--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ইয়াৰ সূতৰ হাৰ বৃদ্ধি স্থগিত ৰাখিব পাৰে  বুলি আশা কৰা হৈছে । এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনত এই কথা কোৱা হৈছে। ৰেপো ৰেট হৈছে সূতৰ হাৰ যি হাৰত  আৰবিআইয়ে সকলো বাণিজ্যিক বেংকক ধন ধাৰ দিয়ে। পৰৱৰ্তী মুদ্ৰা নীতি বৈঠক ২০২৩ চনৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব। এই বৈঠকতে  সূতৰ হাৰ বৃদ্ধিৰ প্ৰস্তাৱ স্থগিত ৰখাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদন খনত কোৱা হৈছে। 


ফেব্ৰুৱাৰীৰ আৰম্ভণিতে আৰ.বি.আই.-ৰ শেহতীয়া মুদ্ৰা নীতি সমিতিয়ে  ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৬.৫  শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল।সূতৰ হাৰ বৃদ্ধিৰ দ্বাৰা   অৰ্থনীতিৰ সুস্থিৰতা বজাই ৰখাৰ চেষ্টা চলোৱা হৈছে।  ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাত সহায় হয়।

 ২০২০  চনৰ আৰম্ভণিতে যেতিয়া কোভিডে বিশ্বত আঘাত কৰিছিল,সেই সময়ত  ৰেপো ৰেট আছিল ৪ শতাংশ। প্ৰতিবেদনখনে দৃঢ়তাৰে কোৱা হৈছে  যে এপ্ৰিলৰ বৈঠকত ৰেপো ৰেট বৃদ্ধি স্থগিত ৰখাৰ বাবে আৰবিআইৰ ওচৰত পৰ্যাপ্ত যুক্তি  আছে। উল্লেখ্য চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশত  খুচুৰা বজাৰত মুদ্ৰাস্ফীতি আছিল ৬.৫২ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু