--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছিয়া ৰাষ্ট্র ইৰানত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছে ভয়ংকৰ কূটাঘাত। বুধবাৰে ইৰানৰ দুখনকৈ চহৰত সংঘটিত কূটাঘাতৰ ঘটনাৰ পলমকৈ পোহৰলৈ আহিছে সবিশেষ। 

বুধবাৰে নিশা ইৰানৰ চাবহাৰ আৰু ৰস্ক নামৰ চহৰ দুখনত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল ভয়ংকৰ আক্ৰমণ। য’ত, ১১ গৰাকী নিৰাপত্তাৰক্ষীৰ লগতে প্ৰাণ হেৰুৱাইছিল ১৬ গৰাকী সাধাৰণ নাগৰিকে। ২৭জনকৈ লোকে প্ৰাণ হেৰুওৱা এই আক্ৰমণত সন্ত্ৰাসবাদীৰ দলটোৱে নিজৰ দখললৈ নিব বিচাৰিছিল ইৰানৰ সীমান্তৰক্ষীবাহিনীৰ মুখ্য কাৰ্যালয়। এই ঘটনাত আহত হৈছে ১০ জন নিৰাপত্তাৰক্ষী। 

প্ৰকাশ পোৱা খবৰ অনুসৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জঈছ–অল–অদল নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে। আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী দলটোৰ ১৫টা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ দাবী কৰিছে ইৰানে। পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তৰে সংলগ্ন ইৰানৰ সীমাত দীৰ্ঘদিনে সংঘটিত হৈ আহিছে সন্ত্ৰাসবাদীৰ কূটাঘাত। এইক্ষেত্ৰত পাকিস্তানত ঘাটি থকা জঈছ–অল–অদল নামৰ ছুন্নী সন্ত্ৰাসবাদী সংগঠনটোৱে বহুবাৰ আক্ৰমণ সংঘটিত কৰি আহিছে ইৰানত। যাৰ বাবে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত পাকিস্তানৰ বেলুচিস্তানত থকা জঈছ–অল–অদলৰ ঘাটিত এয়াৰষ্ট্রাইক কৰিছিল ইৰানৰ বায়ুসেনাই। যাৰ ফলত চূড়ান্তভাৱে বিঘ্নিত হৈছিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক।  

দৰাচলতে ইৰান হৈছে এক ছিয়া সম্প্ৰদায় বহুল ৰাষ্ট্র। যাৰ বাবে পাকিস্তানত থকা ছুন্নী সন্ত্ৰাসবাদী সংগঠনসমূহে প্ৰায়েই কূটাঘাত সংঘটিত কৰি আহিছে ইৰানত। শেহতীয়াকৈ এনেদৰে ইৰানৰ দুখনকৈ চহৰত আক্ৰমণ চলাই ২৭জন লোকৰ প্ৰাণ কাঢ়িলে সন্ত্ৰাস সংগঠনটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক