--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো ৰাজনৈতিক দলৰে বিশ্বাসী হ’ব পৰা নাই বদৰুদ্দিন আজমল৷অসমৰ ৰাজনীতিত নিজকে কিংমেকাৰ আখ্যা দিয়া আজমল এতিয়া নিসংগ৷সেই নিসংগতাই আজমলক এতিয়া ফ্ৰাষ্টটেডেত কৰি তুলিছে৷আজি পুনৰ ৰাজ্যসভাৰ বাহিৰত মোদীবন্দনাত ব্ৰতী হৈ পৰিছে আজমল৷

দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিৰোধী মিত্ৰজোঁটৰ (ইণ্ডিয়া)ৰ বৈঠকলৈ নিমন্ত্ৰণ নকৰাৰ বাবে কংগ্ৰেছক লৈ আক্ৰমণাত্মক হৈ পৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে। বিৰোধী ঐক্যৰ বাবে কৰা প্ৰচেষ্টা ব্যৰ্থ হোৱা বুলিও আজমলে উল্লেখ কৰে।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত বদৰুদ্দিন আজমলে কয় যে “বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকলৈ মোক নিমন্ত্ৰণ কৰা হোৱা নাছিল। কংগ্ৰেছে অকলে ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ফলাফল ওলাইছে। এনে পৰিস্থিতিত বিৰোধী ঐক্যৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে উন্নয়নৰ কথা কয়, কিন্তু কংগ্ৰেছে কিয় নকৰে?”


শেহতীয়াকৈ মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰ পাছত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ একাংশ গঠনমূলক দলে কংগ্ৰেছক লৈ প্ৰশ্ন উত্থাপন কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জে ডি ইউয়ে কয় যে কংগ্ৰেছে "ইণ্ডিয়া" মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে কোনো ধৰণৰ সমন্বয় নোহোৱাকৈ অকল মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভুল কৰিলে।এতিয়ালৈকে ইণ্ডিয়া এলায়েন্সৰ তিনিখন বৈঠক পাটনা, বেংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হৈছে। শেহতীয়াকৈ মুম্বাইত মিত্ৰজোঁটৰ গঠনকাৰী দলসমূহৰ নেতাসকলৰ বৈঠকত মিত্ৰজোঁটৰ ভৱিষ্যত কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ১৪ জনীয়া সমন্বয় সমিতি গঠন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ