--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহক বিভিন্ন ৰোগে আগুৰি ধৰে। তাৰ ভিতৰত এটা হৈছে হৃদযন্ত্ৰৰ সমস্যা। হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ ফলত বহুত মানুহৰ মৃত্যু ঘটে। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে প্ৰতি বছৰে ২ কোটি লোকৰ মৃত্যু হয়। এইবাৰ হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰৰ বাবে আমি চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ বহু তাৰকা হেৰুৱাইছো। বলীউডৰ গায়ক কে কে আৰু টিভি অভিনেতা সিদ্ধাৰ্থ শুক্লাই হাৰ্ট এটেকৰ বাবে মৃত্যুক সাৱটি লগা ঘটনাই সকলোকে বহু দুখ দি গ’ল। গতিকে এনে অৱস্থাত হাৰ্ট এটেক হ’লে আমি কি কৰিব লাগে আৰু কি সাৱধানতা অৱলম্বন কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায় সেয়া জনাটো জৰুৰী।

হাৰ্ট এটেক কি?

ক’ৰ’নাৰী ধমনীত প্লেকৰ দৰে উপাদান জমা হৈ থাকে, যাৰ ফলত তেজৰ সোঁত বন্ধ হৈ পৰে। এনে অৱস্থাত হৃদপিণ্ডলৈ তেজ গৈ নাপায় আৰু হাৰ্ট এটেক হয়।

হাৰ্ট এটেক হ’লে কি কৰিব লাগে?

যদি আপোনাৰ ওচৰতে কাৰোবাৰ হাৰ্ট এটেক হয় তেন্তে ভুক্তভোগীৰ বুকুৰ মাজত তীব্ৰভাৱে ঠেলি দিব লাগে। ৰোগীক চেতনালৈ আনিবলৈ বুকুত ১ মিনিটত ১০০-১২০ বাৰ ঠেলি ঠেলি থাকিব লাগে। তেতিয়া উশাহ ঘূৰি অহাৰ সম্ভাৱনা থাকে। কিন্তু মনত ৰাখিব ৰোগীজনক অতি সোনকালে চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰক। এই প্ৰক্ৰিয়াটোক CPR বোলা হয়, সময়মতে এই পদ্ধতি গ্ৰহণ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়।
 
হৃদৰোগীয়ে কি খাব নালাগে?

হৃদযন্ত্ৰৰ সমস্যাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল বেয়া খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলী। হাৰ্ট এটেক ৰোগীৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। যিবোৰ খাদ্যত কলেষ্টেৰল বৃদ্ধি হোৱাৰ আশংকা থাকে, সেইবোৰক সম্পূৰ্ণৰূপে আওকাণ কৰা উচিত। যেনে ভজা খাদ্য, টেঙা খাদ্য, ফাষ্ট ফুড, চৰ্বিযুক্ত খাদ্য, মদ আৰু ধূমপান (বিড়ি, চিগাৰেট) আদিৰ বাহিৰেও ৰঙা মাংস আৰু প্ৰচেছড খাদ্যও পৰিহাৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ