--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। হৃদৰোগ সাধাৰণতে উচ্চ কলেষ্টেৰলৰ পৰা আৰম্ভ হয়, যাৰ বাবে উচ্চ ৰক্তচাপৰ সন্মুখীন হ’বলগীয়া হয় আৰু তাৰ পাছত হাৰ্টএটেক, ক’ৰ’নাৰী ধমনী আৰু ট্ৰিপল ভেচেল ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি মাৰাত্মক।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে এইবোৰ পৰিহাৰ কৰক-

১. চিগাৰেট আৰু মদঃ-প্ৰায়ে বিশ্বাস কৰা হয় যে চিগাৰেট আৰু মদ্যপানে আমাৰ হাওঁফাওঁ আৰু যকৃৎ নষ্ট কৰে, যিটো বহু পৰিমাণে সত্য যদিও ই আমাৰ হৃদযন্ত্ৰটো প্ৰভাৱ পেলায়। ইয়াৰ বাবে উচ্চ বি পি, হৃদযন্ত্ৰৰ বিকলতাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই বদঅভ্যাস যিমান সোনকালে এৰি দিব পাৰি সিমানেই স্বাস্থ্যৰ বাবে উত্তম।

২. শীতল পানীয়ঃ-প্ৰায়ে আমি নিজকে সতেজ কৰিবলৈ শীতল পানীয় সেৱন কৰো, কিন্তু ইয়াত ছ’ডাৰ পৰিমাণ অতি বেছি হয়, যাৰ বাবে আমাৰ হৃদযন্ত্ৰত বেয়া প্ৰভাৱ পৰে। যিসকলে নিয়মিতভাৱে সেৱন কৰে, তেওঁলোকৰ হৃদৰোগজনিত সমস্যা সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

৩. তেলীয়া খাদ্যঃ-ভাৰতত তেলীয়া খাদ্যৰ ধাৰা অতি বেছি, কিন্তু স্বাস্থ্যৰ বাবে ই অতি ক্ষতিকাৰক। ইয়াৰ ফলত তেজত থকা বেয়া কলেষ্টেৰল বাঢ়ি যায় আৰু হাৰ্টএটেকৰ আশংকা সৃষ্টি হয়। যদি আপুনিও ফাষ্ট বা জাংকফুড খাই ভাল পায়, তেন্তে পৰিহাৰ কৰা উচিত।

৪. প্ৰচেছড মাংসঃ-আজিকালি প্ৰচেছড মাংসৰ ধাৰা বহুত বৃদ্ধি পাইছে। প্ৰায়ে মানুহে প্ৰটিন পোৱাৰ ইচ্ছাত মাংস খায়, কিন্তু প্ৰচেছড মাংসত নিমখৰ পৰিমাণ অতি বেছি, যাৰ ফলত উচ্চ ৰক্তচাপৰ সমস্যা হ’ব পাৰে, যিটো হাৰ্টএটেকৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক