--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে সমগ্ৰ দেশতে হোলী উদযাপন কৰা হয়। ইয়াৰ মাজতে বলীউড অভিনেত্ৰী কাজলে এটা ভিডিঅ' পোষ্ট কৰিছিল যাৰ বাবে তেওঁক এতিয়া ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ টাৰ্গেট কৰি লোৱা হৈছে। এই ভিডিঅ'টোত দেখা গৈছে যে হোলীত পানী বচাবলৈ মানুহক আহ্বান জনাইছে কাজলে। কাজলে কাজলে ভিডিঅ'টোত কৈছিল "সকলোকে হোলীৰ শুভেচ্ছা, পানী বচাওক আৰু সুৰক্ষিতভাৱে হোলী খেলক।" এই ভিডিঅ'টোৰ বাবে বেয়াকৈ ট্ৰ'লৰ সন্মুখীন হৈছে কাজল। এজনে কাজলৰ এই ভিডিঅ'টোত মন্তব্য কৰি লিখিছিল-''কাজল হোলীত পানী বচাবলৈ আপুনি জ্ঞান দি আছে। প্ৰথমে আপোনাৰ স্বামীক 'গুটখা'ৰ প্ৰচাৰ নকৰিবলৈ বুজায় দিয়ক। মানুহে গুটখা খাই মজিয়াত আৰু দেৱালত পিকায়। ইয়াক পৰিষ্কাৰ কৰিবলৈ যথেষ্ট পানী খৰচ হয়। কাজলে এজন ব্যৱহাৰকাৰীয়ে লিখিছিল-''যদি আপুনি পানী ইমান সঞ্চয় কৰাৰ কথা ভাবে তেন্তে আপুনি সপ্তাহত কেৱল এবাৰহে গা ধুব লাগে।'' এজনে লিখিছিল-''কাজল জী,আপুনি জ্ঞান নিদিয়াই ভাল,বাকী বেলেগৰ উৎসৱটোতো কিবা কওঁক। বলীউডৰ মানুহে কেৱল হোলীকহে বিচাৰি পায় নেকি?'' একে সময়তে এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- ''এইবাৰ কাজলে হোলীত 'পানী বচাওক' বুলি জ্ঞান বিলাবলৈ আহিছে। ৰাজহুৱা স্থানৰ পৰা গুটখাৰ দাগ আঁতৰাবলৈ প্ৰতি বছৰে ১২০০ কোটি টকা আৰু কোটি লিটাৰ পানী ব্যৱহাৰ কৰা হয়। গতিকে গুটখাৰ প্ৰচাৰ কৰি টকা উপাৰ্জন কৰাটোও ভাল কথা নহয়। প্ৰথমে ঘৰত আৰু তাৰপাছত পৃথিৱীত জ্ঞান বিলাবলৈ আহিব।'' কিছুমান ব্যৱহাৰকাৰীয়ে আনকি কাজলৰ চলচ্চিত্ৰৰ দৃশ্যবোৰ ভাইৰেল কৰিবলৈ আৰম্ভ কৰিছিল য'ত পানী অপচয় হৈছিল। এজন ব্যৱহাৰকাৰীয়ে কাজলৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল-''টকা পালে পানী অপচয় কৰা কাজলে হোলীত পানী সঞ্চয় কৰাৰ জ্ঞান দি আছে।'' কাজলে একে সময়তে এজন ব্যৱহাৰকাৰীয়ে লিখিছিল-"মাই নেম ইজ খান" ছবিখনৰ এটা দৃশ্যৰ বাবে ২৪ লাখ লিটাৰতকৈও অধিক পানী ব্যৱহাৰ কৰা হৈছিল আৰু হোলীৰ সময়ত এই একেগৰাকী মানুহেই পানী সঞ্চয়ৰ জ্ঞান দিবলৈ আহে। কি যে ভণ্ডামি।'' এজন ব্যৱহাৰকাৰীয়ে লিখিছিল-''কেৱল ভাৰতীয় ৰে'লৱেই গুটখাৰ দাগ পৰিষ্কাৰ কৰিবলৈ প্ৰতি বছৰে ১২০ কোটি টকা ব্যয় কৰে, সেয়েহে সমগ্ৰ দেশত গুটখাৰ বাবে কিমান পানী আৰু ধন অপচয় হৈছে চিন্তা কৰক।'' মুঠৰ ওপৰত এনেদৰেই ছ'চিয়েল মিডিয়াত নেটিজেনসকলৰ তীব্ৰ কটাক্ষ আৰু ক্ষোভৰ বলি হৈছে কাজল। আৰু পঢ়কঃ ফুড ডেলিভাৰী বয় হ’ল কপিল শৰ্মা! এজন অনুৰাগীয়ে দেখাত কপিলে ক’লে-‘কাকো নক’ব’ Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান