--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ ফুৰিবলৈ আহি দলবদ্ধ বলাৎকাৰৰ বলি হ’ল  স্পেইনৰ এগৰাকী  মহিলা পৰ্যটক।ঝাৰখণ্ডত সংঘটিত হৈছে এই ঘটনা।  ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত  এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।  আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  এটা গোচৰ ৰুজু কৰিছে আৰু তিনিজন সন্দেহজনক লোকক আটক কৰিছে। 

এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে  এই লজ্জাজনক ঘটনাটো ডুমকাৰ হান্সদিহা আৰক্ষী থানা অঞ্চলৰ কুৰ্মাহাটত ঘটিছে। ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ  স্বামীৰ সৈতে ভাৰতলৈ আহিছিল। প্ৰায় ১০ জনীয়া দল এটাই   বিদেশী মহিলাগৰাকীক ধৰ্ষণ কৰে।  এছপি পীতাম্বৰ সিং খেৰৱাৰৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্ত কৰি আছে। হান্সদিহা আৰক্ষী থানাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে। 

তথ্য অনুসৰি, স্পেনিছ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বাইকত ওলাই গৈছিল। তেওঁলোকে  ডুমকা হৈ ভাগলপুৰ অভিমুখে গৈ আছিল। নিশা পলম হোৱাত তেওঁলোকে হান্সদিহা বজাৰত কেম্প সাজি  শুই আছিল। নিশা ওচৰ-পাজৰৰ কেইজনমান যুৱকে তাত উপস্থিত হৈ স্পেনিছ মহিলাগৰাকীক  দলবদ্ধ ধৰ্ষণ কৰে।  অভিযুক্তসকলে মহিলাগৰাকীক  প্ৰহাৰো কৰে।

বৰ্তমান, ভুক্তভোগী মহিলাগৰাকীক  ডুমকা জিলাৰ চাৰিয়াহাত চিএইচচিত ভৰ্তি কৰোৱা হৈছে।  আৰক্ষীয়ে  কুকুৰ ব্যৱহাৰ কৰি বলাৎকাৰীক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী