ৰযুক্তি ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। এক বিবৃতিত মেট্ৰ' কৰ্তৃপক্ষই কয়, "ভিডিঅ'টো মুখ্যতঃ মেট্ৰ'ৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই সেয়াও সন্দেহজনক। 
 


মেট্ৰ' কৰ্তৃপক্ষৰ মতে মেট্ৰ'ৰ ভিতৰত  ৰিল বনোৱা বন্ধ কৰিবলৈ নিৰন্তৰ অভিযান চলি আছে। কাৰণ ৰীল বনালে আন যাত্ৰীসকলৰ সমস্যা হ'ব পাৰে। এই সন্দৰ্ভত সজাগতা অভিযানো নিৰন্তৰভাৱে চলোৱা হৈছে।


 ভাইৰেল ভিডিঅ'টোত যুৱতী দুগৰাকীৰ কাণ্ড দেখি একাংশ  যাত্ৰীয়ে  হাঁহি থকা দেখা গৈছে। নেটিজেনসকলৰ বহুতেই  ভিডিঅ'টোত চাই বৰ ৰস পাইছে।একাংশই আকৌ অতিষ্ঠ হৈ যুৱতী দুগৰাকীৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ  দাবী জনাইছে। দিল্লী মেট্ৰ' ৰেল কৰ্তৃপক্ষই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি আছে আৰু প্ৰয়োজনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু