--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো ৰাজনৈতিক দলৰে বিশ্বাসী হ’ব পৰা নাই বদৰুদ্দিন আজমল৷অসমৰ ৰাজনীতিত নিজকে কিংমেকাৰ আখ্যা দিয়া আজমল এতিয়া নিসংগ৷সেই নিসংগতাই আজমলক এতিয়া ফ্ৰাষ্টটেডেত কৰি তুলিছে৷আজি পুনৰ ৰাজ্যসভাৰ বাহিৰত মোদীবন্দনাত ব্ৰতী হৈ পৰিছে আজমল৷

দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিৰোধী মিত্ৰজোঁটৰ (ইণ্ডিয়া)ৰ বৈঠকলৈ নিমন্ত্ৰণ নকৰাৰ বাবে কংগ্ৰেছক লৈ আক্ৰমণাত্মক হৈ পৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে। বিৰোধী ঐক্যৰ বাবে কৰা প্ৰচেষ্টা ব্যৰ্থ হোৱা বুলিও আজমলে উল্লেখ কৰে।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত বদৰুদ্দিন আজমলে কয় যে “বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকলৈ মোক নিমন্ত্ৰণ কৰা হোৱা নাছিল। কংগ্ৰেছে অকলে ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ফলাফল ওলাইছে। এনে পৰিস্থিতিত বিৰোধী ঐক্যৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে উন্নয়নৰ কথা কয়, কিন্তু কংগ্ৰেছে কিয় নকৰে?”


শেহতীয়াকৈ মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰ পাছত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ একাংশ গঠনমূলক দলে কংগ্ৰেছক লৈ প্ৰশ্ন উত্থাপন কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জে ডি ইউয়ে কয় যে কংগ্ৰেছে "ইণ্ডিয়া" মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে কোনো ধৰণৰ সমন্বয় নোহোৱাকৈ অকল মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভুল কৰিলে।এতিয়ালৈকে ইণ্ডিয়া এলায়েন্সৰ তিনিখন বৈঠক পাটনা, বেংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হৈছে। শেহতীয়াকৈ মুম্বাইত মিত্ৰজোঁটৰ গঠনকাৰী দলসমূহৰ নেতাসকলৰ বৈঠকত মিত্ৰজোঁটৰ ভৱিষ্যত কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ১৪ জনীয়া সমন্বয় সমিতি গঠন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু