--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপিত প্ৰভাৱ কমিছে আঙুৰলতা ডেকাৰ৷ সৌ সিদিনালৈ ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা আঙুৰলতাৰ সক্ৰিয়তা নোহোৱা হৈছে বিজেপিৰ ভিতৰচ’ৰাত৷ এগৰাকী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত আঙুৰলতা ডেকাই বিজেপিৰ জৰিয়তে আৰম্ভ কৰিছিল ৰাজনৈতিক কেৰিয়াৰ৷ 

২০১৬ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিধায়িকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আঙুৰলতা ডেকাই৷ বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে আঙুৰলতা ডেকাই লাভ কৰিছিল ৪৬,৩৪৩টা ভোট৷ আৰু নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ গৌতম বৰাই লাভ কৰিছিল ৩৮,৪৫৮টা ভোট৷ 

কিন্তু, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অংশীদাৰ হ’ব নোৱাৰিলে বিজেপি নেত্ৰীগৰাকীয়ে৷ ২০২১ৰ নিৰ্বাচনত আঙুৰলতাই লাভ কৰে ৫১,৪৫৮টা ভোট আৰু কংগ্ৰেছৰ শিৱামণি বৰাই লাভ কৰে ৮৪,২৭৮টা ভোট৷ 

বৰ্তমান ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আঙুৰলতা ডেকাৰ শেহতীয়াকৈ সন্ধান নাই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত৷ লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুমাহ বাকী থকা সময়ত আঙুৰলতাৰ এই অসক্ৰিয়তা বিশেষভাৱে লক্ষ্যণীয় হৈ পৰিছে৷ 

তদানীন্তন সোণোৱাল চৰকাৰৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্ৰী আছিল আঙুৰলতা ডেকা৷ অইন বিজেপি নেত্ৰী নিষ্প্ৰভ হৈ পৰিছিল আঙুৰলতাৰ ৰাজনৈতিক চাতুৰ্যৰ তুলনাত৷ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ ভাবী প্ৰাৰ্থী হিচাপেও নাম চৰ্চিত হৈছিল আঙুৰলতাৰ৷ 

আৰু অতি সম্প্ৰতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাৰ্থিত্বৰ দৌৰৰ পৰাও প্ৰস্থান কৰিছে এসময়ৰ শক্তিশালী বিধায়িকাগৰাকীয়ে৷

দিছপুৰৰ বাহিৰে-ভিতৰে চলা চৰ্চা অনুসৰি অচিৰেই সলনি হ’ব আঙুৰলতা ডেকাৰ পদ৷ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰাও অপসাৰিত হ’ব পাৰে আঙুৰলতা ডেকা৷ 

খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰূপে স্থলাভিষিক্ত হ’ব পাৰে পূৰৱী ৰায় অথবা স্বপ্না বণিয়া৷ উল্লেখযোগ্য যে ৯ আৰু ১০ ছেপ্টেম্বৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল আঙুৰলতা ডেকাই৷ আৰু তাৰ পাছৰ পৰাই অতি নীৰৱে আৰু ৰহস্যজনকভাৱে ৰাজ্যৰ ৰাজনীতিত কমি গৈছে আঙুৰলতা ডেকাৰ সক্ৰিয়তা আৰু প্ৰভাৱ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু