--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উৰ্ফি জাভেদৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চা, ট্ৰ’লিং কোনো নতুন কথা নহয়। নতুন পোছাক বা ফেশ্বনেৰে চৰ্চা লাভ কৰে বিভিন্নজন তাৰকাই। আনকি তাৰকাসকলৰ থকা-খোৱাৰ ধৰণ, লয়লায়ে মুগ্ধ কৰে বিভিন্নজনক৷ সেই তালিকাৰ এটা নাম হৈছে উৰ্ফি জাভেদ। দূৰদৰ্শন জগতৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা উৰ্ফিয়ে প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম। আৰম্ভণিৰ পৰাই, তেওঁ পৰিধান কৰা পোছাকৰ বাবেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কম কাপোৰ তেওঁৰ আগ্ৰহ। আৰু তেওঁৰ এই আগ্ৰহেই ফেশ্বন জগতত তেওঁক চৰ্চাৰ বিষয় হিচাপে চিহ্নিত কৰি আহিছে৷ বহুজনে তেওঁক প্ৰশংসা কৰে আৰু বহুজনে তেওঁক কৰে সমালোচনা৷ হোলীৰ দিনাও উৰ্ফি জাভেদ হৈ পৰে চৰ্চাৰ কেন্দ্ৰ। ফাকুৱাৰ দিনা অভিনেত্ৰীগৰাকীক পৰম্পৰাগত পোছাকত দেখা গৈছিল, তেওঁৰ পোছাকৰ কাৰুকাৰ্যই ভালেমান নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত, উৰ্ফিয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত আবিৰ উৰুওৱা দেখা গৈছে। ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক বেকলেছ চুৰিদাৰত দেখা গৈছিল। চুৰিদাৰযোৰৰ ডিজাইনে আকৰ্ষিত কৰিছিল অনুৰাগীক৷ অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে একাংশই তেওঁক ছ'চিয়েল মিডিয়াত পুনৰ এবাৰ ট্ৰ'ল কৰাও পৰিলক্ষিত হয়। উৰ্ফি জাভেদ ‘বিগ বছ অ'টিটি’ৰ প্ৰথম ছিজনৰ প্ৰতিযোগী। তেওঁ বিগ বছৰ মঞ্চৰ দৰ্শকৰ মাজত পৰিচিত। কিন্তু এতিয়া উৰ্ফি আৰু বিতৰ্ক ইজনে সিজনৰ সমাৰ্থক হৈ পৰিছে। তেওঁ য'ত থাকিব, বিতৰ্ক হ'ব। উৰ্ফিয়ে প্ৰায়েই তেওঁৰ অদ্ভুত পোছাকৰ বাবে নেটিজেনৰ কটাক্ষৰ চিকাৰ হয়। অভিনেত্ৰী উৰ্ফি জাভেদে কেইবাখনো জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে কেইখনমান ধাৰাবাহিক হৈছে 'বঢ়ী ভাইয়া কি দুলহানিয়া', 'মেৰী দুৰ্গা', 'চন্দ্ৰ নন্দিনী', 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে', 'কসৌটি জিন্দেগী কে'। তেওঁ এই সকলো বোৰ ধাৰাবাহিকত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনকি তেওঁৰ অভিনয়ে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হয়। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক