--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া দেশত সূত্ৰপাত হৈছে এক নতুন বিতৰ্কৰ৷এই বিতৰ্কৰ কেন্দ্ৰবিন্দু সামাজিক মাধ্যম৷বিতৰ্কটোৰ বিষয়-সামাজিক মাধ্যমত কাৰ জনপ্ৰিয়তা বেছি?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ!ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে এইক্ষেত্ৰত তীব্ৰ অনলাইন বাক্‌যুদ্ধ আৰম্ভ কৰিছে৷

সাংসদ পদ ঘূৰাই পোৱাৰ পাছত সংসদত ৰাহুল গান্ধীৰ ভাষণে প্ৰধানমন্ত্ৰীৰ মোদীৰৰ ভাষণতকৈ অধিক দৰ্শক লাভ কৰা বুলি কংগ্ৰেছে দাবী কৰিছে৷এই দাবী কৰি কংগ্ৰেছে সংসদ টিভিৰ ইউটিউব চেনেলত ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ত দৰ্শকৰ সংখ্যাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে।কংগ্ৰেছৰ মতে সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷
ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ টুইট সন্দৰ্ভতো তুলনামূলক তথ্য প্ৰকাশ কৰি কংগ্ৰেছে।কংগ্ৰেছ দলৰ ছ’চিয়েল মিডিয়া টীমৰ মতে, ৰাহুল গান্ধীৰ আগষ্ট মাহৰ মাজভাগলৈকে দিয়া ৩০টা টুইটে ৪ কোটি ৮১ লাখ ইম্প্ৰেছন লাভ কৰাৰ বিপৰীতে একে সময়লৈকে মোদীৰ শেষৰ ৩০টা টুইটে ২ কোটি ১৫ লাখ  ইম্প্ৰেছন লাভ কৰিছে।


এই পোষ্টৰ প্ৰত্যুত্তৰত বিজেপিয়ে জনোৱা মতে, এক্সত (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত জুলাই মাহত ৭৯.৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৩.৪৩ লাখ এংগেজমেণ্ট পোৱা গৈছে।ফেচবুকত প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত বিগত এমাহত প্ৰায় ৫৭.৮৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৮.৩৮ লাখ এংগেজমেণ্ট পোৱা বুলি বিজেপিয়ে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ