--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ৪ ৰাজ্যৰ নির্বাচনী ফলাফল৷  ভোট গণনাই একাংশ সমীক্ষাৰ ভৱিষ্যতবাণীতকৈ একেবাৰে বিপৰীত ছবি উদঙালে৷ ৩ ৰাজ্যত বিজেপিয়ে কাঢ়ি নিলে ক্ষমতাৰ বাঘজৰী।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতেও চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ২০২৪ৰ বাবে মনোবল অধিক বৃদ্ধি কৰিব বিজেপিৰ। আনহাতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে  বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ভিতৰতে সৃষ্টি হৈছে বাদ-বিবাদৰ। সদ্য অনুষ্ঠিত বিধানসভা নির্বাচনত সকলো ৰাজনৈতিক ভৱিষ্যদ্বাণী ওলট-পালট কৰি হিন্দীবলয়ৰ তিনি ৰাজ্য ক্রমে মধ্যপ্রদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি জয়ী হ'ল যদিও দলটোৰ সন্মুখত আহি পৰিছে নতুন প্রত্যাহ্বান। তিনি ৰাজ্যত মুখ্যমন্ত্রী কোন হ'ব তাক লৈ ৩ ডিচেম্বৰৰ পৰা চলা জল্পনা-কল্পনাৰ অন্ত পৰা নাই। সদ্যসমাপ্ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গেৰুৱা দলটোৱে কোনো নেতাকে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে প্রক্ষেপ কৰা নাছিল। প্রধানমন্ত্রী মোডীক আগত ৰাখিয়েই দলটোৱে প্ৰচাৰ চলাইছিল।

ইতিমধ্যেই মিজোৰামত জোৰাম পিপলছ মুভমেন্টে লালডুহোমা আৰু তেলেংগানাত কংগ্ৰেছ দলে ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে৷ এতিয়া সকলোৰে দৃষ্টি বিজেপি দলৰ ওপৰত; ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশত কোন হ’ব মুখ্যমন্ত্ৰী!

কিন্তু দেশৰ বক্ষস্থলৰ যি তিনিখন ৰাজ্যত বিজেপিয়ে ক্ষমতা অৰ্জন কৰিছে, সেই তিনিৰাজ্যত মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ গুণাগাঁথা অব্যাহত থকাৰ সময়তেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত নীৰৱ হৈ থকাৰ বাবেই মুখ্যমন্ত্ৰীৰ পদবীক লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগলৈকে যিটো বিষয় তেনেই সহজ যেন লাগি আছিল, এতিয়া নিৰ্বাচনী ফলাফল প্ৰকাশৰ এদিন পাছত সিয়েই জটিল বিষয়ত পৰিণত হৈছে৷ অৰ্থাৎ মধ্য প্ৰদেশত ৪ বাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল চলোৱা প্ৰবীন নেতা শিৱৰাজ সিং চৌহানেই যে পুনৰ মুখ্যমন্ত্ৰী হ’ব সেয়া নিশ্চিত নহয়৷ একেদৰে ৰাজস্থানত এটা কাৰ্যকালৰ পূৰ্বে মুখ্যমন্ত্ৰী হৈ থকা বসুন্ধৰা ৰাজে সিন্ধিয়া, ছত্তীশগড় ৪ কাৰ্যকাল মুখ্যমন্ত্ৰীৰ আসন চম্ভলা ৰমণ সিং পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি নিৰ্বাচনী ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰ পাছতো নিশ্চিত নহয়৷ অন্ততঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাত প্ৰাক্তন তিনি মুখ্যমন্ত্ৰীৰ পথ যে অতি মসৃন নহয়, সেয়া পৰিষ্কাৰ হৈ গৈছে৷

অসমতো তেনে হোৱা দেখা গৈছিল৷ বিজেপিৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাটো একেবাৰে সহজতম ঘটনা৷ বিজেপিত মুখ্যমন্ত্ৰীৰ আসন কাৰো বাবে স্থায়ী নহয়৷ দক্ষতা প্ৰমাণ কৰিব নোৱাৰিলে, জনপ্ৰিয়তা হ্ৰাসৰ উমান পালে আৰু সৰ্বোপৰি ‘মইবৰ’ হৈ উঠিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেনে নেতাক টানি তললৈ নিমিষতে নমায়৷ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুগত, কিন্তু দক্ষতা পূৰ্বে দেখাৰ দৰে বা ভবাৰ দৰে নহয়, তেনে মুখ্যমন্ত্ৰীক শীৰ্ষ নেতৃত্বই সংস্থাপিত কৰে৷

সম্প্ৰতি বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ভৱিষ্যতৰ নেতৃত্বৰ ওপৰত দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী বাছনি কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ এইবাৰ গেৰুৱা দলটোৱে ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তীশড়ৰ মুখ্যমন্ত্রীৰূপে নতুন মুখক সুযোগ দিয়াৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে। ’২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ক্ৰুটি নোহোৱাকৈ বিজেপিয়ে আৰম্ভ কৰিছে জনপ্ৰিয় মুখ্যমন্ত্রী সন্ধান৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?