--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ব্ৰহ্মাণ্ড সু্ন্দৰী সুস্মিতা সেন হৃদৰোগত আক্ৰান্ত হৈছে। এঞ্জিওপ্লাষ্টি কৰা হৈছে। হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা হয়। শাৰীৰিক অসুস্থতাৰ এই কথা নিজেই ক’লে অভিনেত্ৰীগৰাকীয়ে।

পিতৃৰ সৈতে নিজৰ এখন মৰমলগা ছবি পোষ্ট কৰি সামাজিক মাধ্যমত সুস্মিতাই লিখিছে, “নিজৰ হৃদয়খনক সুখী আৰু সাহসী কৰি ৰাখা। কাৰণ আপোনাৰ হৃদয়খন যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন হ’ব তেতিয়া হৃদয়খন আপোনাৰ লগত থাকিব। এই কথা দেউতাই মোক কৈছিল। কিছুদিন আগতে মোৰ হাৰ্ট এটেক হৈছিল। এঞ্জিওপ্লাষ্টি কৰা হ’ল। ষ্টেণ্টটো ঠাইতে আছে। আটাইতকৈ ডাঙৰ কথা ডাক্তৰে মোক কৈছিল, মোৰ হৃদয়খন সঁচাকৈয়ে ডাঙৰ। সেই সময়ছোৱাত মোৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ জনাইছো।"

সুস্মিতাই আৰু কয়, ‘এই মুহূৰ্তত এই পোষ্টটো দিয়াৰ এটাই কাৰণ আছে। মই এতিয়া বহুত ভাল হৈছো। আৰু কেইবছৰমান জীয়াই থাকিব পাৰিম। তোমালোক সকলোকে ভাল পাওঁ।”

দৰ্শকে সদায় সুস্মিতাক হাঁহি থকা দেখি আহিছে। ৫০ বছৰীয়া অভিনেত্ৰীগৰাকীৰ ফিটনেছৰ প্ৰতি থকা প্ৰেমৰ কথা সকলোৱে জানে। নিয়ম অনুসৰি সুস্মিতাই ব্যায়াম কৰে। তাৰ পিছতো তেওঁ কিয় হৃদৰোগত আক্ৰান্ত হৈছিল? চাৰিওফালে এই প্ৰশ্ন উত্থাপন কৰিছে।

দুগৰাকী কন্যা সন্তানৰ সৈতে তেওঁৰ এটা সুখী পৰিয়াল। সুস্মিতা অভিনীত 'আৰিয়া' হিট ৱেব ছিৰিজৰ অন্যতম। তেওঁৰ অনুৰাগীসকলে ধাৰাবাহিকখনৰ নতুন ছিজনত নায়িকাগৰাকীক চাবলৈ অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement