--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সাৰ পোৱাৰ পিছত বহু মানুহে গ্ৰীণ টিৰে দিনটো আৰম্ভ কৰে। শৰীৰৰ ওজন কমোৱাৰ বাবেই হওক বা স্বাস্থ্য সজাগতাৰ বাবেই হওক, নৰ্মেল চাহ, মছলা চাহ, আদা চাহ এৰি সকলোৰে মন এতিয়া গ্ৰীণ টিৰ ওপৰত। নিজকে সুস্থ আৰু ফিট কৰি ৰখাটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনটো সময়ত গ্ৰীণ টি শৰীৰৰ বাবে উপকাৰী জনাটো উচিত। 

গ্ৰীণ টি শৰীৰৰ বাবে অতি ফলপ্ৰসূ।  ওজন কমোৱাৰ পৰা আৰম্ভ কৰি তেজৰ চেনি নিয়ন্ত্ৰণ আৰু হজম হোৱালৈকে গ্ৰীণ টিয়ে কলেষ্টেৰল কমোৱাৰ বাবে যাদুৰ দৰে কাম কৰে। এন্টিঅক্সিডেন্ট সমৃদ্ধ গ্ৰীণ টি নিয়মীয়াকৈ সেৱন কৰিলে ছাল আৰু চুলি সুস্থ হৈ থাকে।  কিন্তু খালী পেটত গ্ৰীণ টি খোৱাটো কিমান ভাল বা বেয়া? 

বিশেষজ্ঞসকলৰ মতে, খালী পেটত গ্ৰীণ টি সেৱন কৰিলে শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।  কাৰণ খালী পেটত পানীৰ বাহিৰে আন একোৱেই সেৱন কৰিব নালাগে। 

১)খালী পেটত গেছ বা হাৰ্টবাৰ্ণ হ’ব পাৰে।

২)খালী পেটত গ্ৰীণ টি খালে কোষ্ঠকাঠিন্য হ’ব পাৰে।  কাৰণ গ্ৰীণ টিত টেনিন থাকে যাৰ ফলত পেটত এচিডৰ পৰিমাণ বৃদ্ধি পায়।  

৩)খালী পেটত চাহ খালে পেটৰ বিষ হব পাৰে।

৪)এনেমিয়াত ভুগি থকা সকলে কেতিয়াও গ্ৰীণ টি নাখাব বুলিও বিশেষজ্ঞসকলে কয়।  যদি আপুনি আইৰণ ডিফিচিয়েন্সি এনিমিয়াত আক্ৰান্ত হয় তেন্তে খাদ্য খোৱাৰ মাজত গ্ৰীণ টি খাব লাগে।  ই খাদ্যৰ পৰা আইৰণ শোষণ কৰে।খালী 

৫)খালী পেটত এই চাহ খালে আলচাৰ আৰু হাইপাৰএচিডিটি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৭)গ্ৰীণ টিত কেফেইন থাকে, যিয়ে কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে ষ্ট্ৰেছ হৰম’ন নিৰ্গত কৰে যিয়ে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদৰোগ বৃদ্ধি কৰে, গতিকে হৃদৰোগীৰ বাবে গ্ৰীণ টি ভাল নহয়।

৮)বিশেষজ্ঞসকলৰ মতে, আনকি দিনটোত তিনি কাপো গ্ৰীণ টি অতিৰিক্তভাৱে সেৱন কৰিব নালাগে। অত্যধিক গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ পানী নিষ্কাশন হ’ব পাৰে আৰু অত্যধিক গ্ৰীণ টিয়ে শৰীৰৰ পৰা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবোৰ উলিয়াই আনিব পাৰে।

ৰাতিপুৱা শৰীৰৰ মেটাবলিজম সৰ্বোচ্চ স্তৰত থাকে। গতিকে বিশেষজ্ঞসকলে পুৱা গ্ৰীণ টি নাখাবলৈ পৰামৰ্শ দিয়ে। সন্ধিয়া যেতিয়া শৰীৰত মেটাবলিজমৰ মাত্ৰা লেহেমীয়া হয়, তেতিয়া গ্ৰীন টিয়ে মেটাবলিজমৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বিশেষজ্ঞসকলৰ মতে, গ্ৰীণ টি সেৱনৰ বাবে উত্তম সময় হ’ল ৰাতিপুৱা ১০-১১ বজাৰ পৰা সন্ধিয়া ৬-৭ বজাৰ ভিতৰত।

সেয়েহে বিশেষজ্ঞসকলে কয় যে গ্ৰীণ টি খালী পেটত সেৱন কৰিব নালাগে। খাদ্য খোৱাৰ পিছত সদায় গ্ৰীণ টি খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।খালী পেটত গ্ৰীণ টি খালে শৰীৰৰ বাবে অতি ক্ষতিকাৰক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ