--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন উৎক্ষেপণ কমপ্লেক্সৰ সৈতে সম্পৰ্কিত এটা বিজ্ঞাপনক লৈ হোৱা বিবাদৰ মাজতে বিজেপিয়ে শুকুৰবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনক মাণ্ডাৰিন ভাষাত তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই সমালোচনাৰ লক্ষ্য কৰি লয়৷ তামিলনাডু বিজেপিৰ ‘এক্স’ হেণ্ডেলৰ পৰা দিয়া এটা পোষ্টত সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে ষ্টেলিনক৷ যিটো পোষ্টত চীনা পতাকাৰ ছবিও দেখা গৈছে। 

টুইটটোত লিখিছে, তামিলনাডু বিজেপিৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী এম কে ষ্টালিনক তেওঁৰ প্ৰিয় ভাষাত জন্মদিনৰ শুভেচ্ছা জনাইছোঁ! তেওঁ দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱন যাপন কৰক৷

থুথুকুডি জিলাৰ কুলাচেকাৰাপট্টিনমত ইছৰোৰ আহিবলগীয়া স্পেচপোৰ্টত তামিলনাডুৰ এজন মন্ত্ৰীয়ে বাতৰি কাকতৰ বিজ্ঞাপনত চীনা পতাকাৰ সৈতে এটা ৰকেট ৰখাৰ পাছত ডিএমকে আৰু বিজেপিৰ মাজত বাকযুদ্ধৰ মাজতে আহিল এই বিশেষ শুভেচ্ছাবাৰ্তা৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা স্পেচপোৰ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ পূৰ্বে বুধবাৰে সকলো আগশাৰীৰ দৈনিক বাতৰি কাকতত বিশেষ বিজ্ঞাপনটো প্ৰকাশ পাইছিল। বিজ্ঞাপনটো জাৰি কৰা ডিএমকে নেতাগৰাকী, মীনমন্ত্ৰী অনিতা আৰ ৰাধাকৃষ্ণনে কৈছিল যে এইটো ডিজাইনাৰৰ দ্বাৰা কৰা ভুল আছিল আৰু দলটোৰ আন কোনো উদ্দেশ্য নাছিল।

অৱশ্যে, ডিএমকে বিজেপিৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে দলটোক মহাকাশ প্ৰযুক্তিত ভাৰতৰ সফলতাক অৱজ্ঞা কৰাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল।
বুধবাৰে তিৰুনেলভেলীত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এতিয়া তেওঁলোকে সকলো সীমা অতিক্ৰম কৰিছে। তেওঁলোকে তামিলনাডুৰ ইছৰো লঞ্চপেডৰ কৃতিত্ব ল’বলৈ চীনৰ ষ্টিকাৰটো পেষ্ট কৰিছে। এয়া আমাৰ মহাকাশ বিজ্ঞানী, মহাকাশ খণ্ড, আপোনালোকৰ কৰৰ ধন আৰু দেশৰ বাবে অপমানজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু