--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ ফুৰিবলৈ আহি দলবদ্ধ বলাৎকাৰৰ বলি হ’ল  স্পেইনৰ এগৰাকী  মহিলা পৰ্যটক।ঝাৰখণ্ডত সংঘটিত হৈছে এই ঘটনা।  ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত  এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।  আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  এটা গোচৰ ৰুজু কৰিছে আৰু তিনিজন সন্দেহজনক লোকক আটক কৰিছে। 

এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে  এই লজ্জাজনক ঘটনাটো ডুমকাৰ হান্সদিহা আৰক্ষী থানা অঞ্চলৰ কুৰ্মাহাটত ঘটিছে। ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ  স্বামীৰ সৈতে ভাৰতলৈ আহিছিল। প্ৰায় ১০ জনীয়া দল এটাই   বিদেশী মহিলাগৰাকীক ধৰ্ষণ কৰে।  এছপি পীতাম্বৰ সিং খেৰৱাৰৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্ত কৰি আছে। হান্সদিহা আৰক্ষী থানাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে। 

তথ্য অনুসৰি, স্পেনিছ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বাইকত ওলাই গৈছিল। তেওঁলোকে  ডুমকা হৈ ভাগলপুৰ অভিমুখে গৈ আছিল। নিশা পলম হোৱাত তেওঁলোকে হান্সদিহা বজাৰত কেম্প সাজি  শুই আছিল। নিশা ওচৰ-পাজৰৰ কেইজনমান যুৱকে তাত উপস্থিত হৈ স্পেনিছ মহিলাগৰাকীক  দলবদ্ধ ধৰ্ষণ কৰে।  অভিযুক্তসকলে মহিলাগৰাকীক  প্ৰহাৰো কৰে।

বৰ্তমান, ভুক্তভোগী মহিলাগৰাকীক  ডুমকা জিলাৰ চাৰিয়াহাত চিএইচচিত ভৰ্তি কৰোৱা হৈছে।  আৰক্ষীয়ে  কুকুৰ ব্যৱহাৰ কৰি বলাৎকাৰীক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু