--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ৪ ৰাজ্যৰ নির্বাচনী ফলাফল৷  ভোট গণনাই একাংশ সমীক্ষাৰ ভৱিষ্যতবাণীতকৈ একেবাৰে বিপৰীত ছবি উদঙালে৷ ৩ ৰাজ্যত বিজেপিয়ে কাঢ়ি নিলে ক্ষমতাৰ বাঘজৰী।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতেও চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ২০২৪ৰ বাবে মনোবল অধিক বৃদ্ধি কৰিব বিজেপিৰ। আনহাতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে  বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ভিতৰতে সৃষ্টি হৈছে বাদ-বিবাদৰ। সদ্য অনুষ্ঠিত বিধানসভা নির্বাচনত সকলো ৰাজনৈতিক ভৱিষ্যদ্বাণী ওলট-পালট কৰি হিন্দীবলয়ৰ তিনি ৰাজ্য ক্রমে মধ্যপ্রদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি জয়ী হ'ল যদিও দলটোৰ সন্মুখত আহি পৰিছে নতুন প্রত্যাহ্বান। তিনি ৰাজ্যত মুখ্যমন্ত্রী কোন হ'ব তাক লৈ ৩ ডিচেম্বৰৰ পৰা চলা জল্পনা-কল্পনাৰ অন্ত পৰা নাই। সদ্যসমাপ্ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গেৰুৱা দলটোৱে কোনো নেতাকে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে প্রক্ষেপ কৰা নাছিল। প্রধানমন্ত্রী মোডীক আগত ৰাখিয়েই দলটোৱে প্ৰচাৰ চলাইছিল।

ইতিমধ্যেই মিজোৰামত জোৰাম পিপলছ মুভমেন্টে লালডুহোমা আৰু তেলেংগানাত কংগ্ৰেছ দলে ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে৷ এতিয়া সকলোৰে দৃষ্টি বিজেপি দলৰ ওপৰত; ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশত কোন হ’ব মুখ্যমন্ত্ৰী!

কিন্তু দেশৰ বক্ষস্থলৰ যি তিনিখন ৰাজ্যত বিজেপিয়ে ক্ষমতা অৰ্জন কৰিছে, সেই তিনিৰাজ্যত মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ গুণাগাঁথা অব্যাহত থকাৰ সময়তেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত নীৰৱ হৈ থকাৰ বাবেই মুখ্যমন্ত্ৰীৰ পদবীক লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগলৈকে যিটো বিষয় তেনেই সহজ যেন লাগি আছিল, এতিয়া নিৰ্বাচনী ফলাফল প্ৰকাশৰ এদিন পাছত সিয়েই জটিল বিষয়ত পৰিণত হৈছে৷ অৰ্থাৎ মধ্য প্ৰদেশত ৪ বাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল চলোৱা প্ৰবীন নেতা শিৱৰাজ সিং চৌহানেই যে পুনৰ মুখ্যমন্ত্ৰী হ’ব সেয়া নিশ্চিত নহয়৷ একেদৰে ৰাজস্থানত এটা কাৰ্যকালৰ পূৰ্বে মুখ্যমন্ত্ৰী হৈ থকা বসুন্ধৰা ৰাজে সিন্ধিয়া, ছত্তীশগড় ৪ কাৰ্যকাল মুখ্যমন্ত্ৰীৰ আসন চম্ভলা ৰমণ সিং পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি নিৰ্বাচনী ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰ পাছতো নিশ্চিত নহয়৷ অন্ততঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাত প্ৰাক্তন তিনি মুখ্যমন্ত্ৰীৰ পথ যে অতি মসৃন নহয়, সেয়া পৰিষ্কাৰ হৈ গৈছে৷

অসমতো তেনে হোৱা দেখা গৈছিল৷ বিজেপিৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাটো একেবাৰে সহজতম ঘটনা৷ বিজেপিত মুখ্যমন্ত্ৰীৰ আসন কাৰো বাবে স্থায়ী নহয়৷ দক্ষতা প্ৰমাণ কৰিব নোৱাৰিলে, জনপ্ৰিয়তা হ্ৰাসৰ উমান পালে আৰু সৰ্বোপৰি ‘মইবৰ’ হৈ উঠিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেনে নেতাক টানি তললৈ নিমিষতে নমায়৷ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুগত, কিন্তু দক্ষতা পূৰ্বে দেখাৰ দৰে বা ভবাৰ দৰে নহয়, তেনে মুখ্যমন্ত্ৰীক শীৰ্ষ নেতৃত্বই সংস্থাপিত কৰে৷

সম্প্ৰতি বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ভৱিষ্যতৰ নেতৃত্বৰ ওপৰত দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী বাছনি কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ এইবাৰ গেৰুৱা দলটোৱে ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তীশড়ৰ মুখ্যমন্ত্রীৰূপে নতুন মুখক সুযোগ দিয়াৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে। ’২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ক্ৰুটি নোহোৱাকৈ বিজেপিয়ে আৰম্ভ কৰিছে জনপ্ৰিয় মুখ্যমন্ত্রী সন্ধান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ