--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন হোটেলত কোনো অন্য মহিলাৰ সৈতে স্বামীক হাতে-লোটে ধৰিলে পত্নীয়ে। তাৰপাছত যি ঘটনা ঘটিল, সেই ঘটনা ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। হোটেলত ৰোমাঞ্চ কৰি বিপদত পৰিল এজন বিবাহিত পুৰুষ। হোটেলৰ বন্ধ কোঠাত লোকজনে অন্য মহিলাৰ সৈতে ৰোমাঞ্চ কৰাত ব্যস্ত আছিল। সেই সময়তে তাত লোকজনৰ পত্নী উপস্থিত হয়। স্বামীক অন্য মহিলাৰ সৈতে দেখি পত্নী খঙত অগ্নিশৰ্মা হৈ পৰে আৰু তেওঁ চেণ্ডেল খুলি স্বামী আৰু মহিলাগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’টোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পতি দীনেশৰ বিৰুদ্ধে পত্নী নীলমে এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত দুয়োৰে মাজত ব্যাপক কাজিয়া হৈছিল। ক্ষোভিত নীলেম স্বামীগৃহ এৰি মাতৃগৃহত কিছুদিন থকাকৈ গল। মাতৃগৃহত থাকোতেই নীলমে খবৰ পালে যে স্বামী দীনেশে সেই মহিলাগৰাকীৰ সৈতে হোটেলত আছে। লগে লগে তেওঁ ভায়েকৰ সৈতে হোটেল পালেগৈ। কোঠাটোত সোমোৱাৰ লগে লগে নীলমে দেখিলে যে দীনেশে সেই মহিলাৰ লগত কোঠাত সোমাই থকাটো সঁচা। খঙত নীলমে ভৰিৰ পৰা চেণ্ডেল খুলি প্ৰথমে স্বামীক কোবাই তাৰ পিছত মহিলাগৰাকী কোবাবলৈ ধৰে। সেই সময়ত স্বামীয়ে ক্ষমা খুজি আছিল যদিও নীলমৰ হাত দুখন ৰৈ যোৱা নাছিল।

চাওক ভিডিঅ’



নীলামে যেতিয়া স্বামী আৰু আন মহিলাগৰাকীক চেণ্ডেলেৰে প্ৰহাৰ কৰি আছিল, তেতিয়া তেওঁৰ ভাতৃয়ে এটা ভিডিঅ’ কৰিছিল, যিটো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে দীনেশে বাৰে বাৰে পত্নীৰ ওচৰত ক্ষমা খুজিছে। তেওঁ কৈ আছে - ভুল হৈ গল। এই ভুল আকৌ নহয়। মাত্ৰ এইবাৰলে মোক ক্ষমা কৰি দিয়়া। মহিলাগৰাকীয়েও নীলমক ক্ষমা খুজি থকা দেখা গৈছে। তেওঁ কান্দি কান্দি কয় – এতিয়াৰ পৰা এনেকুৱা নহয়৷ মোক ক্ষমা কৰি দিয়ক।

এই হাই ভল্টেজ কাজিয়াখন হোটেলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলিছিল। আৰক্ষীয়ে এই খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ দীনেশ আৰু মহিলাগৰাকীক থানালৈ লৈ যায়। দীনেশ আৰু নীলমৰ এগৰাকী ১৬ বছৰীয়া কন্যা সন্তান আছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ