--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহক বিভিন্ন ৰোগে আগুৰি ধৰে। তাৰ ভিতৰত এটা হৈছে হৃদযন্ত্ৰৰ সমস্যা। হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ ফলত বহুত মানুহৰ মৃত্যু ঘটে। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে প্ৰতি বছৰে ২ কোটি লোকৰ মৃত্যু হয়। এইবাৰ হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰৰ বাবে আমি চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ বহু তাৰকা হেৰুৱাইছো। বলীউডৰ গায়ক কে কে আৰু টিভি অভিনেতা সিদ্ধাৰ্থ শুক্লাই হাৰ্ট এটেকৰ বাবে মৃত্যুক সাৱটি লগা ঘটনাই সকলোকে বহু দুখ দি গ’ল। গতিকে এনে অৱস্থাত হাৰ্ট এটেক হ’লে আমি কি কৰিব লাগে আৰু কি সাৱধানতা অৱলম্বন কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায় সেয়া জনাটো জৰুৰী।

হাৰ্ট এটেক কি?

ক’ৰ’নাৰী ধমনীত প্লেকৰ দৰে উপাদান জমা হৈ থাকে, যাৰ ফলত তেজৰ সোঁত বন্ধ হৈ পৰে। এনে অৱস্থাত হৃদপিণ্ডলৈ তেজ গৈ নাপায় আৰু হাৰ্ট এটেক হয়।

হাৰ্ট এটেক হ’লে কি কৰিব লাগে?

যদি আপোনাৰ ওচৰতে কাৰোবাৰ হাৰ্ট এটেক হয় তেন্তে ভুক্তভোগীৰ বুকুৰ মাজত তীব্ৰভাৱে ঠেলি দিব লাগে। ৰোগীক চেতনালৈ আনিবলৈ বুকুত ১ মিনিটত ১০০-১২০ বাৰ ঠেলি ঠেলি থাকিব লাগে। তেতিয়া উশাহ ঘূৰি অহাৰ সম্ভাৱনা থাকে। কিন্তু মনত ৰাখিব ৰোগীজনক অতি সোনকালে চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰক। এই প্ৰক্ৰিয়াটোক CPR বোলা হয়, সময়মতে এই পদ্ধতি গ্ৰহণ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়।
 
হৃদৰোগীয়ে কি খাব নালাগে?

হৃদযন্ত্ৰৰ সমস্যাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল বেয়া খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলী। হাৰ্ট এটেক ৰোগীৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। যিবোৰ খাদ্যত কলেষ্টেৰল বৃদ্ধি হোৱাৰ আশংকা থাকে, সেইবোৰক সম্পূৰ্ণৰূপে আওকাণ কৰা উচিত। যেনে ভজা খাদ্য, টেঙা খাদ্য, ফাষ্ট ফুড, চৰ্বিযুক্ত খাদ্য, মদ আৰু ধূমপান (বিড়ি, চিগাৰেট) আদিৰ বাহিৰেও ৰঙা মাংস আৰু প্ৰচেছড খাদ্যও পৰিহাৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক