--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া দেশত সূত্ৰপাত হৈছে এক নতুন বিতৰ্কৰ৷এই বিতৰ্কৰ কেন্দ্ৰবিন্দু সামাজিক মাধ্যম৷বিতৰ্কটোৰ বিষয়-সামাজিক মাধ্যমত কাৰ জনপ্ৰিয়তা বেছি?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ!ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে এইক্ষেত্ৰত তীব্ৰ অনলাইন বাক্‌যুদ্ধ আৰম্ভ কৰিছে৷

সাংসদ পদ ঘূৰাই পোৱাৰ পাছত সংসদত ৰাহুল গান্ধীৰ ভাষণে প্ৰধানমন্ত্ৰীৰ মোদীৰৰ ভাষণতকৈ অধিক দৰ্শক লাভ কৰা বুলি কংগ্ৰেছে দাবী কৰিছে৷এই দাবী কৰি কংগ্ৰেছে সংসদ টিভিৰ ইউটিউব চেনেলত ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ত দৰ্শকৰ সংখ্যাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে।কংগ্ৰেছৰ মতে সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷
ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ টুইট সন্দৰ্ভতো তুলনামূলক তথ্য প্ৰকাশ কৰি কংগ্ৰেছে।কংগ্ৰেছ দলৰ ছ’চিয়েল মিডিয়া টীমৰ মতে, ৰাহুল গান্ধীৰ আগষ্ট মাহৰ মাজভাগলৈকে দিয়া ৩০টা টুইটে ৪ কোটি ৮১ লাখ ইম্প্ৰেছন লাভ কৰাৰ বিপৰীতে একে সময়লৈকে মোদীৰ শেষৰ ৩০টা টুইটে ২ কোটি ১৫ লাখ  ইম্প্ৰেছন লাভ কৰিছে।


এই পোষ্টৰ প্ৰত্যুত্তৰত বিজেপিয়ে জনোৱা মতে, এক্সত (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত জুলাই মাহত ৭৯.৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৩.৪৩ লাখ এংগেজমেণ্ট পোৱা গৈছে।ফেচবুকত প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত বিগত এমাহত প্ৰায় ৫৭.৮৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৮.৩৮ লাখ এংগেজমেণ্ট পোৱা বুলি বিজেপিয়ে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক