--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পৰা আহিছে এক নৃশংস হত্যাৰ ঘটনা৷যোৱা সপ্তাহত গোভাণ্ডিত ১০ হাজাৰ টকাৰ মূল্যৰ খাদ্য বিল ভাগ-বতৰা কৰাৰ বাবে হোৱা কাজিয়াৰ পিছত এজন ১৮ বছৰীয়া যুৱকক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে, অভিযোগ অনুসৰি মৃত ব্যক্তিজনৰ চাৰিজন বন্ধুৱে মিলি হত্যা কৰে, আৰু ইয়াৰে দুজন নাবালক৷

ইয়াৰে ১৯ আৰু ২২ বছৰীয়া আৰু উত্তৰ প্ৰদেশৰ পৰা অহা অভিযুক্ত দুজনক গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নাবালক ল’ৰাকইজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰা হয়৷

শিৱাজী নগৰ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা ৩১ মে’ত ‘ধাবা’ত জন্মদিনৰ পাৰ্টিৰ আয়োজন কৰিছিল আৰু ধাবাত খাদ্যৰ বিল প্ৰায় ১০ হাজাৰ টকা হৈছিল।

বিল ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত মৃত ব্যক্তিজন আৰু বন্ধুকেইজনৰ মাজত বিবাদৰ সৃষ্টি হয় যদিও প্ৰথমজন বন্ধুৱে পকেটৰ পৰা ধন দি বিষয়টো নিষ্পত্তি কৰে বুলিও তেওঁ আৰক্ষীক জানিবলৈ দিয়ে৷

পাছত চাৰি অভিযুক্তই আন এক জন্মদিনৰ পাৰ্টিৰ আয়োজন কৰি নিজৰ বন্ধুক এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনায়। কেক খুৱাই দিয়াৰ পিছত তেওঁলোকে বন্ধুজনক একাধিকবাৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে৷


ঘটনা পোহৰলৈ অহাৰ পিছত ১৭ বছৰীয়া নাবালক দুজনে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ বিপৰীতে ২ জুনত তেওঁলোকৰ আন দুজন বন্ধুক আহমেদাবাদৰ পৰা মুম্বাইৰ অপৰাধ শাখাই আটক কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ