--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ব্ৰহ্মাণ্ড সু্ন্দৰী সুস্মিতা সেন হৃদৰোগত আক্ৰান্ত হৈছে। এঞ্জিওপ্লাষ্টি কৰা হৈছে। হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা হয়। শাৰীৰিক অসুস্থতাৰ এই কথা নিজেই ক’লে অভিনেত্ৰীগৰাকীয়ে।

পিতৃৰ সৈতে নিজৰ এখন মৰমলগা ছবি পোষ্ট কৰি সামাজিক মাধ্যমত সুস্মিতাই লিখিছে, “নিজৰ হৃদয়খনক সুখী আৰু সাহসী কৰি ৰাখা। কাৰণ আপোনাৰ হৃদয়খন যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন হ’ব তেতিয়া হৃদয়খন আপোনাৰ লগত থাকিব। এই কথা দেউতাই মোক কৈছিল। কিছুদিন আগতে মোৰ হাৰ্ট এটেক হৈছিল। এঞ্জিওপ্লাষ্টি কৰা হ’ল। ষ্টেণ্টটো ঠাইতে আছে। আটাইতকৈ ডাঙৰ কথা ডাক্তৰে মোক কৈছিল, মোৰ হৃদয়খন সঁচাকৈয়ে ডাঙৰ। সেই সময়ছোৱাত মোৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ জনাইছো।"

সুস্মিতাই আৰু কয়, ‘এই মুহূৰ্তত এই পোষ্টটো দিয়াৰ এটাই কাৰণ আছে। মই এতিয়া বহুত ভাল হৈছো। আৰু কেইবছৰমান জীয়াই থাকিব পাৰিম। তোমালোক সকলোকে ভাল পাওঁ।”

দৰ্শকে সদায় সুস্মিতাক হাঁহি থকা দেখি আহিছে। ৫০ বছৰীয়া অভিনেত্ৰীগৰাকীৰ ফিটনেছৰ প্ৰতি থকা প্ৰেমৰ কথা সকলোৱে জানে। নিয়ম অনুসৰি সুস্মিতাই ব্যায়াম কৰে। তাৰ পিছতো তেওঁ কিয় হৃদৰোগত আক্ৰান্ত হৈছিল? চাৰিওফালে এই প্ৰশ্ন উত্থাপন কৰিছে।

দুগৰাকী কন্যা সন্তানৰ সৈতে তেওঁৰ এটা সুখী পৰিয়াল। সুস্মিতা অভিনীত 'আৰিয়া' হিট ৱেব ছিৰিজৰ অন্যতম। তেওঁৰ অনুৰাগীসকলে ধাৰাবাহিকখনৰ নতুন ছিজনত নায়িকাগৰাকীক চাবলৈ অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে