--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পৰা আহিছে এক নৃশংস হত্যাৰ ঘটনা৷যোৱা সপ্তাহত গোভাণ্ডিত ১০ হাজাৰ টকাৰ মূল্যৰ খাদ্য বিল ভাগ-বতৰা কৰাৰ বাবে হোৱা কাজিয়াৰ পিছত এজন ১৮ বছৰীয়া যুৱকক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে, অভিযোগ অনুসৰি মৃত ব্যক্তিজনৰ চাৰিজন বন্ধুৱে মিলি হত্যা কৰে, আৰু ইয়াৰে দুজন নাবালক৷

ইয়াৰে ১৯ আৰু ২২ বছৰীয়া আৰু উত্তৰ প্ৰদেশৰ পৰা অহা অভিযুক্ত দুজনক গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নাবালক ল’ৰাকইজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰা হয়৷

শিৱাজী নগৰ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা ৩১ মে’ত ‘ধাবা’ত জন্মদিনৰ পাৰ্টিৰ আয়োজন কৰিছিল আৰু ধাবাত খাদ্যৰ বিল প্ৰায় ১০ হাজাৰ টকা হৈছিল।

বিল ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত মৃত ব্যক্তিজন আৰু বন্ধুকেইজনৰ মাজত বিবাদৰ সৃষ্টি হয় যদিও প্ৰথমজন বন্ধুৱে পকেটৰ পৰা ধন দি বিষয়টো নিষ্পত্তি কৰে বুলিও তেওঁ আৰক্ষীক জানিবলৈ দিয়ে৷

পাছত চাৰি অভিযুক্তই আন এক জন্মদিনৰ পাৰ্টিৰ আয়োজন কৰি নিজৰ বন্ধুক এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনায়। কেক খুৱাই দিয়াৰ পিছত তেওঁলোকে বন্ধুজনক একাধিকবাৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে৷


ঘটনা পোহৰলৈ অহাৰ পিছত ১৭ বছৰীয়া নাবালক দুজনে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ বিপৰীতে ২ জুনত তেওঁলোকৰ আন দুজন বন্ধুক আহমেদাবাদৰ পৰা মুম্বাইৰ অপৰাধ শাখাই আটক কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ