--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাচীন কালৰে পৰাই কালজিৰাৰ ঔষধি গুণে মানুহক উপকৃত কৰি আহিছে৷ মাত্ৰ কালজিৰাৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলেই ইয়াৰ উপকাৰসমূহ লাভ কৰিব পাৰি৷ আমি ঘৰুৱাভাবে কৰা ৰন্ধা-বঢ়াতো কালজিৰা ব্যৱহাৰ কৰো৷ কালজিৰাৰ পৰা এবিধ তেল উলিয়াব পাৰি৷ তেনে তেল বজাৰত কিনিবলৈ পোৱা যায়৷ কালজিৰাৰ তেলে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ লগতে আন বহু ৰোগো প্ৰতিৰোধ কৰিব পাৰে৷ 

কালজিৰা এবিধ সকলোৰে পৰিচিত মচলা। সাধাৰণ -চৰ্দী আদিত মিঠাতেলৰ সৈতে কালজিৰা গৰম কৰি মালিছ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেৱল মছলা হিচাবেই নহয়, কালজিৰাৰ পৰা লাভ কৰা তেল বজাৰত কিনিবলৈ পোৱা যায়। কালজিৰাৰ তেলে আমাক বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
 
কালজিৰা বা কালঞ্জী তেল নাইজেলা ছেটিভা নামৰ গছৰ পৰা হোৱা ক’লা গুটিৰ পৰা প্ৰস্তুত কৰা হয়। ছাল আৰু চুলিৰ শ্ৰীবৃদ্ধিৰ বাবেও এই তেল  ব্যৱহাৰ কৰা হয়।

কালঞ্জী তেলৰ কেইটামান উপকাৰীতা এনেধৰণৰ  

কৰ্কট প্ৰতিৰোধী :

কালঞ্জী তেলত থকা কাৰ্চিন’জেনিক প্ৰপাৰ্টিয়ে কিছুমান ধৰণৰ কেঞ্চাৰ (ব্লাড কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, আন্ত্ৰিক কেঞ্চাৰ আদি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এগিলাচ সতেজ আঙুৰৰ ৰসত ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক।এই মিশ্ৰণখিনি প্ৰতিদিনে তিনিবাৰকৈ সেৱন কৰিলে ভাল ফল লাভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :

এক সংখ্যক মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়। কালঞ্জী তেলে আমাৰ ৰক্তচাপৰ পৰিমান নিয়ন্ত্ৰণ কৰি এইক্ষেত্ৰত সকাহ দিব পাৰে। মাত্ৰ ১/২ চাহ চামুচ তেল একাপ গৰম চাহ বা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাওক।

হৃদৰোগত উপকাৰী :

কাৰ্ডিঅ’ভেছকুলাৰ হেলথ্ ধৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী আৰু কালঞ্জী তেলে এইক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আপুনি ১/২ চাহ চামুচ তেল একাপ সতেজ ছাগলীৰ গাখীৰৰ সৈতে প্ৰতিদিনে ৰাতিপুৱা ২-৩ সপ্তাহ একেলেথাৰিয়ে খাওক। ইয়ে হাৰ্ট এটেক আৰু আন কাৰ্ডিঅ’ভেছকুলাৰ সমস্যা দূৰত থাকিব।

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ

কালঞ্জী তেলে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে, ইয়াক মধুমেহ প্ৰতিৰোধ তথা পৰিচালনাৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। একাপ সতেজ ব্লেক টীৰ (চাহৰ) সৈতে ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু নিশা ইয়াক সেৱন কৰিলে এমাহৰ ভিতৰত ভাল ফলাফল দিব পাৰে।

বৃক্কৰ পাত্থৰ :

একাপ গৰম পানীৰ সৈতে ২ চাহ চামুচ বিশুদ্ধ মৌ আৰু ১/২ চাহ চামুচ কালঞ্জী তেলৰ মিশ্ৰণ সেৱন আমাৰ কিডনিৰ বাবে অত্যন্ত উপযোগী। ই অংগসমূহক ইয়াৰ স্বাভাৱিক কামকাজ কৰি যোৱাত সহায় কৰাৰ লগতে পাত্থৰ হোৱাত বাধা দিয়ে।

চুলিৰ বাবেঃ

কালঞ্জি তেলত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টি-ইনফ্লেমেটৰী গুণো সৰ্বোত্তম।ইয়াক চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ তেলৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ই চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰে  আৰু চুলি পুনৰ গজোৱাত সহায় কৰে বুলি ভেষজ বিশাৰদসকলে  কৈ আহিছে।এনেদৰে কালজিৰাৰ তেল ব্যৱহাৰ কৰি আমি নিজকে বহু ৰোগৰ আশংকাৰ পৰা মুক্ত কৰি ৰাখিব পাৰো৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement