--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যিক বিজেপিত প্ৰভাৱ কমিছে আঙুৰলতা ডেকাৰ৷ সৌ সিদিনালৈ ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা আঙুৰলতাৰ সক্ৰিয়তা নোহোৱা হৈছে বিজেপিৰ ভিতৰচ’ৰাত৷ এগৰাকী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত আঙুৰলতা ডেকাই বিজেপিৰ জৰিয়তে আৰম্ভ কৰিছিল ৰাজনৈতিক কেৰিয়াৰ৷ 

২০১৬ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিধায়িকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আঙুৰলতা ডেকাই৷ বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে আঙুৰলতা ডেকাই লাভ কৰিছিল ৪৬,৩৪৩টা ভোট৷ আৰু নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ গৌতম বৰাই লাভ কৰিছিল ৩৮,৪৫৮টা ভোট৷ 

কিন্তু, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অংশীদাৰ হ’ব নোৱাৰিলে বিজেপি নেত্ৰীগৰাকীয়ে৷ ২০২১ৰ নিৰ্বাচনত আঙুৰলতাই লাভ কৰে ৫১,৪৫৮টা ভোট আৰু কংগ্ৰেছৰ শিৱামণি বৰাই লাভ কৰে ৮৪,২৭৮টা ভোট৷ 

বৰ্তমান ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আঙুৰলতা ডেকাৰ শেহতীয়াকৈ সন্ধান নাই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত৷ লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুমাহ বাকী থকা সময়ত আঙুৰলতাৰ এই অসক্ৰিয়তা বিশেষভাৱে লক্ষ্যণীয় হৈ পৰিছে৷ 

তদানীন্তন সোণোৱাল চৰকাৰৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্ৰী আছিল আঙুৰলতা ডেকা৷ অইন বিজেপি নেত্ৰী নিষ্প্ৰভ হৈ পৰিছিল আঙুৰলতাৰ ৰাজনৈতিক চাতুৰ্যৰ তুলনাত৷ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ ভাবী প্ৰাৰ্থী হিচাপেও নাম চৰ্চিত হৈছিল আঙুৰলতাৰ৷ 

আৰু অতি সম্প্ৰতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাৰ্থিত্বৰ দৌৰৰ পৰাও প্ৰস্থান কৰিছে এসময়ৰ শক্তিশালী বিধায়িকাগৰাকীয়ে৷

দিছপুৰৰ বাহিৰে-ভিতৰে চলা চৰ্চা অনুসৰি অচিৰেই সলনি হ’ব আঙুৰলতা ডেকাৰ পদ৷ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰাও অপসাৰিত হ’ব পাৰে আঙুৰলতা ডেকা৷ 

খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰূপে স্থলাভিষিক্ত হ’ব পাৰে পূৰৱী ৰায় অথবা স্বপ্না বণিয়া৷ উল্লেখযোগ্য যে ৯ আৰু ১০ ছেপ্টেম্বৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল আঙুৰলতা ডেকাই৷ আৰু তাৰ পাছৰ পৰাই অতি নীৰৱে আৰু ৰহস্যজনকভাৱে ৰাজ্যৰ ৰাজনীতিত কমি গৈছে আঙুৰলতা ডেকাৰ সক্ৰিয়তা আৰু প্ৰভাৱ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ