--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰৰ যত্ন লোৱাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কাৰণ যদি হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ থাকে তেন্তে আপোনাৰ গোটেই শৰীৰটো ইয়াৰ দ্বাৰা আক্ৰান্ত হ'বলৈ আৰম্ভ কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিবলৈ আপুনি ব্যায়াম কৰিব লাগিব।এই কাম কৰিলে আপোনাৰ ৰক্ত সঞ্চালন উন্নত হয় আৰু আপুনি সুস্থ হৈ থাকে। আনহাতে যদি আপুনি ভুল জীৱনশৈলী পালন কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবেই আপুনি আপোনাৰ জীৱনশৈলী আৰু খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি বস্তু সেৱন কৰিব লাগে জানি লওক।

এই খাদ্যই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে-

১) সেউজীয়া শাক-পাচলিঃ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ সেউজীয়া শাক-পাচলি সেৱন কৰিব লাগে। কাৰণ এই শাক-পাচলিবোৰত ভিটামিন আৰু এণ্টিঅক্সিডেণ্টৰ পৰিমাণ অতি বেছি, যিয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে আপুনি খাদ্যত পালেং, কাচকল আদি শাক-পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে। আপোনালোকক কওঁ যে এই শাক-পাচলি খালে ৰক্তচাপো নিয়ন্ত্ৰণত থাকে।

২) জামুঃ দৈনিক জামু খোৱাটোৱেও আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে। জামুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। হৃদৰোগৰ আশংকাও কম হয়। কলেষ্টেৰল আৰু ৰক্তচাপো নিয়ন্ত্ৰণত থাকে।

৩) আখৰোটঃ আখৰোটত আঁহ, মেগনেছিয়াম আৰু মেংগানিজৰ অতি উত্তম উৎস। যদি আপুনি নিয়মিতভাৱে আখৰোট সেৱন কৰে ইয়াৰ দ্বাৰা হৃদৰোগ প্ৰতিৰোধত সহায়ক হ’ব পাৰে। সেইবাবেই প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা আখৰোট খালে হৃদৰোগৰ সম্ভাৱনা কম হয়।

৪) বিলাহীঃ বিলাহী পুষ্টিকৰ উপাদানৰে ভৰপূৰ। যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা হৃদযন্ত্ৰক ৰক্ষা কৰে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰিলে প্ৰতিদিনে বিলাহী সেৱন কৰিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে