--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ সুস্বাদু চিকেন কাৰীত ওলাল নিগনি৷ মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত যেতিয়া এজন গ্ৰাহকে চিকেন কাৰী অৰ্ডাৰ দিয়ে, তেতিয়া তেওঁক পৰিবেশন কৰা খাদ্যত এটা মৃত নিগনি ওলায়। বান্দ্ৰা থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, বেংকত কাম কৰা গ্ৰাহকজনে দেওবাৰে বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। আৰক্ষীৰ তথ্য অনুসৰি অনুৰাগ সিং আৰু তেওঁৰ বন্ধু আমিন পাঞ্জাবী খাদ্যৰ বাবে বিখ্যাত বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। দুয়োজনে ইয়াত দুটা ব্যঞ্জন অৰ্ডাৰ দিলে। এজনে মাটন অৰ্ডাৰ দিলে আৰু আনজন বন্ধুৱে চিকেন কাৰি অৰ্ডাৰ দিলে।

আৰক্ষীৰ মতে, খাদ্য আহি পোৱাৰ লগে লগে অনুৰাগে চিকেন তৰকাৰী খাবলৈ আৰম্ভ কৰে। সেই ব্যঞ্জনটো খাই থাকোঁতে তেওঁ স্বাভাৱিক বুলি নাভাবিলে, মাংসৰ টুকুৰা এটাৰ সোৱাদ তেওঁ বেলেগ মাংস বুলি বিবেচনা কৰে। ইয়াৰ পাছত যেতিয়া তেওঁ সেই বাচনটো ভালদৰে চাই তেতিয়া গম পালে যে সেইটো কুকুৰাৰ টুকাৰ নহয়। ভালদৰে চাই গম পালে যে সেইটো এটা সৰু মৰা নিগনি। সেই সময়তে তেওঁৰ বন্ধু আমিনে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত টুইট কৰাৰ লগতে খাদ্যৰ ছবিও শ্বেয়াৰ কৰিছে।

একে সময়তে আৰক্ষীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত গ্ৰাহকে সেই খাদ্যত একো দেখা নাছিল আৰু তেওঁও কিছু খাদ্য খাইছিল। আৰক্ষী বিষয়াজনে ক’লে যে তেওঁৰ কিছু সন্দেহ হোৱাৰ পাছত ভালদৰে চাই গম পালে যে সেইটো এটা সৰু মৰা নিগনি। ইয়াৰ পিছত যেতিয়া গ্ৰাহকে এই বিষয়ে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীজনৰ ওচৰত অভিযোগ দিলে, তেতিয়া তেওঁ গ্ৰাহকজনৰ ওচৰত ক্ষমা বিচাৰে। একে সময়তে সেই ব্যঞ্জন খোৱাৰ পাছত গ্ৰাহকজনে অসুস্থ অনুভৱ কৰে আৰু ডাক্তৰৰ ওচৰলৈ যায়।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, গ্ৰাহকৰ অভিযোগৰ ভিত্তিত ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ আৰু চেফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। তেওঁ লগতে কয় যে পাছত দুয়োজনকে জামিনত মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে বান্দ্ৰাৰ এই ৰেষ্টুৰেণ্টখন পাঞ্জাবী খাদ্যৰ বাবে বিখ্যাত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা