--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে কঠোৰ পৰিশ্ৰমৰ ফল। এটা সময়ত তেওঁ দিনে নিশাই কাম কৰিছিল। কেইবছৰমানৰ পাছত ব্যৱসায়ী জয়ৰাম বানানে উপলব্ধি কৰিলে যে পৰিশ্ৰম বিফল কেতিয়াও নহয়। যিখন হাতেৰে হোটেলত বাচন-বৰ্তন চাফা কৰিছিল, পিছলৈ সেই হাতখনেৰেই কোটি কোটি টকা গণিছে জয়ৰামে। দুখীয়া ল’ৰাৰ পৰা কোটিপতি হোৱাৰ কাহিনীয়ে চিনেমাৰ কাহিনীকো যেন চেৰ পেলাইছে জয়ৰামে।

জয়ৰামৰ জন্ম হৈছিল কৰ্ণাটকৰ মংগালুৰুৰ উডুপিত। দেউতাক আছিল ড্ৰাইভাৰ। তেওঁ এটা দুখীয়া পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। জয়ৰামৰ পঢ়াত ভাল নাছিল। স্কুলৰ পৰীক্ষাত বেয়া প্ৰদৰ্শন কৰিলেই দেউতাকে জয়ৰামক ধমকি দিয়ে।

এবাৰ জয়ৰাম স্কুলৰ পৰীক্ষাত ফেইল কৰিছিল। দেউতাকৰ বকনিৰ ভয়ত সি ঘৰৰ পৰা ওলাই আহিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। ১৮৬৭ চন দেউতাকৰ পকেটৰ পৰা পইচা কিছু লৈ জয়ৰামে মাংগালুৰুৰ পৰা পোনে পোনে মুম্বাইলৈ বাছত উঠিল। তেতিয়াৰ পৰাই আৰম্ভ হ’ল নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সংগ্ৰাম।

সেই সময়ত বহু লোক কৰ্মসূত্ৰে মুম্বাইৰ মাজেৰে পাৰ হৈ গৈছিল। মানুহে কয়, মুম্বাই কেতিয়াও কাকো খালী হাত ঘূৰাই নিদিয়ে। ইয়াৰ ব্যতিক্ৰম নাছিল জয়ৰামো। যোদ্ধা হিচাপে জয়ৰামৰ জীৱন আৰম্ভ হৈছিল মুম্বাইত ভৰি দি। নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সেই সময়ত হোটেল এখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেই হোটেলখনত জয়ৰামে বাচন-বৰ্তন চাফা কৰিছিল। ইয়াৰ বাবে তেওঁ ১৮ টকা পাৰিশ্ৰমিক হিচাপে পাইছিল।

জয়ৰামে সেই হোটেলখনত প্ৰায় ৬ বছৰ কাম কৰিছিল। এই সময়ছোৱাত জয়ৰামৰ ‘প্ৰমোচন’ হৈছিল। বাচন-বৰ্তন চাফা কৰাৰ উপৰিও হোটেল এখনত ‘ৱেইটাৰ’ (খাদ্য ডেলিভাৰী) হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ হোটেলখনৰ মেনেজাৰ হৈ পৰে।

হোটেলখনত কাম কৰি থাকোঁতে জয়ৰামে গম পালে যে মুম্বাইত এখন দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট খোলা হৈছে। নিজে দক্ষিণ ভাৰতীয় হোৱাৰ বাবে তেওঁ এনে এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিলে। কিন্তু মুম্বাইৰ সলনি তেওঁ দিল্লীলৈ গুচি গ’ল।

দিল্লীত তেওঁৰ পৰিকল্পনা প্ৰথমতে সফল নহ’ল। জয়ৰামে এখন নিৰামিষ ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছিল। সেই সময়ত তেওঁৰ এজন ভাতৃয়ে দিল্লীৰ উডুপি ৰেষ্টুৰেণ্টত কাম কৰি আছিল। ১৯৭৪ চনত দিল্লীলৈ অহাৰ পিছত জয়ৰামে চেণ্ট্ৰেল ইলেক্ট্ৰনিকছৰ কেণ্টিনৰ নিবিদা লৈছিল।

ইয়াৰ পিছত জয়ৰামে ১৯৮৬ চনত দিল্লীৰ ডিফেন্স কলনীত নিজাকৈ ৰেষ্টুৰেণ্ট খুলিছিল। নাম দিয়া হৈছে 'সাগৰ'। যিখিনি সঞ্চয় আছিল সেইখিনিৰে তেওঁ প্ৰথমখন ৰেষ্টুৰেণ্ট খুলিছিল। সেই সময়ত বন্ধু-বান্ধৱী আৰু পৰিয়ালে সহায় কৰিছিল।

সেই সময়ত জয়ৰামে ৰেষ্টুৰেণ্টখনৰ ভাড়া দিব লগা হৈছিল। প্ৰতি সপ্তাহত ৩ হাজাৰ ২৫০ টকা দিব লাগিছিল। ৰেষ্টুৰেণ্টখনত ৪০ জন লোক একেলগে বহিব পাৰিছিল। প্ৰথম দিনাই তেওঁ ৪৮০ টকা বিক্ৰী কৰিছিল।

সেই সময়ত দিল্লীত দক্ষিণ ভাৰতীয় খাদ্যৰ বাবে ‘উডলেণ্ড’, ‘দসপ্ৰকাশ’ ৰেষ্টুৰেণ্ট আছিল। জয়াৰমে কিনিলে ‘উডলেণ্ড’ ৰেষ্টুৰেণ্টখন। পিছত ৰেষ্টুৰেণ্টখনৰ নাম সলনি কৰি ‘সাগৰ ৰত্ন’ কৰা হয়।

তাৰ পৰাই আৰম্ভ হ’ল ‘সাগৰ ৰত্ন’ ৰেষ্টুৰেণ্টৰ যাত্ৰা, যিয়ে পাছলৈ অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। জয়ৰামক উত্তৰ ভাৰতৰ ‘দোছা ৰজা’ বুলি কোৱা হৈছিল।

এতিয়া জয়ৰামৰ উত্তৰ ভাৰতত ৫০টাতকৈও অধিক ৰেষ্টুৰেণ্টৰ শাখা আছে। এই ৰেষ্টুৰেণ্টখনৰ বিশ্বজুৰি ১০০ টাতকৈও অধিক শাখা আছে।

মাত্ৰ ১৮ টকাৰে উপাৰ্জন জীৱন আৰম্ভ কৰিছিল। সময়ৰ লগে লগে সেই জয়ৰাম এতিয়া কোটিপতি। ইমানবোৰ ৰেষ্টুৰেণ্টৰ বাবেই তেওঁৰ বাৰ্ষিক আয় ৩০০ কোটি। তেওঁ ‘জয়ৰাম বানান গ্ৰুপ’ৰ অধ্যক্ষ। এই সংস্থাটোত ৰেষ্টুৰেণ্ট, হোটেল, কেণ্টিন আদি অন্তৰ্ভুক্ত আছে। ৰূপালী পৰ্দাৰ নায়কৰ জীৱনৰ দৰেই জয়ৰামৰ জীৱন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু