--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সাৰ পোৱাৰ পিছত বহু মানুহে গ্ৰীণ টিৰে দিনটো আৰম্ভ কৰে। শৰীৰৰ ওজন কমোৱাৰ বাবেই হওক বা স্বাস্থ্য সজাগতাৰ বাবেই হওক, নৰ্মেল চাহ, মছলা চাহ, আদা চাহ এৰি সকলোৰে মন এতিয়া গ্ৰীণ টিৰ ওপৰত। নিজকে সুস্থ আৰু ফিট কৰি ৰখাটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনটো সময়ত গ্ৰীণ টি শৰীৰৰ বাবে উপকাৰী জনাটো উচিত। 

গ্ৰীণ টি শৰীৰৰ বাবে অতি ফলপ্ৰসূ।  ওজন কমোৱাৰ পৰা আৰম্ভ কৰি তেজৰ চেনি নিয়ন্ত্ৰণ আৰু হজম হোৱালৈকে গ্ৰীণ টিয়ে কলেষ্টেৰল কমোৱাৰ বাবে যাদুৰ দৰে কাম কৰে। এন্টিঅক্সিডেন্ট সমৃদ্ধ গ্ৰীণ টি নিয়মীয়াকৈ সেৱন কৰিলে ছাল আৰু চুলি সুস্থ হৈ থাকে।  কিন্তু খালী পেটত গ্ৰীণ টি খোৱাটো কিমান ভাল বা বেয়া? 

বিশেষজ্ঞসকলৰ মতে, খালী পেটত গ্ৰীণ টি সেৱন কৰিলে শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।  কাৰণ খালী পেটত পানীৰ বাহিৰে আন একোৱেই সেৱন কৰিব নালাগে। 

১)খালী পেটত গেছ বা হাৰ্টবাৰ্ণ হ’ব পাৰে।

২)খালী পেটত গ্ৰীণ টি খালে কোষ্ঠকাঠিন্য হ’ব পাৰে।  কাৰণ গ্ৰীণ টিত টেনিন থাকে যাৰ ফলত পেটত এচিডৰ পৰিমাণ বৃদ্ধি পায়।  

৩)খালী পেটত চাহ খালে পেটৰ বিষ হব পাৰে।

৪)এনেমিয়াত ভুগি থকা সকলে কেতিয়াও গ্ৰীণ টি নাখাব বুলিও বিশেষজ্ঞসকলে কয়।  যদি আপুনি আইৰণ ডিফিচিয়েন্সি এনিমিয়াত আক্ৰান্ত হয় তেন্তে খাদ্য খোৱাৰ মাজত গ্ৰীণ টি খাব লাগে।  ই খাদ্যৰ পৰা আইৰণ শোষণ কৰে।খালী 

৫)খালী পেটত এই চাহ খালে আলচাৰ আৰু হাইপাৰএচিডিটি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৭)গ্ৰীণ টিত কেফেইন থাকে, যিয়ে কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে ষ্ট্ৰেছ হৰম’ন নিৰ্গত কৰে যিয়ে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদৰোগ বৃদ্ধি কৰে, গতিকে হৃদৰোগীৰ বাবে গ্ৰীণ টি ভাল নহয়।

৮)বিশেষজ্ঞসকলৰ মতে, আনকি দিনটোত তিনি কাপো গ্ৰীণ টি অতিৰিক্তভাৱে সেৱন কৰিব নালাগে। অত্যধিক গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ পানী নিষ্কাশন হ’ব পাৰে আৰু অত্যধিক গ্ৰীণ টিয়ে শৰীৰৰ পৰা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবোৰ উলিয়াই আনিব পাৰে।

ৰাতিপুৱা শৰীৰৰ মেটাবলিজম সৰ্বোচ্চ স্তৰত থাকে। গতিকে বিশেষজ্ঞসকলে পুৱা গ্ৰীণ টি নাখাবলৈ পৰামৰ্শ দিয়ে। সন্ধিয়া যেতিয়া শৰীৰত মেটাবলিজমৰ মাত্ৰা লেহেমীয়া হয়, তেতিয়া গ্ৰীন টিয়ে মেটাবলিজমৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বিশেষজ্ঞসকলৰ মতে, গ্ৰীণ টি সেৱনৰ বাবে উত্তম সময় হ’ল ৰাতিপুৱা ১০-১১ বজাৰ পৰা সন্ধিয়া ৬-৭ বজাৰ ভিতৰত।

সেয়েহে বিশেষজ্ঞসকলে কয় যে গ্ৰীণ টি খালী পেটত সেৱন কৰিব নালাগে। খাদ্য খোৱাৰ পিছত সদায় গ্ৰীণ টি খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।খালী পেটত গ্ৰীণ টি খালে শৰীৰৰ বাবে অতি ক্ষতিকাৰক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক