--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ সুস্বাদু চিকেন কাৰীত ওলাল নিগনি৷ মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত যেতিয়া এজন গ্ৰাহকে চিকেন কাৰী অৰ্ডাৰ দিয়ে, তেতিয়া তেওঁক পৰিবেশন কৰা খাদ্যত এটা মৃত নিগনি ওলায়। বান্দ্ৰা থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, বেংকত কাম কৰা গ্ৰাহকজনে দেওবাৰে বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। আৰক্ষীৰ তথ্য অনুসৰি অনুৰাগ সিং আৰু তেওঁৰ বন্ধু আমিন পাঞ্জাবী খাদ্যৰ বাবে বিখ্যাত বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। দুয়োজনে ইয়াত দুটা ব্যঞ্জন অৰ্ডাৰ দিলে। এজনে মাটন অৰ্ডাৰ দিলে আৰু আনজন বন্ধুৱে চিকেন কাৰি অৰ্ডাৰ দিলে।

আৰক্ষীৰ মতে, খাদ্য আহি পোৱাৰ লগে লগে অনুৰাগে চিকেন তৰকাৰী খাবলৈ আৰম্ভ কৰে। সেই ব্যঞ্জনটো খাই থাকোঁতে তেওঁ স্বাভাৱিক বুলি নাভাবিলে, মাংসৰ টুকুৰা এটাৰ সোৱাদ তেওঁ বেলেগ মাংস বুলি বিবেচনা কৰে। ইয়াৰ পাছত যেতিয়া তেওঁ সেই বাচনটো ভালদৰে চাই তেতিয়া গম পালে যে সেইটো কুকুৰাৰ টুকাৰ নহয়। ভালদৰে চাই গম পালে যে সেইটো এটা সৰু মৰা নিগনি। সেই সময়তে তেওঁৰ বন্ধু আমিনে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত টুইট কৰাৰ লগতে খাদ্যৰ ছবিও শ্বেয়াৰ কৰিছে।

একে সময়তে আৰক্ষীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত গ্ৰাহকে সেই খাদ্যত একো দেখা নাছিল আৰু তেওঁও কিছু খাদ্য খাইছিল। আৰক্ষী বিষয়াজনে ক’লে যে তেওঁৰ কিছু সন্দেহ হোৱাৰ পাছত ভালদৰে চাই গম পালে যে সেইটো এটা সৰু মৰা নিগনি। ইয়াৰ পিছত যেতিয়া গ্ৰাহকে এই বিষয়ে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীজনৰ ওচৰত অভিযোগ দিলে, তেতিয়া তেওঁ গ্ৰাহকজনৰ ওচৰত ক্ষমা বিচাৰে। একে সময়তে সেই ব্যঞ্জন খোৱাৰ পাছত গ্ৰাহকজনে অসুস্থ অনুভৱ কৰে আৰু ডাক্তৰৰ ওচৰলৈ যায়।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, গ্ৰাহকৰ অভিযোগৰ ভিত্তিত ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ আৰু চেফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। তেওঁ লগতে কয় যে পাছত দুয়োজনকে জামিনত মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে বান্দ্ৰাৰ এই ৰেষ্টুৰেণ্টখন পাঞ্জাবী খাদ্যৰ বাবে বিখ্যাত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস