--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উৰ্ফি জাভেদৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চা, ট্ৰ’লিং কোনো নতুন কথা নহয়। নতুন পোছাক বা ফেশ্বনেৰে চৰ্চা লাভ কৰে বিভিন্নজন তাৰকাই। আনকি তাৰকাসকলৰ থকা-খোৱাৰ ধৰণ, লয়লায়ে মুগ্ধ কৰে বিভিন্নজনক৷ সেই তালিকাৰ এটা নাম হৈছে উৰ্ফি জাভেদ। দূৰদৰ্শন জগতৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা উৰ্ফিয়ে প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম। আৰম্ভণিৰ পৰাই, তেওঁ পৰিধান কৰা পোছাকৰ বাবেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কম কাপোৰ তেওঁৰ আগ্ৰহ। আৰু তেওঁৰ এই আগ্ৰহেই ফেশ্বন জগতত তেওঁক চৰ্চাৰ বিষয় হিচাপে চিহ্নিত কৰি আহিছে৷ বহুজনে তেওঁক প্ৰশংসা কৰে আৰু বহুজনে তেওঁক কৰে সমালোচনা৷ হোলীৰ দিনাও উৰ্ফি জাভেদ হৈ পৰে চৰ্চাৰ কেন্দ্ৰ। ফাকুৱাৰ দিনা অভিনেত্ৰীগৰাকীক পৰম্পৰাগত পোছাকত দেখা গৈছিল, তেওঁৰ পোছাকৰ কাৰুকাৰ্যই ভালেমান নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত, উৰ্ফিয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত আবিৰ উৰুওৱা দেখা গৈছে। ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক বেকলেছ চুৰিদাৰত দেখা গৈছিল। চুৰিদাৰযোৰৰ ডিজাইনে আকৰ্ষিত কৰিছিল অনুৰাগীক৷ অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে একাংশই তেওঁক ছ'চিয়েল মিডিয়াত পুনৰ এবাৰ ট্ৰ'ল কৰাও পৰিলক্ষিত হয়। উৰ্ফি জাভেদ ‘বিগ বছ অ'টিটি’ৰ প্ৰথম ছিজনৰ প্ৰতিযোগী। তেওঁ বিগ বছৰ মঞ্চৰ দৰ্শকৰ মাজত পৰিচিত। কিন্তু এতিয়া উৰ্ফি আৰু বিতৰ্ক ইজনে সিজনৰ সমাৰ্থক হৈ পৰিছে। তেওঁ য'ত থাকিব, বিতৰ্ক হ'ব। উৰ্ফিয়ে প্ৰায়েই তেওঁৰ অদ্ভুত পোছাকৰ বাবে নেটিজেনৰ কটাক্ষৰ চিকাৰ হয়। অভিনেত্ৰী উৰ্ফি জাভেদে কেইবাখনো জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে কেইখনমান ধাৰাবাহিক হৈছে 'বঢ়ী ভাইয়া কি দুলহানিয়া', 'মেৰী দুৰ্গা', 'চন্দ্ৰ নন্দিনী', 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে', 'কসৌটি জিন্দেগী কে'। তেওঁ এই সকলো বোৰ ধাৰাবাহিকত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনকি তেওঁৰ অভিনয়ে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হয়। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু