--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন হোটেলত কোনো অন্য মহিলাৰ সৈতে স্বামীক হাতে-লোটে ধৰিলে পত্নীয়ে। তাৰপাছত যি ঘটনা ঘটিল, সেই ঘটনা ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। হোটেলত ৰোমাঞ্চ কৰি বিপদত পৰিল এজন বিবাহিত পুৰুষ। হোটেলৰ বন্ধ কোঠাত লোকজনে অন্য মহিলাৰ সৈতে ৰোমাঞ্চ কৰাত ব্যস্ত আছিল। সেই সময়তে তাত লোকজনৰ পত্নী উপস্থিত হয়। স্বামীক অন্য মহিলাৰ সৈতে দেখি পত্নী খঙত অগ্নিশৰ্মা হৈ পৰে আৰু তেওঁ চেণ্ডেল খুলি স্বামী আৰু মহিলাগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’টোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পতি দীনেশৰ বিৰুদ্ধে পত্নী নীলমে এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত দুয়োৰে মাজত ব্যাপক কাজিয়া হৈছিল। ক্ষোভিত নীলেম স্বামীগৃহ এৰি মাতৃগৃহত কিছুদিন থকাকৈ গল। মাতৃগৃহত থাকোতেই নীলমে খবৰ পালে যে স্বামী দীনেশে সেই মহিলাগৰাকীৰ সৈতে হোটেলত আছে। লগে লগে তেওঁ ভায়েকৰ সৈতে হোটেল পালেগৈ। কোঠাটোত সোমোৱাৰ লগে লগে নীলমে দেখিলে যে দীনেশে সেই মহিলাৰ লগত কোঠাত সোমাই থকাটো সঁচা। খঙত নীলমে ভৰিৰ পৰা চেণ্ডেল খুলি প্ৰথমে স্বামীক কোবাই তাৰ পিছত মহিলাগৰাকী কোবাবলৈ ধৰে। সেই সময়ত স্বামীয়ে ক্ষমা খুজি আছিল যদিও নীলমৰ হাত দুখন ৰৈ যোৱা নাছিল।

চাওক ভিডিঅ’



নীলামে যেতিয়া স্বামী আৰু আন মহিলাগৰাকীক চেণ্ডেলেৰে প্ৰহাৰ কৰি আছিল, তেতিয়া তেওঁৰ ভাতৃয়ে এটা ভিডিঅ’ কৰিছিল, যিটো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে দীনেশে বাৰে বাৰে পত্নীৰ ওচৰত ক্ষমা খুজিছে। তেওঁ কৈ আছে - ভুল হৈ গল। এই ভুল আকৌ নহয়। মাত্ৰ এইবাৰলে মোক ক্ষমা কৰি দিয়়া। মহিলাগৰাকীয়েও নীলমক ক্ষমা খুজি থকা দেখা গৈছে। তেওঁ কান্দি কান্দি কয় – এতিয়াৰ পৰা এনেকুৱা নহয়৷ মোক ক্ষমা কৰি দিয়ক।

এই হাই ভল্টেজ কাজিয়াখন হোটেলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলিছিল। আৰক্ষীয়ে এই খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ দীনেশ আৰু মহিলাগৰাকীক থানালৈ লৈ যায়। দীনেশ আৰু নীলমৰ এগৰাকী ১৬ বছৰীয়া কন্যা সন্তান আছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু