--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে কঠোৰ পৰিশ্ৰমৰ ফল। এটা সময়ত তেওঁ দিনে নিশাই কাম কৰিছিল। কেইবছৰমানৰ পাছত ব্যৱসায়ী জয়ৰাম বানানে উপলব্ধি কৰিলে যে পৰিশ্ৰম বিফল কেতিয়াও নহয়। যিখন হাতেৰে হোটেলত বাচন-বৰ্তন চাফা কৰিছিল, পিছলৈ সেই হাতখনেৰেই কোটি কোটি টকা গণিছে জয়ৰামে। দুখীয়া ল’ৰাৰ পৰা কোটিপতি হোৱাৰ কাহিনীয়ে চিনেমাৰ কাহিনীকো যেন চেৰ পেলাইছে জয়ৰামে।

জয়ৰামৰ জন্ম হৈছিল কৰ্ণাটকৰ মংগালুৰুৰ উডুপিত। দেউতাক আছিল ড্ৰাইভাৰ। তেওঁ এটা দুখীয়া পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। জয়ৰামৰ পঢ়াত ভাল নাছিল। স্কুলৰ পৰীক্ষাত বেয়া প্ৰদৰ্শন কৰিলেই দেউতাকে জয়ৰামক ধমকি দিয়ে।

এবাৰ জয়ৰাম স্কুলৰ পৰীক্ষাত ফেইল কৰিছিল। দেউতাকৰ বকনিৰ ভয়ত সি ঘৰৰ পৰা ওলাই আহিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। ১৮৬৭ চন দেউতাকৰ পকেটৰ পৰা পইচা কিছু লৈ জয়ৰামে মাংগালুৰুৰ পৰা পোনে পোনে মুম্বাইলৈ বাছত উঠিল। তেতিয়াৰ পৰাই আৰম্ভ হ’ল নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সংগ্ৰাম।

সেই সময়ত বহু লোক কৰ্মসূত্ৰে মুম্বাইৰ মাজেৰে পাৰ হৈ গৈছিল। মানুহে কয়, মুম্বাই কেতিয়াও কাকো খালী হাত ঘূৰাই নিদিয়ে। ইয়াৰ ব্যতিক্ৰম নাছিল জয়ৰামো। যোদ্ধা হিচাপে জয়ৰামৰ জীৱন আৰম্ভ হৈছিল মুম্বাইত ভৰি দি। নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সেই সময়ত হোটেল এখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেই হোটেলখনত জয়ৰামে বাচন-বৰ্তন চাফা কৰিছিল। ইয়াৰ বাবে তেওঁ ১৮ টকা পাৰিশ্ৰমিক হিচাপে পাইছিল।

জয়ৰামে সেই হোটেলখনত প্ৰায় ৬ বছৰ কাম কৰিছিল। এই সময়ছোৱাত জয়ৰামৰ ‘প্ৰমোচন’ হৈছিল। বাচন-বৰ্তন চাফা কৰাৰ উপৰিও হোটেল এখনত ‘ৱেইটাৰ’ (খাদ্য ডেলিভাৰী) হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ হোটেলখনৰ মেনেজাৰ হৈ পৰে।

হোটেলখনত কাম কৰি থাকোঁতে জয়ৰামে গম পালে যে মুম্বাইত এখন দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট খোলা হৈছে। নিজে দক্ষিণ ভাৰতীয় হোৱাৰ বাবে তেওঁ এনে এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিলে। কিন্তু মুম্বাইৰ সলনি তেওঁ দিল্লীলৈ গুচি গ’ল।

দিল্লীত তেওঁৰ পৰিকল্পনা প্ৰথমতে সফল নহ’ল। জয়ৰামে এখন নিৰামিষ ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছিল। সেই সময়ত তেওঁৰ এজন ভাতৃয়ে দিল্লীৰ উডুপি ৰেষ্টুৰেণ্টত কাম কৰি আছিল। ১৯৭৪ চনত দিল্লীলৈ অহাৰ পিছত জয়ৰামে চেণ্ট্ৰেল ইলেক্ট্ৰনিকছৰ কেণ্টিনৰ নিবিদা লৈছিল।

ইয়াৰ পিছত জয়ৰামে ১৯৮৬ চনত দিল্লীৰ ডিফেন্স কলনীত নিজাকৈ ৰেষ্টুৰেণ্ট খুলিছিল। নাম দিয়া হৈছে 'সাগৰ'। যিখিনি সঞ্চয় আছিল সেইখিনিৰে তেওঁ প্ৰথমখন ৰেষ্টুৰেণ্ট খুলিছিল। সেই সময়ত বন্ধু-বান্ধৱী আৰু পৰিয়ালে সহায় কৰিছিল।

সেই সময়ত জয়ৰামে ৰেষ্টুৰেণ্টখনৰ ভাড়া দিব লগা হৈছিল। প্ৰতি সপ্তাহত ৩ হাজাৰ ২৫০ টকা দিব লাগিছিল। ৰেষ্টুৰেণ্টখনত ৪০ জন লোক একেলগে বহিব পাৰিছিল। প্ৰথম দিনাই তেওঁ ৪৮০ টকা বিক্ৰী কৰিছিল।

সেই সময়ত দিল্লীত দক্ষিণ ভাৰতীয় খাদ্যৰ বাবে ‘উডলেণ্ড’, ‘দসপ্ৰকাশ’ ৰেষ্টুৰেণ্ট আছিল। জয়াৰমে কিনিলে ‘উডলেণ্ড’ ৰেষ্টুৰেণ্টখন। পিছত ৰেষ্টুৰেণ্টখনৰ নাম সলনি কৰি ‘সাগৰ ৰত্ন’ কৰা হয়।

তাৰ পৰাই আৰম্ভ হ’ল ‘সাগৰ ৰত্ন’ ৰেষ্টুৰেণ্টৰ যাত্ৰা, যিয়ে পাছলৈ অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। জয়ৰামক উত্তৰ ভাৰতৰ ‘দোছা ৰজা’ বুলি কোৱা হৈছিল।

এতিয়া জয়ৰামৰ উত্তৰ ভাৰতত ৫০টাতকৈও অধিক ৰেষ্টুৰেণ্টৰ শাখা আছে। এই ৰেষ্টুৰেণ্টখনৰ বিশ্বজুৰি ১০০ টাতকৈও অধিক শাখা আছে।

মাত্ৰ ১৮ টকাৰে উপাৰ্জন জীৱন আৰম্ভ কৰিছিল। সময়ৰ লগে লগে সেই জয়ৰাম এতিয়া কোটিপতি। ইমানবোৰ ৰেষ্টুৰেণ্টৰ বাবেই তেওঁৰ বাৰ্ষিক আয় ৩০০ কোটি। তেওঁ ‘জয়ৰাম বানান গ্ৰুপ’ৰ অধ্যক্ষ। এই সংস্থাটোত ৰেষ্টুৰেণ্ট, হোটেল, কেণ্টিন আদি অন্তৰ্ভুক্ত আছে। ৰূপালী পৰ্দাৰ নায়কৰ জীৱনৰ দৰেই জয়ৰামৰ জীৱন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক